অন্ত নপৰে যুদ্ধৰ; আলোচনাৰ মাজতে আক্ৰমণ-প্ৰত্যাক্ৰমণ

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বিভীষিকা এতিয়াও অব্যাহত আছে। আমেৰিকা-ইৰানৰ মাজত শান্তি চুক্তিৰ বাবে কেইবাখনো দেশৰ মধ্যস্থতাত কাম আৰম্ভ হৈছে যদিও ইয়াৰ পৰা সুফল ওলোৱাৰ আশা ক্ষীণ। কিয়নো শান্তি চুক্তিৰ বাবে পৰ্যায়ক্ৰমে কাম চলি থকাৰ মাজতে ৬ এপ্ৰিল, ২০২৬ ৰ নিশাৰে পৰা দুয়োখন দেশে এখনে আনখনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে।
 
যোৱা সোমবাৰে নিশা ইৰানী সেনাৰ আক্ৰমণত আহত হৈছে আমেৰিকাৰ ১৫ গৰাকীকৈ জোৱান। ইৰানে চলোৱা এই ড্ৰোণ আক্ৰমণৰ পাছতে ইজৰাইলে ইৰাণৰ ওপৰত মঙলবাৰে পুৱতি নিশা আক্ৰমণ চলায়। লেবানন চহৰত ইজৰাইলৰ এই আক্ৰমণত নিহত হৈছে ৪ গৰাকীকৈ লোক। লগতে ক্ষয়-ক্ষতি হৈছে বহু যান-বাহন।
 
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, যোৱা দেওবাৰে ট্ৰাম্পে ইৰানক শেষ সকিয়নী প্ৰদান কৰিছিল। ইৰানক সকিয়নী প্ৰদান কৰি ট্ৰাম্পে কৈছিল যে, মঙলবাৰৰ ভিতৰত যদি হৰমুজ মুকলি কৰি দিয়া নহয়, তেন্তে নৰকত যাবলৈ সাজু হওঁক ইৰান। ট্ৰাম্পৰ এই সকিয়নীক প্ৰত্যুত্তৰ দি ইৰাণে ট্ৰাম্পক প্ৰত্যুত্তৰ দি কয়, আমি আমেৰিকাৰ এই আক্ৰমণৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো।
 
যুদ্ধ ক্ষেত্ৰৰ পৰা দুয়োখন দেশে পিছ হুহঁকি নহাৰ এনে স্থিতিৰ বাবে শান্তি আলোচনা যে হ'ব সেই আশা এতিয়াই কৰিব নোৱাৰি। তথাপিও দুয়োখন দেশৰ মাজত শান্তি স্থাপনৰ বাবে  পাকিস্তান, ইজিপ্ত, তুৰস্কৰ মধ্যস্থতাত কাম চলি আছে। আমেৰিকাৰ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফ আৰু ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচিৰ মাজত গোপন আলোচনা অব্যাহত আছে।