লিভ ইন ৰিলেশ্যনশ্বীপক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা

Story by  atv | Posted by  [email protected] • 1 h ago
লিভ ইন ৰিলেশ্যনশ্বীপক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা
লিভ ইন ৰিলেশ্যনশ্বীপক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা
 
গুৱাহাটী
 
আজি অসম বিধানসভাত উত্থাপন হ’ল UCC বিধেয়ক। এই বিধেয়কখনত লিভ ইন ৰিলেশ্যনশ্বীপক লৈ ৰাজ্য চৰকাৰে নতুন নিয়ম জাৰি কৰিছে।এতিয়াৰে পৰা লিভ ইন ৰিলেশ্যনশ্বীপত থাকিলে যুৱক-যুৱতী সকলে জনাব লাগিব উপ-পঞ্জীয়কক। উপ-পঞ্জীয়কে অৱগত কৰিব লাগিব স্থানীয় থানাত।
 
ৰাজ্যৰ বাহিৰত লিভ ইনত থাকিলেও একেই নিয়মেই প্ৰযোজ্য হ’ব।উপ-পঞ্জীয়কক নজনোৱাকৈ যুৱক-যুৱতী সকলে একেলগে এমাহ ধৰি লিভ ইনত থাকিলে দোষী সাব্যস্ত হ’ব।ইমানেই নহয় তিনিমাহ ধৰি থাকিব খাটিব লাগিব জে’ল, ভৰিব লাগিব জৰিমনা।
 
এই বিধেয়ক অনুসৰি লিভ ইনত থাকিবলৈ হ’লে এজনৰ বয়স ২১বছৰ হ’ব লাগিব। যদি ২১ বছৰৰ তলত হয় তেনেহলে অভিভাৱক সকলে এই কথা জানিব লাগিব।
 
উল্লেখযোগ্য যে, লিভ ইনত সন্তান জন্ম হ’লেও বৈধ ঘোষণা কৰা হ’ব।লিভ ইনত থকাৰ পিছত বিচ্ছেদ বিচাৰিলে দুয়োজনৰ সন্মতিতহে বিচ্ছেদ হ’ব। সন্মতি অবিহনে যুৱতীক এৰি দিলে ভৰিব লাগিব ভৰণ-পোষণ।ভৰণ-পোষণ বিচাৰি যুৱতী গৰাকীয়ে কাষ চাপিব পাৰিব আদালতৰ।