অনিশ্চয়তাত যুদ্ধবিৰতি চুক্তি; লেবাননত ইজৰাইলৰ আক্ৰমণ

Story by  atv | Posted by  [email protected] • 2 h ago
অনিশ্চয়তাত যুদ্ধবিৰতি চুক্তি; লেবাননত ইজৰাইলৰ আক্ৰমণ
অনিশ্চয়তাত যুদ্ধবিৰতি চুক্তি; লেবাননত ইজৰাইলৰ আক্ৰমণ
 
নতুন দিল্লী
 
এদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰানৰ সৈতে যুদ্ধবিৰতি চুক্তিত সন্মত হোৱাৰ ঘোষণা কৰিছিল। পাকিস্তানৰ মধ্যস্থতাকাৰীত দুসপ্তাহৰ বাবে যুদ্ধ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল আমেৰিকাই। কিন্তু ইয়াৰ বিপৰীতে ইজৰাইলী আক্ৰমণে এই যুদ্ধবিৰতি চুক্তি ভংগ হোৱাৰ ইংগিত দিছে।
 
হোৱাইট হাউছে হৰমুজ প্ৰণালী পুনৰ খোলাৰ দাবী জনাই শান্তি আলোচনাক শুদ্ধ পথত ৰাখিবলৈ চেষ্টা কৰে যদিও ইজৰাইলী আক্ৰমণৰ বাবে ইৰানে পুনৰ বন্ধ কৰি দিছে প্ৰণালী।
 
যুদ্ধবিৰতি চুক্তিত সন্মত হোৱাৰ পিছত আমেৰিকা আৰু ইৰানে জয়ৰ দাবী কৰে। একে সময়তে ইজৰাইলে লেবাননৰ হিজবুল্লাহ সন্ত্ৰাসবাদী সংগঠনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি বেইৰুটৰ কেইবাটাও বাণিজ্যিক আৰু আৱাসিক অঞ্চলত কোনো সতৰ্কবাণী অবিহনে আঘাত হানে।
 
য'ত প্ৰায় ১৮২ গৰাকী লোক নিহত হোৱাৰ লগতে শ শ লোক আহত হৈছে। এই আক্ৰমণে চুক্তিখনক ভেঙুচালি কৰাৰ ইংগিত দিছে।
ইৰানৰ সংসদৰ অধ্যক্ষগৰাকীয়ে কয় যে যুদ্ধ স্থায়ীভাৱে বন্ধ কৰাৰ বাবে আমেৰিকাৰ সৈতে পৰিকল্পিত আলোচনা অযুক্তিকৰ কাৰণ ৱাশ্বিংটনে যুদ্ধৰ অন্ত পেলাবলৈ টেহৰাণৰ ১০ টা চৰ্তৰ ভিতৰত ৩ টা চৰ্তই ভংগ কৰিছে।
 
সামাজিক মাধ্যমৰ পোষ্টত মহম্মদ বাঘেৰ গালিবাফে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিছত হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ আক্ৰমণ, ইৰানৰ আকাশমাৰ্গত ড্ৰোণ আক্ৰমণৰ অভিযোগ আৰু চূড়ান্ত চুক্তিত ইৰানৰ কোনো ধৰণৰ সমৃদ্ধি ক্ষমতা গ্ৰহণ নকৰে বুলি আমেৰিকাই দিয়া দাবীৰ ওপৰত তেওঁ আপত্তি প্ৰকাশ কৰিছে।
 
ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে জোৰ দি কয় যে লেবাননৰ যুদ্ধৰ অন্ত পৰাটো আমেৰিকাৰ সৈতে হোৱা যুদ্ধবিৰতি চুক্তিৰ অংশ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কয় যে যুদ্ধবিৰতিৰ ফলত লেবাননক সামৰি লোৱা হোৱা নাই। এক্সৰ এটা পোষ্টত আৰাঘচিয়ে লিখিছে, "লেবাননত হোৱা হত্যাকাণ্ডবোৰ বিশ্বই দেখিছে ।"
লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে বুধবাৰে ইজৰাইলৰ আক্ৰমণত ১৮২ গৰাকী লোকৰ মৃত্যু হৈছে। যি ইজৰাইল-হিজবুল্লাহ যুদ্ধৰ এটা দিনৰ ভিতৰত সৰ্বাধিক মৃত্যু।
 
ইফালে লেবাননত হোৱা আক্ৰমণৰ পিছত ইৰানে হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰাৰ বাবে সমালোচনা কৰিছে হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ'লিন লিভিটে। তেওঁ কয় যে ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি হৰমুজ প্ৰণালী বন্ধ কৰাটো সম্পূৰ্ণ অগ্ৰহণযোগ্য।
 
ইজৰাইলী সেনাৰ শীৰ্ষ বিষয়া লেফটেনেণ্ট জেনেৰেল ঈয়াল জমিৰে কয় যে ইজৰাইলে হিজবুল্লাহক আক্ৰমণ কৰিবলৈ প্ৰতিটো কাৰ্যকৰী পন্থা হাতত ল'ব। ইজৰাইলৰ সেনাই বুধবাৰে সমগ্ৰ লেবাননত ১০ মিনিটৰ ভিতৰতে ১০০ৰো অধিক লক্ষ্যত আঘাত কৰা বুলি তেওঁ দাবী কৰে।
 
আনহাতে লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউনে ইজৰাইলৰ আক্ৰমণক বৰ্বৰ বুলি গৰিহণা দিছে।