নতুন দিল্লী
জেফ্ৰি এপষ্টেইনৰ কুকৰ্মৰ দস্তাবেজ এপষ্টেইন ফাইলক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। জেফ্ৰি এপষ্টেইনৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই আৰু সম্পৰ্কৰ খবৰবোৰ সম্পূৰ্ণ মিছা বুলি তেওঁ দাবী কৰে। তেওঁ দাবী কৰে যে এপষ্টেইন বা সহযোগীৰ সৈতে তেওঁৰ কেতিয়াও কোনো সম্পৰ্ক নাছিল।
তেওঁ কয়, "মোক বদনাম কৰিবলৈ জেফ্ৰি এপষ্টেইনৰ সৈতে সংযোগ কৰা মিছা কথাবোৰ আজি শেষ হোৱাটো প্ৰয়োজন। মোৰ বিষয়ে মিছা কোৱা লোকসকলৰ নৈতিকতা আৰু শিষ্টাচাৰ নাই... এপষ্টেইনৰ সৈতে মোৰ কেতিয়াও বন্ধুত্ব নাছিল। ড'নাল্ড আৰু মোক মাজে সময়ে এপষ্টেইন উপস্থিত থকা একেটা পাৰ্টিলৈ নিমন্ত্ৰণ কৰা হৈছিল, যিহেতু নিউয়ৰ্ক চহৰ আৰু পাম বীচত সামাজিক মহলৰ যোগাযোগ সাধাৰণ কথা। এপষ্টেইন বা তেওঁৰ সহযোগীৰ সৈতে মোৰ কোনো সম্পৰ্ক নাছিল।"
আমেৰিকাৰ ফাৰ্ষ্ট লেডীয়ে লগতে কয় যে আদালতৰ নথি-পত্ৰ, জবানবন্দী, ভুক্তভোগীৰ বক্তব্য বা এফবিআইৰ সোধাপোছাত তেওঁৰ নাম কেতিয়াও এপষ্টেইনৰ সৈতে জড়িত হোৱা নাই । তেওঁ কয়, "এপষ্টেইন আৰু মোৰ সম্পৰ্কৰ বিষয়ে বছৰ বছৰ ধৰি সামাজিক মাধ্যমত অসংখ্য ভুৱা ফটো আৰু বাৰ্তালাপ প্ৰচাৰ হৈ আহিছে । আপুনি যি বিশ্বাস কৰে তাক লৈ সাৱধান হওঁক । এই ফটো আৰু কাহিনীবোৰ সম্পূৰ্ণ মিছা । মই এপষ্টেইনৰ কোনো ধৰণৰ অপৰাধৰ সৈতে জড়িত সাক্ষী বা গোচৰত নাম উল্লেখ কৰা সাক্ষী নহয় । এপষ্টেইন বিষয়টোৰ গোচৰত মোৰ নাম কেতিয়াও প্ৰকাশ পোৱা নাই।"
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মেলানিয়াই কেতিয়াও এই সন্দৰ্ভত ৰাজহুৱাভাৱে মন্তব্য কৰা নাছিল। যাৰ বাবে হঠাৎ তেওঁ কিয় এই সন্দৰ্ভত মন্তব্য কৰিলে তাক লৈ চৰ্চা আৰম্ভ হৈছে।