ঘোঁৰাৰ জৰিয়তে মানসিক স্বাস্থ্য উন্নত কৰাৰ অভিনৱ প্ৰয়াস নিমৰাহ মিৰ্জাৰ

Story by  atv | Posted by  [email protected] • 2 h ago
নিমৰাহ মিৰ্জা
নিমৰাহ মিৰ্জা
 
ৰত্না জি ছ'টৰাণী/হাইদৰাবাদ
 
আজিৰ যান্ত্রিকতা আৰু ব্যস্ততাপূৰ্ণ পৃথিৱীখনত প্ৰায় সকলোৱে মানসিক স্বাস্থ্যৰ যত্নৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। এনে সময়ত আমাৰ মাজত এনে কিছুমান অসাধাৰণ আৰু ফলপ্ৰসূ পদ্ধতিৰ উন্মেষ ঘটিছে। যিবোৰৰ ভিতৰত অন্যতম এটি পদ্ধতি হ'ল 'ইকুইন এচিষ্টেড থেৰাপী' (EAT)। নিমৰা মিৰ্জা নামৰ এগৰাকী অশ্বাৰোহী যুৱতীয়ে হাইদৰাবাদ ভিত্তিক 'ট্ৰট এণ্ড টক' নামৰ এক সংস্থা আৰম্ভ কৰিছে। এই সংস্থাটোৱে প্ৰতিযোগিতাৰ ঘোঁৰাসমূহক প্ৰতিবন্ধী বা মানসিক স্বাস্থ্যজনিত সমস্যাত ভোগা শিশু আৰু যুৱক-যুৱতীসকলক চিকিৎসা প্ৰদান কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
 
এই সংস্থাটোৱে হাজাৰ হাজাৰ অৱসৰপ্ৰাপ্ত প্ৰতিযোগিতাৰ ঘোঁৰাক ঘৰ প্ৰদান কৰাৰ লগতে পেছাদাৰী সহায় বিচৰা, অৰ্থ আৰু পুঁজি নথকা লোকসকলৰ জীৱন উন্নত কৰে।
 
যদি আপুনি 'ইকুইন এচিষ্টেড থেৰাপী'ৰ বিষয়ে পূৰ্বে কেতিয়াও শুনা নাই, তেন্তে এনে ব্যক্তি আপুনি অকলে নহয়। সংক্ষেপে ক'বলৈ হ'লে, ই হৈছে এক অভিজ্ঞতা ভিত্তিক চিকিৎসাৰ এক ৰূপ। য'ত এটি ঘোঁৰা আৰু এজন ক্লিনিকেলভাৱে প্ৰশিক্ষিত মনোবিজ্ঞানীয়ে একেলগে কাম কৰি এগৰাকী ৰোগীৰ বাবে মানসিক চিকিৎসাৰ সুবিধাসমূহ উদ্দীপিত কৰে।
 
নিমৰাহ মিৰ্জাৰ পিতৃ আদিল মিৰ্জা এগৰাকী উদ্যোগী, প'ল' খেলুৱৈ তথা ঘোঁৰাৰ স্বত্বাধিকাৰী। 'ট্ৰত এণ্ড টকৰ' প্ৰতিস্থাপক নিমৰাহ মিৰ্জাই কয়; "মোৰ জন্ম ঘোঁৰাৰ পিঠিতে হোৱা বুলি ক'ব পাৰি আৰু ঘোঁৰাৰ সৈতে মই ডাঙৰ দীঘল হৈছোঁ। মোৰ পিতৃ এজন প'ল' খেলুৱৈ আছিল আৰু আমাৰ ঘৰত ঘোঁৰা আছিল। মোৰ পিতৃয়ে কেৱল ঘোঁৰা চলোৱাই নাছিল,  তেওঁ ঘোঁৰাৰ গৰাকীও আছিল। ঘোঁৰাৰ লগত খেলা মোৰ বাবে অতি সাধাৰণ কথা আছিল।"
 
সৰুৰে পৰা ঘোঁৰাৰ লগত খেলিয়ে ডাঙৰ দীঘল হৈছিল নিমৰাহ। নিমৰাহৰ  হৃদয় এতিয়াও ঘোঁৰাৰ দৰে বেগেৰে স্পন্দন কৰে। তেওঁ তেওঁৰ এই জীৱন-পৰিৱৰ্তনকাৰী অভিজ্ঞতা সমগ্ৰ বিশ্বৰ আগত প্ৰকাশ কৰিব বিচাৰে। তেওঁ কেৱল শিশু আৰু বৃদ্ধলোকৰ মানসিক স্বাস্থ্যৰ বাবে চিকিৎসা প্ৰদান কৰাই নহয়, কণ কণ শিশু আৰু মহিলাসকলৰ মাজত ঘোঁৰাৰ প্ৰতি প্ৰেম জগাই তোলে, যিসকলে তেওঁক দেখি অনুপ্ৰাণিত হয়।
 
ঘোঁৰাৰ সৈতে নিমৰাহ 
 
নিমৰাহে কয় যে, মই ঘোঁৰা বহুত ভাল পায়। সৰুৰে পৰা মই ঘোঁৰাৰ সৈতে জড়িত হৈ আছো, কিয়নো তেওঁলোক মোৰ জীৱনৰ এটা অংশ। কাৰণ মই ৰাইডিং ক্লাৱত ঘোঁৰাত উঠি যাও। সেয়েহে মোৰ ঘোঁৰাৰ প্ৰতি অগাধ প্ৰেম আৰু আবেগ আছে।
 
মনোবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী, কাউন্সেলিংৰ প্ৰমাণপত্ৰ আৰু ইএফটি (ইম'চনেল ফ্ৰীডম টেকনিক) ৰ আন্তৰ্জাতিক প্ৰমাণপত্ৰ প্ৰাপ্ত অনুশীলনকাৰী নিমৰাহ মিৰ্জাই ইকুইন এছিষ্টেড লাৰ্ণিং (ইএএল) ৰ প্ৰমাণপত্ৰও লাভ কৰিছে। ইয়াৰ চিকিৎসা আৰু বিকাশমূলক পদ্ধতিয়ে ঘোঁৰাৰ সহায়ত মানুহৰ আৰোগ্যত সহায় কৰে।
 
নিমৰাহে কয় যে তেওঁ মানুহক কেনেকৈ সুস্থ কৰি তুলিব পাৰে আৰু ইয়াৰ পৰা কেনেকৈ বিকাশ লাভ কৰিব পাৰে সেই বিষয়ে গৱেষণা কৰিবলৈ আগ্ৰহী আছিল। কিয়নো তেওঁ নিজেও অলপ দুশ্চিন্তাত ভুগিছিল; তেতিয়া ঘোঁৰাবোৰে তেওঁক সান্ত্বনা আৰু শান্তি প্ৰদান কৰিছিল।
 
ঘোঁৰা আৰু মানুহৰ মাজত এক বিশেষ বন্ধন আছে বুলি নিমৰাহে উল্লেখ কৰিছে। এয়া বিশ্বাসৰ ওপৰত আধাৰিত এক জটিল সম্পৰ্ক। যেতিয়া আপুনি অশ্বচালনা কৰে, তেতিয়া আপুনি বিশ্বাস কৰা আৰু সন্মান কৰাৰ দৰেই তেওঁলোকেও আপোনাক বিশ্বাস আৰু সন্মান কৰে। তেওঁ লগতে কয়, "এই অভিজ্ঞতাই আপোনাক এনেদৰে প্ৰভাৱিত কৰে, যাতে আপোনাৰ চিন্তাশীল মনটো উদ্বিগ্নতা আৰু আঘাতৰ পৰা মুক্ত হয়, য'ত আপুনি মনোনিবেশ কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে আপুনি এই মুহূৰ্তটোত প্ৰভাৱিত হ'বলৈ বাধ্য হয় আৰু এই কঠিন অনুভূতিৰ পৰা পৃথক হ'লে আপুনি শান্ত হ'ব পাৰে।"
 
পিতৃৰ সৈতে নিমৰাহ মিৰ্জা
 
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত হাস্পতাল আৰু কাউন্সেলিং চেন্টাৰত কাম কৰি তেওঁ এক মূল্যৱান অভিজ্ঞতা লাভ কৰিছিল। ঘোঁৰাবোৰৰ সৈতে তেওঁ এক গভীৰ, অধিক স্বাভাৱিক উপায়ৰ সন্ধান লাভ কৰিছিল। মনোবিজ্ঞান আৰু আশ্বাৰোহী কাৰ্যকলাপৰ এই সংমিশ্ৰণে তেওঁক "ট্ৰট এণ্ড টক" সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ঘোঁৰাবোৰে মানুহৰ মানসিক, আৱেগিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত কেনেদৰে ইতিবাচক প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে সজাগতা বিস্তাৰ কৰিবলৈ এক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে ঘোঁৰাবোৰ হ'ল এনে সহযোগী যি মানুহৰ সৈতে শিক্ষা, আৰোগ্য আৰু সংযোগ স্থাপন কৰে।
 
ঘোঁৰাই কেনেকৈ মানুহক সহায় কৰিব পাৰে, সেই বিষয়ে সজাগতা সৃষ্টিৰ বাবে নিমৰাহে কৰ্মশালা অনুষ্ঠিত কৰিছে। এই কৰ্মশালাবোৰ আনন্দময়ী আৰু মত-বিনিময়-ভিত্তিক আছিল। তেওঁ মানসিক চাপ, উদ্বেগ, বা জীৱনৰ পৰিৱৰ্তনৰ দ্বাৰা চাপত থকা প্ৰাপ্তবয়স্কসকলৰ হকে কাম কৰে। সুৰক্ষিত স্থানৰ প্ৰয়োজন হোৱা শিশু, শাৰীৰিক প্ৰত্যাহ্বান থকা ব্যক্তি আৰু গোট তথা সম্প্ৰদায়ৰ বাবেও তেওঁ কাম কৰি আহিছে।
 
তেওঁৰ থেৰাপীয়ে কেনেদৰে কাম কৰে?
 
ঘোঁৰাক মৰম কৰা, খোৱা-বোৱা, ঘোঁৰাক ফুৰাবলৈ বা আৰোহণৰ বাবে নিয়া। এইবোৰৰ দ্বাৰা অংশগ্ৰহণকাৰীসকলে আত্ম-সচেতনতা লাভ কৰে। হায়দৰাবাদত এই শিক্ষা (ইকুইন এচিষ্টেড লাৰ্নিং থেৰাপী) লোৱা প্ৰথমগৰাকী শিক্ষাৰ্থী নিমৰাহে এতিয়া নিয়মীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে।
 
ঘোঁৰা উঠি থকা মুহূৰ্তত নিমৰাহ
 
ঘোঁৰাবোৰে মানুহৰ শৰীৰৰ ভাষা, কণ্ঠস্বৰ আৰু আৱেগিক অৱস্থা আদিৰ দৰে পৰিৱেশৰ সূক্ষ্ম পৰিৱৰ্তনবোৰক ভালদৰে অনুধাৱন কৰে। এই সংবেদনশীলতাই তেওঁলোকক ঘোঁৰা সহায়ক চিকিৎসাৰ বাবে আদৰ্শ হিচাপে গঢ়ি তোলে। যিয়ে ৰোগীসকলক আৱেগিকভাৱে অধিক সচেতন আৰু স্থিৰ হ'বলৈ সহায় কৰে।
 
আজি, নিমৰাহে মানসিক স্বাস্থ্যৰ সমস্যাত ভোগা প্ৰাপ্তবয়স্ক লোকৰ লগতে গুৰুতৰভাৱে স্নায়ু-বিভক্ত শিশুসকলৰ উপৰিও, ২ৰ পৰা ৭০ বছৰ বয়সৰ ভিতৰৰ সকলোকে মানসিক স্বাস্থ্যৰ উন্নতি সাধনত সহায় কৰে। তেওঁ কয়, "ঘোঁৰাবোৰক ভয় কৰা আৰু চকুৰে  চাব নোৱাৰা শিশুবোৰও অৱশেষত ঘোঁৰাবোৰক ঘন্টাৰ পিছত ঘন্টা ধৰি আলিঙ্গন কৰে।"
 
নিমৰাহে কয় যে, তেওঁ লক্ষ্য কৰিছে যে শিশুসকল কেনেদৰে অধিক প্ৰকাশভংগী আৰু আত্মবিশ্বাসী হৈছে। ঘোঁৰাৰ থেৰাপী ঘোঁৰাবোৰৰ লগত থকাৰ দৰে নহয়। নিমৰাহৰ মতে, ইয়াত দুই প্ৰকাৰৰ চিকিৎসা আছে: ঘোঁৰাৰ ওপৰত আৰোহন কৰা আৰু ঘোঁৰাৰ সহায়ত চিকিৎসা কৰা। ঘোঁৰা এটাৰ প্ৰতিটো কাৰ্য্যৰ এটা গতি থাকে, সেয়া হ'ল দৌৰা, খোজ কঢ়া। সেই পূৰ্বানুমানযোগ্য গতিয়ে শান্ত আৰু চিকিৎসা সম্ভৱ কৰি তোলে। ৰোগীৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰিহে নিজৰ নিজৰ সীমা অনুযায়ী ঘোঁৰা বাচনি কৰা হয়।
 
এই চিকিৎসা কাৰ্যকৰী হয়নে বুলি সোধাত তেওঁ কয়,  "যদি আপোনাৰ সন্তানক চিকিৎসাৰ প্ৰয়োজন হয় আৰু আপুনি চাৰিখন বগা দেৱালৰ ভিতৰৰ পৰিৱেশত থকা মানসিক চিকিৎসক এজনক দেখুৱাই। মই ভাবো ইয়াৰ বিপৰীতে আপুনি ঘোঁৰা থকা সুন্দৰ অশ্বচালনা কেন্দ্ৰবোৰ বেছি লোৱাটো উপযোগী হব।  কাৰন আমি বিশ্বাস কৰো যে, এই চিকিৎসা পৰম্পৰাগত পদ্ধতিতকৈ ১০ গুণ বেছি উন্নত।"