কাৰিকৰী সমস্যাক লৈ পুনৰ চন্দ্ৰ অভিযানত বিলম্ব নাছাৰ

Story by  atv | Posted by  [email protected] • 4 h ago
কাৰিকৰী সমস্যাক লৈ পুনৰ চন্দ্ৰ অভিযানত বিলম্ব নাছাৰ
কাৰিকৰী সমস্যাক লৈ পুনৰ চন্দ্ৰ অভিযানত বিলম্ব নাছাৰ
 
নতুন দিল্লী
 
মহাকাশচাৰীক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনাত আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছে নাছা। শনিবাৰে ৰকেটটোৰ সৈতে জড়িত নতুন সমস্যাৰ কথা পোহৰলৈ অহাৰ পিছত নাছাই পুনৰ বহু প্ৰত্যাশিত উৎক্ষেপণ কাৰ্যসূচী স্থগিত ৰাখিছে।
 
এতিয়া ARTEMIS II ৰ চাৰিজন মহাকাশচাৰীৰ চন্দ্ৰলৈ ঘূৰি যোৱাৰ সম্ভাৱ্য় সময় হ’ব পাৰে চলিত বছৰৰ এপ্ৰিল মাহ। ৬ মাৰ্চত ARTEMIS II ৰ উৎক্ষেপণৰ পূৰ্বে নাছাই এই সমস্যাৰ কথা প্ৰকাশ কৰে। ই আছিল ডেৰ শতিকাৰো অধিক সময়ৰ পিছত চন্দ্ৰলৈ মানৱ জাতিৰ প্ৰথমটো অভিযান।
 
বিষয়াসকলে জনোৱা মতে, ৰকেটৰ ওপৰৰ অংশত হিলিয়ামৰ যোগান নিশাটোৰ ভিতৰতে ব্যাহত হৈ পৰে। ইঞ্জিনসমূহ পাৰ্জিং আৰু ইন্ধনৰ টেংকত চাপ দিয়াৰ বাবে কঠিন হিলিয়ামৰ প্ৰবাহ অতি প্ৰয়োজনীয়। হাইড্ৰজেন ইন্ধন লিক হোৱাৰ সৈতে হিলিয়ামৰ এই সমস্যাৰ কোনো সম্পৰ্ক নাই। যিয়ে চলিত মাহৰ আৰম্ভণিতে মহাকাশ উৎক্ষেপণ ব্যৱস্থাৰ ৰকেটৰ আখৰা পৰীক্ষাত ব্যাঘাত জন্মাইছিল আৰু পুনৰ পৰীক্ষা কৰিবলৈ বাধ্য হৈছিল নাছা।
নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে কয় যে ফিল্টাৰ, ভাল্ভ বা সংযোগ প্লেটৰ বিসংগতিৰ বাবে হিলিয়ামৰ প্ৰবাহত ব্যাঘাত জন্মিব পাৰে। তেওঁ লগতে কয়, ‘‘কাৰণ যিয়েই নহওক কিয়, সেই পৰ্যায়ত প্ৰৱেশ কৰি সমস্যাটো সমাধানৰ একমাত্ৰ উপায় হ’ল ৩২২ ফুট(৯৮ মিটাৰ) দৈৰ্ঘৰ ৰকেটটো মেৰামতিৰ বাবে হেংগাৰলৈ ঘূৰাই অনা।’’
 
এক্সৰ জৰিয়তে আইজাকমেনে কয়, ‘‘আমি উৎক্ষেপণৰ তাৰিখ পিছুৱাই নিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিম আৰু ইয়াৰ ফলত মাৰ্চ মাহত উৎক্ষেপণৰ সম্ভাৱনা কম হ’ব। মই বুজি পাওঁ যে মানুহ হতাশ হৈছে। এই হতাশা আটাইতকৈ বেছি অনুভৱ কৰিছে নাছাৰ দলটোৱে, যিয়ে এই কীৰ্তিচিহ্নস্বৰূপ প্ৰচেষ্টাৰ বাবে প্ৰস্তুতি চলাবলৈ অক্লান্তভাৱে কাম কৰি আহিছে।’’
 
ইয়াৰ পূৰ্বে নাছাই কয় যে তেওঁলোকে ৰকেটটো কেনেডি স্পেচ চেণ্টাৰৰ ভেহিকেল এছেম্বলী বিল্ডিঙলৈ ঘূৰাই নিয়াৰ প্ৰস্তুতি চলাইছে আৰু পেডত কাম কৰাৰ সম্ভাৱনাও প্ৰকাশ পাইছে। মুখপাত্ৰ শ্বেৰিল ৱাৰ্ণাৰে কয় যে পৰিস্থিতি ঘনে ঘনে সলনি হৈ আছে। মেৰামতি পেডত হওক বা হেংগাৰত হওক, ৰকেটটো মাৰ্চ মাহত উৎক্ষেপণৰ সম্ভাৱনা কম বুলিও কয় ৱাৰ্ণাৰে।