মুছলমান হোৱা স্বত্তেও জোহৰান মমদানীক আমেৰিকানবাসীয়ে কিয় মেয়ৰ হিচাপে নিৰ্বাচিত কৰিলে

Story by  atv | Posted by  Munni Begum • 13 h ago
 জোহৰান মমদানী
জোহৰান মমদানী
 
  নুৰুল আমিন কাছিমী 
 
জোহৰান মমদানী এজন ভাৰতীয়-মূলৰ (উগাণ্ডাত জন্ম, ভাৰতীয় পৰিয়ালৰ সন্তান) আমেৰিকান ৰাজনীতিবিদ। তেওঁ নিউ'য়ৰ্কৰ কুইনছ এলেকাৰ পৰা গণতান্ত্ৰিক সমাজবাদী (Democratic Socialist) হিচাপে ৰাজনীতিত প্ৰৱেশ কৰে। প্ৰথমে তেওঁ New York State Assembly Member (ৰাজ্যিক বিধায়ক) হিচাপে জনপ্ৰিয়তা লাভ কৰে — য’ত তেওঁ দৰিদ্ৰ জনগোষ্ঠী, পৰিয়াল আৰু শিক্ষাৰ অধিকাৰক লৈ প্ৰচাৰ কৰিছিল। 
 
২০২৫ চনৰ আৰম্ভণিতে তেওঁ ঘোষণা কৰে যে তেওঁ New York City Mayor পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁৰ প্ৰচাৰৰ মূল শ্লোগান আছিল — “A City for the Many, Not the Few”-- “সকলোৰে বাবে এখন চহৰ, কেইজনমানৰ বাবে নহয়”
 
জোহৰান মমদানী
 
এই শ্লোগানে জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰে। লাহে লাহে তেওঁ জনসাধাৰণৰ হিয়াৰ আমঠু হৈ পৰে। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো লোকে তেওঁক সমৰ্থন আগবঢ়ায়। তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ তিনিটা মুখ্য দিশ আছিল
 
১। বাসস্থান (Housing) – ভাড়াৰ বৃদ্ধি নিয়ন্ত্ৰণ আৰু নিঃশুল্ক আশ্ৰয় পৰিকল্পনা।
 
২। পৰিবহন (Transit) – নিউয়'ৰ্কৰ পাবলিক বাছ বিনামূলীয়াকৈ প্ৰদান কৰা।
 
৩। সামাজিক ন্যায় (Social Justice) – অভিবাসী, মুছলিম, আফ্ৰিকান, আৰু নিম্ন মধ্যবিত্ত জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰা।
 
এইসমূহ জনমুখী নীতিৰ বাবে আমেৰিকাৰ শিক্ষিত নৱপ্ৰজন্মই মমদানীক মেয়ৰ হিচাপে নিৰ্বাচিত কৰিলে আৰু তেওঁ এজন ভাৰতীয় মূলৰ প্ৰথম মুছলমান যুৱ মেয়ৰ হিচাপে ইতিহাস ৰচনা কৰিলে। যি এতিয়া বিশ্বজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। 
 
মমদানীৰ এই বিজয়ে প্ৰমাণ কৰে যে, সংখ্যালঘু অথবা সীমিত সুবিধা লাভ কৰা জনগোষ্ঠীও আমেৰিকাৰ দৰে বৃহৎ শক্তিশালী দেশত সংগঠন বা সামাজিক কাম-কাজত অংশগ্ৰহণ কৰি ইচ্যু কেন্দ্রীক প্রচাৰৰ জৰিয়তে ৰাজনৈতিক সফলতা আনিব পাৰে। ই আমেৰিকাৰ দৰে শক্তিশালী দেশৰ গণতান্ত্ৰিক প্ৰমূল্যৰ বিষয়টোও স্পষ্ট কৰে। 
 
জোহৰাণ মামদানীৰ পিতৃ মাহমুদ মামদানী আৰু মাতৃ মীৰা নায়াৰ
 
বিশেষকৈ মমদানী আছিল যুৱ ভোটাৰ, যি আমেৰিকাৰ Empire City নিউয়ৰ্ক-ত সংখ্যালঘু আৰু বহুসাংস্কৃতিক সমুদায়ক একত্ৰিত কৰি ভোটত অংশগ্ৰহণ নিশ্চিত কৰিছিল। এই ঘটনাই আমাৰ বাবে অৰ্থাৎ ভাৰতীয়সকলক স্পষ্ট শিক্ষা দিয়ে যে, কোনো ব্যক্তিগত বা ধৰ্মীয় পৰিচয়ক লৈ সামাজিক বা ৰাজনৈতিক সীমাবদ্ধতা চিন্তনীয় নহয়, দেশৰ চৰ্চিত ইচ্যুত অংশ গ্ৰহণ আৰু সামাজিক দায়বদ্ধতাৰদ্বাৰা সমাজৰ পৰিৱর্তন সম্ভৱ।
 
এই বিজয়ৰ পটভূমিত, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ কিছুমান বিতর্কিত, মুছলিম বিৰোধী বক্তব্য স্মৰণযোগ্য। এটা সময়ত তেওঁ ঘোষণা কৰিছিল, “We have to think about a Muslim registry,” যি বক্তব্যই সংবিধান, ধৰ্মনিৰপেক্ষতা আৰু ব্যক্তিগত স্বাধীনতাৰ ক্ষেত্রত বিৰোধ সৃষ্টি কৰিছিল। ২০১৭ চনত তেওঁ নিৰ্বাহী আদেশ জাৰি কৰি একাংশ মুছলিম সংখ্যাগৰিষ্ঠ দেশৰ পৰা আমেৰিকাত প্ৰৱেশ নিষিদ্ধ কৰিছিল, যাক "Muslim Ban" বুলি জনা যায়। 
 
তাৰোপৰি, তেওঁ কয়, “Islam hates us,” যি মন্তব্যই মুছলিম সমাজত উদ্বেগ আৰু বিভাজনৰ জন্ম দিছিল। তেখেতৰ এইবোৰ বক্তব্যই মানুহৰ মন-মগজুত ভৱাই তুলিছিল যে, নেতৃবৃন্দৰ ভাষা আৰু নীতিয়ে সমাজত দীঘলীয়া প্ৰভাৱ পেলায় যদিও বৈষম্যমূলক বা হিংসাত্মক ভাষা ব‍্যৱহাৰে সমাজ বিভক্তত অৰিহনা যোগায়।
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে জোহৰান মমদানী
 
মামদানীৰ বৃহৎ সাফল্যই কয় যে, যুক্তৰাষ্ট্রৰ জনগণে সক্রিয় অংশগ্ৰহণ আৰু বাস্তৱিক ইচ্যুত মনোযোগ দিয়া লোকক স্বীকৃতি প্ৰদান কৰে। ধর্ম বা জাতি বিচ্ছিন্নতা থাকিলেও, ভোটৰ সক্ৰিয়তা, সংগঠন আৰু সামাজিক সমন্বয়ৰ মাধ্যমত গণতান্ত্রিক প্ৰক্ৰিয়াত গুৰুত্বপূর্ণ প্ৰভাৱ পেলাব পাৰি। এই পৰিস্থিতি ভাৰতৰ জনসাধাৰণৰ বাবে বিশেষ শিক্ষা বহন কৰে। ভাৰতৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘু যুৱক–যুৱতী আৰু অন্যান্য বহু সাংস্কৃতিক গোষ্ঠীয়ে যদি সামাজিক আৰু অৰ্থনৈতিক ইচ্যু উত্থাপন কৰে, যেনেঃ শিক্ষা, বাসস্থান, চাকৰী, তেন্তে তেওঁলোকে বৃহৎ ৰাজনৈতিক আৰু সামাজিক শক্তি হিচাপে আত্মপ্রকাশ কৰিব পাৰে।
 
এই পৰিস্থিতিয়ে আমাক মনত পেলাই দিয়ে, নেতৃত্ব, ভাষা আৰু শুদ্ধ আচৰণে যিকোনো সমাজ ব্যৱস্থাত দীঘলীয়া প্ৰভাৱ পেলায় এয়া কিন্তু খাটাং। নেতৃবৃন্দই যদি বিভাজনমূলক ভাষা ব্যৱহাৰ কৰে, সেয়া সামাজিক ভ্ৰাতৃত্ব, শান্তি অথবা জনজীৱনত বিঘ্নিত ঘটে। সেয়েহে, ৰাজনৈতিক বা সামাজিক অংশগ্ৰহণত সচেতনতা, তথ্যভিত্তিক যুক্তি আৰু নৈতিক নেতৃত্ব মনোনিবেশ কৰাটো অতি আৱশ্যক। ভোটত বিজয়ী হোৱা বা প্ৰতিনিধিত্ব লাভ কৰাটোৱেই যথেষ্ট নহয়; দায়িত্ব, স্বচ্ছতা আৰু জনগনৰ আস্থা নিৰাপত্তা নিশ্চিত কৰাটোৱেও গুৰুত্বপূৰ্ণ।