আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত ডনাল্ড ট্ৰাম্পৰ বৃহৎ বিপৰ্যয়; ভাৰতৰ ওপৰত শুল্কৰ পৰিমাণ ১০ শতাংশলৈ হ্ৰাস

Story by  atv | Posted by  [email protected] • 1 Months ago
আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত ডনাল্ড ট্ৰাম্পৰ বৃহৎ বিপৰ্যয়; ভাৰতৰ ওপৰত শুল্কৰ পৰিমাণ ১০ শতাংশলৈ হ্ৰাস
আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত ডনাল্ড ট্ৰাম্পৰ বৃহৎ বিপৰ্যয়; ভাৰতৰ ওপৰত শুল্কৰ পৰিমাণ ১০ শতাংশলৈ হ্ৰাস
 
ৱাশ্বিংটন 
 
আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ড’নাল্ড ট্ৰাম্পৰ একপক্ষীয় আৰু অনিয়মিত শুল্ক নীতি বাতিল কৰি তেওঁৰ মূল অৰ্থনৈতিক নীতিক এক তীব্ৰ প্ৰত্যাহ্বান জনাইছে। ইয়াৰ পাছতে হোৱাইট হাউচে জনাইছে যে ভাৰতকে ধৰি যিবোৰ ব্যৱসায়ী অংশীদাৰী দেশৰ সৈতে ট্ৰাম্প প্ৰশাসনে উচ্চ হাৰত শুল্ক নিৰ্ধাৰণৰ চুক্তি কৰিছিল, তেওঁলোকে এতিয়া মাত্ৰ ১০ শতাংশহে শুল্ক ভৰিব লাগিব।
 
উচ্চতম ন্যায়ালয়ৰ পৰা পোৱা এই মোক্ষম আঘাতৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আমেৰিকালৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত অতিৰিক্ত ১০ শতাংশ শুল্ক আৰোপ কৰিছে। এই নতুন শুল্ক নিৰ্দেশনাত স্বাক্ষৰ কৰাৰ পিছত ট্ৰাম্পে ছ’চিয়েল মিডিয়াত কয় যে এই নিয়ম "শীঘ্ৰে কাৰ্যকৰী" হ’ব।
 
হোৱাইট হাউছৰ এক তথ্য অনুসৰি, এই নতুন শুল্ক অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা ১৫০ দিনৰ বাবে কাৰ্যকৰী হ’ব। অৱশ্যে ঔষধ (Pharma) খণ্ড আৰু আমেৰিকা-মেক্সিকো-কানাডা চুক্তিৰ অধীনত আমেৰিকালৈ অহা সামগ্ৰীসমূহক এই শুল্কৰ পৰা ৰেহাই দিয়া হৈছে।
 
হোৱাইট হাউচে জনাইছে যে যিবোৰ ব্যৱসায়ী অংশীদাৰী দেশৰ সৈতে ট্ৰাম্পৰ আগৰ নিৰ্দেশনা অনুসৰি বেছি হাৰত শুল্কৰ চুক্তি কৰা হৈছিল, তেওঁলোকেও এতিয়া ১০ শতাংশহে শুল্ক দিব লাগিব। যদিও তেওঁলোকে পূৰ্বতে ইয়াতকৈ অধিক শুল্ক দিবলৈ সন্মত হৈছিল, এতিয়া নতুন নিয়মহে বলবৎ হ’ব।
 
অৱশ্যে হোৱাইট হাউচৰ এজন বিষয়াই সংবাদ সংস্থা এ এফ পি (AFP) ক জনাইছে যে ট্ৰাম্প প্ৰশাসনে ভৱিষ্যতে পুনৰ "অধিক উপযুক্ত বা পূৰ্বে আলোচনা কৰা শুল্কৰ হাৰ" কাৰ্যকৰী কৰাৰ পথ বিচাৰিব।
 
এই মাহৰ আৰম্ভণিতে ভাৰত আৰু আমেৰিকাই এক অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ পৰিকাঠামো ঘোষণা কৰিছিল। ট্ৰাম্পে এক কাৰ্যবাহী নিৰ্দেশৰ জৰিয়তে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত লগোৱা ২৫ শতাংশ শাস্তিমূলক শুল্ক প্ৰত্যাহাৰ কৰিছিল আৰু নতুন দিল্লীৰ ওপৰত আৰোপ কৰা পাৰস্পৰিক শুল্ক ২৫ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিছিল।
 
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছিল যে নতুন দিল্লীয়ে মস্কোৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে ইন্ধন আমদানি বন্ধ কৰি তাৰ পৰিৱৰ্তে আমেৰিকাৰ ইন্ধন সামগ্ৰী ক্ৰয় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।