আমেৰিকা-ইৰানৰ মাজত ১৪ দিনৰ দুসপ্তাহৰ বাবে যুদ্ধবিৰতি ঘোষণা

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী

অৱশেষত ইৰানৰ বিৰুদ্ধে দুসপ্তাহৰ বাবে যুদ্ধবিৰতিত আমেৰিকাই সন্মতি প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পশ্চিম এছিয়াৰ ৰাষ্ট্ৰখনৰ পৰা সভ্যতা নিঃশেষ কৰাৰ সময়সীমা বান্ধি দিছিল। অৱশ্যে এই সময়সীমা অন্ত হোৱাৰ ৯০ মিনিট পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে এই ঘোষণা কৰে।
 
দুয়োখন ৰাষ্ট্ৰৰ মাজত যুদ্ধবিৰতিৰ বাবে মধ্যস্থতা কৰে পাকিস্তানে। পাকিস্তানে ইৰাণৰ সৈতে দুসপ্তাহৰ বাবে যুদ্ধবিৰতিৰ বাবে আমেৰিকাক প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱৰ প্ৰতি সন্মতি জনাই ৰাষ্ট্ৰপতি ট্ৰাম্পে মঙলবাৰে সন্ধিয়া (আমেৰিকাৰ সময় অনুসৰি) ট্ৰুথ ছ’চিয়েলত নাটকীয়ভাৱে এই ঘোষণা কৰে।
 
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰানৰ সভ্যতাক নিঃশেষ কৰিব বুলি সকীয়াই সময়সীমা বান্ধি দিয়াৰ পিচত ডেম’ক্ৰেটসকলে তেওঁক অপসাৰণ কৰাৰ বাবে আহ্বান জনাইছিল। ডেম’ক্ৰেটসকলৰ এই আহ্বানৰ পিচতেই যুদ্ধবিৰতিৰ বিষয়টোৱে নাটকীয় ৰূপ লয়। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ছ’চিয়েল মিডিয়া পোষ্টত কয়,"পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু ফিল্ড মাৰ্শ্বেল অছিম মুনিৰৰ সৈতে হোৱা কথোপকথনৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁলোকে কৰা অনুৰোধৰ বাবে আজি নিশা ইৰাণলৈ প্ৰেৰণ কৰা ধ্বংসাত্মক শক্তিক মই বন্ধ কৰি দিওঁ। ইৰান ইছলামিক ৰিপাব্লিকে হৰমুজ প্ৰণালী সম্পূৰ্ণ, তাৎক্ষণিকভাৱে আৰু নিৰাপদ মুকলি কৰিবলৈ সন্মতি দিয়াৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।" ইৰানত বোমা বিস্ফোৰণ আৰু আক্ৰমণ দুসপ্তাহৰ বাবে স্থগিত ৰাখিবলৈ সন্মত হোৱা বুলি উল্লেখ কৰি ট্ৰাম্পে কয়, "এয়া দুয়োপক্ষৰ যুদ্ধবিৰতি হ’ব।"
 
ইপিনে, তেহৰানত ইৰানৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদেও দুসপ্তাহৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ মানি লৈছে। অহা শুকুৰবাৰৰ পৰা ইছলামবাদত আমেৰিকাৰ সৈতে আলোচনা কৰিব। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফে অহা ১০ এপ্ৰিলত ইছলামবাদত আমেৰিকা আৰু ইৰানৰ প্ৰতিনিধি দলসমূহক সকলো বিবাদ নিষ্পত্তিৰ বাবে আমন্ত্ৰণ জনাইছে। নিৰ্ণায়ক চুক্তিৰ কাৰণে অধিক আলোচনাৰ কাৰণে আমন্ত্ৰণ জনাইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
 
ইপিনে,পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে দুয়ো পক্ষক আমন্ত্ৰণ জনালেও এই প্ৰসংগত হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লিভিটে কয় যে ব্যক্তিগত আলোচনাৰ বিষয়ে আলোচনা চলি আছে; কিন্তু ৰাষ্ট্ৰপতি বা হোৱাইট হাউছে ঘোষণা নকৰালৈকে একোৱেই চূড়ান্ত নহয় ।
 
ছ’চিয়েল মিডিয়া পোষ্টটোত ট্ৰাম্পে কয়, "আমেৰিকাই ইৰানৰ পৰা ১০ দফীয়া প্ৰস্তাৱ লাভ কৰিছে ।" তেওঁৰ মতে এয়া আলোচনাৰ এক কাৰ্যকৰী ভিত্তি। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে দুসপ্তাহৰ যুদ্ধবিৰতিৰ সময়ছোৱাত যুদ্ধৰ সম্ভাৱনাময় অন্ত পেলাবলৈ বৃহত্তৰ চুক্তিৰ আলোচনা কৰা হ’ব।
 
ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, "এনে কৰাৰ কাৰণ হ’ল আমি ইতিমধ্যে সকলো সামৰিক লক্ষ্য পূৰণ আৰু অতিক্ৰম কৰিছো। ইৰানৰ সৈতে দীৰ্ঘম্যাদী শান্তি আৰু মধ্যপ্ৰাচ্যত শান্তি সম্পৰ্কে এক নিৰ্দিষ্ট চুক্তিৰ বাবে বহু যোজন দূৰত আছো। ইৰানৰ পৰা আমি ১০ দফীয়া প্ৰস্তাৱ পাইছো আৰু বিশ্বাস কৰো যে ই এক কাৰ্যকৰী ভিত্তি যাৰ ওপৰত আলোচনা কৰিব পাৰি।’
 
ট্ৰাম্পে নিজৰ ট্ৰুথ ছ’চিয়েল একাউণ্টত ইৰানৰ বৈদেশিক মন্ত্ৰী চৈয়দ আব্বাছ আৰাঘচিৰ আমেৰিকাৰ সৈতে যুদ্ধবিৰতি চুক্তি নিশ্চিত কৰা বক্তব্যও শ্বেয়াৰ কৰে। ইৰানৰ বৈদেশিক মন্ত্ৰীয়ে বিবৃতিটোত কয়, “যদি ইৰানৰ বিৰুদ্ধে আক্ৰমণ বন্ধ কৰা হয়, তেন্তে আমাৰ শক্তিশালী সশস্ত্ৰ বাহিনীয়ে নিজৰ প্ৰতিৰক্ষামূলক অভিযান বন্ধ কৰিব।”