আৱাজ-দ্য ভইচ অসম
অসম বিধানসভাৰ নিৰ্বাচনৰ ১২৬ টা সমষ্টিতে বৃহস্পতিবাৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হয়। এইবাৰৰ নিৰ্বাচনত ৰাজ্যখনত এক অভূতপূৰ্ব উৎসাহ দেখা গৈছে, য’ত ভোটদানৰ হাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক ঐতিহাসিক মাত্ৰা লাভ কৰিছে।
ৰাজ্যৰ ৩৫খন জিলাৰ ৩১,৪৯০টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটদান আৰম্ভ হৈছিল। নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি এইবাৰ প্ৰায় ৮৫.৪২ শতাংশ ভোটদান সাব্যস্ত হৈছে। এয়া ২০২১ চনৰ ৮২.০৪ শতাংশতকৈ বহু বেছি। বিয়লি ৫ বজাৰ পিছতো বহু লোক শাৰীত থকাৰ বাবে এই শতকৰা হাৰ আৰু বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
১৬ টা সমষ্টিত (মূলত সংখ্যালঘু অধ্যুষিত অঞ্চলত) ভোটদানৰ হাৰ ৯০ শতাংশৰ ঘৰ অতিক্ৰম কৰিছে। ৮৩টা সমষ্টিত ৮০-৮৯ শতাংশ আৰু বাকী থকা সমষ্টিবোৰত ৭০-৭৯ শতাংশ ভোটদান হৈছে। সৰ্বাধিক ভোটদান হৈছে দলগাঁৱত (৯৫.৫৩%), আনহাতে আটাইতকৈ কম ভোটদান হৈছে নতুন গুৱাহাটীত (৭২.০৫%)।
পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুঠ ২.৫০ কোটি যোগ্য ভোটাৰৰ ভিতৰত ১.২৫ কোটি মহিলা আৰু ৩১৮ জন তৃতীয় লিংগৰ ভোটাৰ আছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উচ্চ ভোটদানক 'ঐতিহাসিক' আখ্যা দিছে। ছচিয়েল মিডিয়া 'X'ত তেওঁ কয় যে এই নিৰ্বাচন কেৱল ক্ষমতাৰ যুঁজ নহয়, বৰঞ্চ অসমৰ সভ্যতা, সংস্কৃতি আৰু ভূমি ৰক্ষাৰ এক আন্দোলন আছিল। তেওঁ দাবী কৰে যে মানুহে অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ আক্ৰমণৰ বিৰুদ্ধে একগোট হৈ ভোট দিছে। তেওঁৰ মতে, "অসমে প্ৰমাণ কৰিলে যে অসম কেতিয়াও হাৰ নামানে, অসমে যুঁজ দিব আৰু জয়ী হ’ব।"
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাইজক ধন্যবাদ জনাই কয় যে জনসাধাৰণে এক 'নতুন বৰ-অসম' আৰু নতুন নেতৃত্বৰ আশাত ভোট দিছে। তেওঁ ৪ মে’ত হ’বলগীয়া ভোট গণনাৰ আগলৈকে ইভিএমৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনায়।
মুঠ ৭২২ জন প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হৈছে। মূলত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট (NDA) আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যৰ মাজত প্ৰত্যক্ষ যুঁজ দেখা গৈছে। কংগ্ৰেছে সৰ্বাধিক ৯৯ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, তাৰ বিপৰীতে বিজেপিয়ে ৯০ খনত। ইয়াৰ উপৰিও AIUDF (৩০), এজিপি (২৬), বিপিএফ (১১), ৰাইজৰ দল (১৩), এজেপি (১০), আপ (১৮), ইউপিপিএল (১৮), তৃণমূল কংগ্ৰেছ (২২) আৰু ২৫৮ জন স্বতন্ত্ৰ প্ৰাৰ্থীও নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।
উল্লেখযোগ্য যে, হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ, বদৰুদ্দিন আজমল আৰু অখিল গগৈৰ দৰে প্ৰভাৱশালী নেতাৰ ফলাফললৈ সকলোৱে আগ্ৰহেৰে ৰৈ আছে।
তাৰোপৰি ভোটগ্ৰহণৰ ঠিক আগমুহূৰ্তত উদালগুৰি সমষ্টিত এক নাটকীয় পৰিৱেশৰ সৃষ্টি হয়। কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে ভোটদানৰ এদিন আগতে দলৰ পৰা পদত্যাগ কৰি প্ৰাৰ্থিত্ব 'সমৰ্পণ' কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কংগ্ৰেছ দলে তেওঁৰ বিৰুদ্ধে 'প্ৰৱঞ্চনা' আৰু 'বিশ্বাসভংগ'ৰ গোচৰ তৰে।
দলৰ অভিযোগ যে নিৰ্বাচনী প্ৰচাৰৰ বাবে দৈমাৰীৰ একাউণ্টলৈ ৩০ লাখ টকা হস্তান্তৰ কৰা হৈছিল। ভোটদানৰ মাত্ৰ কেইঘণ্টামান আগতে পদত্যাগ কৰি তেওঁ দলৰ অনুশাসন ভংগ কৰাৰ লগতে পুঁজিৰ অপব্যৱহাৰ কৰা বুলিও অভিযোগ উঠিছে।
ভোটদানৰ দিনা ৰাজ্যৰ বিভিন্ন ঠাইত হোৱা হিংসাত্মক ঘটনাত প্ৰায় ৩০ জন লোক আহত হয় আৰু ৭ জনক গ্ৰেপ্তাৰ কৰা হয়।
শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক সেনা সিনহাই এজন প্ৰিজাইডিং অফিচাৰৰ সৈতে তৰ্কত লিপ্ত হয় আৰু ভুৱা ভোটদানৰ অভিযোগ তুলি ইভিএম (EVM) ভাঙি পেলায় বুলি অভিযোগ উঠিছে। ইয়াৰ ফলত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হোৱা সংঘৰ্ষত ২৫ জন লোক আহত হয়। ইয়াত প্ৰায় ৩ ঘণ্টা ভোটগ্ৰহণ বন্ধ থাকে।
খোৱাং সমষ্টিতো বিজেপি আৰু এজেপি কৰ্মীৰ মাজত হাতাহাতি হয়। এজেপিৰ অভিযোগ আছিল যে বিজেপিয়ে এটা ঘৰত গোপন আইটি চেল (IT Cell) চলাই আছিল। এই ঘটনাত এজেপিৰ তিনিজন নেতা সমুদ্ৰ বৰুৱা, স্বাক্ষৰ বৰগোহাঁই আৰু চিত্ৰকমল সন্দিকৈ আহত হয়।
নিৰ্বাচনৰ আগনিশা তামুলপুৰত দুটা ফৈদৰ মাজত হোৱা সংঘাত ৰুধিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় আৰু ৪ জনক গ্ৰেপ্তাৰ কৰে। একেদৰে শিৱসাগৰতো একাংশ ৰাজনৈতিক কৰ্মীক আক্ৰমণ কৰা হয়, যাৰ বাবে ৩ জনক আটক কৰা হৈছে। বিধায়ক অখিল গগৈয়ে এই আক্ৰমণৰ পাছত বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ হাত থকা বুলি অভিযোগ তুলিছে।
কিছু বিক্ষিপ্ত হিংসাত্মক ঘটনা আৰু ৰাজনৈতিক বিতৰ্কৰ মাজতো অসমৰ ৰাইজে গণতন্ত্ৰৰ এই উৎসৱত ব্যাপক হাৰত অংশগ্ৰহণ কৰিছে। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে নিৰ্বাচনটো সফল কৰাত সহায় কৰা সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। এতিয়া সকলোৰে চকু অহা ৪ মে’ৰ ফলাফলৰ ওপৰত।