বাংলাদেশত পুনৰ সংখ্যালঘু যুৱকক হত্যা

Story by  atv | Posted by  [email protected] • 1 Months ago
বাংলাদেশত পুনৰ সংখ্যালঘু যুৱকক হত্যা
বাংলাদেশত পুনৰ সংখ্যালঘু যুৱকক হত্যা
 
নতুন দিল্লী
 
চুবুৰীয়া দেশ বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ ওপৰত আক্ৰমণ। সোমবাৰে নিশা দেশখনৰ নাৰ্চিংডি জিলাৰ চৰচিন্দুৰ বজাৰত গেলামালৰ ব্যৱসায়ী মণি চক্ৰৱৰ্তীক হত্যা কৰা হয়। বাংলাদেশত বিগত ১৮ দিনৰ ভিতৰত এয়া ষষ্ঠটো হিন্দুৰ হত্যাকাণ্ড।
 
স্থানীয় সূত্ৰই সদৰী কৰা অনুসৰি, মণি চক্ৰৱৰ্তীক পলাশ উপাজিলাৰ দোকানত বহি থকা অৱস্থাত অচিনাকি দুৰ্বৃত্তই আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হোৱাত স্থানীয় ৰাইজে তেওঁক চিকিৎসালয়লৈ লৈ যায়। পিছে চিকিৎসালয়তে মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া মণি চক্ৰৱৰ্তীয়ে।
 
উল্লেখযোগ্য যে, বাংলাদেশৰ শিবপুৰ মহকুমাৰ বাসিন্দা আছিল মণি চক্ৰৱৰ্তী। চৰচিন্দুৰ বজাৰৰ ব্যৱসায়ীসকলে মণিক অতি শান্ত ব্যক্তি বুলি অভিহিত কৰে স্থানীয় ৰাইজে। বজাৰত এনেদৰে তেওঁৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ ঘটনাই সংখ্যালঘুৰ মাজত শংকাৰ সৃষ্টি কৰিছে।
 
ইফালে, বহু ব্যৱসায়ীয়ে মন্তব্য কৰে যে, তেওঁলোকে এতিয়া বৰ ভয় খাইছে আৰু দৈনন্দিন কাম-কাজ চলাই থকাৰ সময়তো নিজকে অসুৰক্ষিত অনুভৱ কৰিছে। দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে দেশখনৰ হিন্দুসকলে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে সোমবাৰে সন্ধিয়া যশোৰ জিলাত ৰাজহুৱা স্থানত আন এজন হিন্দু লোকক গুলীয়াই হত্যা কৰা হৈছিল। প্ৰায় ৫:৪৫ বজাত সংঘটিত হৈছিল এই ঘটনা।