গুৱাহাটী
দেশৰ জনতাৰ মূৰত মাধমাৰ সোধাই সোমবাৰে পুনৰ বৃদ্ধি কৰা হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য৷ প্ৰতি লিটাৰ পেট্ৰ’লত ২.৬১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২.৭১ টকাকৈ মূল্যবৃদ্ধি ঘটোৱা হৈছে। দুসপ্তাহ নৌহওঁতেই চতুৰ্থবাৰৰ বাবে বৃদ্ধি পাইছে পেট্ৰ’পণ্যৰ মূল্য।
যোৱা ১৫ মে’ৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাবলৈ আৰম্ভ কৰে৷ উক্ত তাৰিখৰ পৰা বৰ্তমানলৈকে ঘটা মূল্যবৃদ্ধিৰ হিচাপ চালে দেখা যায় যে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত প্ৰায় ৭.৫ টকা বৃদ্ধি কৰা হ’ল৷ এই মূল্যবৃদ্ধিয়ে সমগ্ৰ অৰ্থনীতিতে মুদ্ৰাস্ফীতিৰ চাপ আৰু পৰিবহণ ব্যয় বৃদ্ধিৰ বাবে উদ্বেগ জগাই তুলিছে। শেহতীয়া মূল্য সংশোধনৰ ফলত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২.৬১ টকা আৰু ডিজেলৰ মূল্য ২.৭১ টকা বৃদ্ধি পোৱা বুলি উদ্যোগৰ সূত্ৰই প্ৰকাশ কৰিছে।
দিল্লীত পেট্ৰ’লৰ মূল্য পূৰ্বতে ৯৯.৫১ টকাৰ পৰা ১০২.১২ টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৯২.৪৯ টকাৰ পৰা ৯৫.২০ টকালৈ বৃদ্ধি কৰা হৈছে। দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লত ২.৬১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২.৭১ টকাকৈ বৃদ্ধি পাইছে ৷
মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লত ২.৭৩ টকাকৈ বৃদ্ধি পোৱাত বৰ্তমান মূল্য হৈছেগৈ ১১১.১৮ টকা। আনহাতে প্ৰতিলিটাৰ ডিজেলত ২.৮১ টকাকৈ বৃদ্ধি পোৱাত বৰ্তমান মূল্য হৈছে ৯৭.৮৩ টকা ৷
আনহাতে বেংগালুৰুত প্ৰতি লিটাৰ পেট্ৰ’লত ২.৮৪ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২.৮১ টকাকৈ বৃদ্ধি পাইছে ৷ চহৰখনত বৰ্তমান এই দুয়োবিধ ইন্ধনৰ মূল্য হৈছে পেট্ৰ’ল প্ৰতি লিটাৰত ১১০.৯৩ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯৮.৮০ টকা।
চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লত ২.৪৬ টকাকৈ বৃদ্ধি পোৱাত বৰ্তমান মূল্য হৈছে ১০৭.৭৭ টকা। একেদৰে ডিজেল প্ৰতি লিটাৰত ২.৫৭ টকাকৈ বৃদ্ধি পোৱাত বৰ্তমান মূল্য হৈছে ৯৯.৫৫ টকা।
কলকাতাত পেট্ৰ’লৰ দাম বৃদ্ধি পাইছে প্ৰতি লিটাৰত ২.৮৬ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত দাম বৃদ্ধি পাইছে ২.৮০ টকা। সেই হিচাপ অনুসৰি বৰ্তমান কলকাতাত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১১৩.৪৭ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৯৯.৮২ টকা।
একেদৰে গুৱাহাটী মহানগৰীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২.৭২ টকা বৃদ্ধি হোৱাত বৰ্তমান মূল্য হৈছেগৈ ১০৫.৮৫ টকা। একেদৰে ডিজেলৰ দাম প্ৰতি লিটাৰত ২.৮৩ টকা বৃদ্ধি কৰাত বৰ্তমান মূল্য হৈছেগৈ ৯৭.৩৩ টকা।
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি খুচুৰা ইন্ধনৰ মূল্য স্থিৰ হৈ থকাৰ পিছত এই ধাৰাবাহিক মূল্যবৃদ্ধি দেখা গৈছে। বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি, শোধনৰ মাৰ্জিন কঠোৰ হোৱা আৰু টকা দুৰ্বল হোৱাৰ ফলত আমদানিৰ ব্যয় তীব্ৰভাৱে বৃদ্ধি পোৱাৰ ফলতেই এই অৱস্থাৰ সৃষ্টি হৈছে।