নতুন দিল্লী
পৱিত্ৰ ৰমজান মাহতে পূব আফগানিস্তানত পাকিস্তানী বায়ু সেনাৰ এয়াৰ ষ্ট্ৰাইক। পাকিস্তান আফগানিস্তান সীমান্তৱৰ্তী কেইবাটাও বিদ্ৰোহীৰ ঘাটিৰ লগতে মাদ্ৰাছাত পাকিস্তানী বায়ু সেনাৰ ভয়ংকৰ আক্ৰমণ। পাকিস্তানী বায়ু সেনাৰ এয়াৰ ষ্ট্ৰাইকত ১৭জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত অৰ্ধশতাধিক লোক। পাকিস্তানে শনিবাৰে নিশা পূব আফগানিস্তানত সীমান্তৰ ওচৰৰ বিদ্ৰোহী শিবিৰক লক্ষ্য কৰি বিমান আক্ৰমণ চলায়। এয়াৰষ্ট্ৰাইকত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত পূব আফগানিস্তানৰ নাংগাৰহৰ আৰু পাক্তিকা প্ৰদেশৰ কেইবাখনো জিলা।
উল্লেখ্য যে শেহতীয়াকৈ পাকিস্তানৰ ইছলামাবাদৰ এটা মছজিদত কিছুদিন পূৰ্বে জুম্মাৰ নামাজৰ সময়ত সংঘটিত হৈছিল এটা ভয়ংকৰ আত্মঘাটী বিস্ফোৰণ। য’ত প্ৰায় ৩০ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। সেই বিস্ফোৰণৰ আঁৰত আফগানিস্তানৰ বিদ্ৰোহী গোট জড়িত থকাৰ তথ্য লাভ কৰিছিল পাকিস্তানে।
পাকিস্তানৰ হাতত “নিৰ্ধাৰিত প্ৰমাণ” আছে যে এই আক্ৰমণ তালিবানৰ নিৰ্দেশনা অনুসৰি কাম কৰা উগ্ৰপন্থীয়ে সংঘটিত কৰিছে। ইয়াত কোৱা হৈছে যে ইয়াৰ দায়িত্ব পাকিস্তানী তালিবানৰ যোদ্ধাসকলে-যাক ফিটনা আল খোৱাৰীজ বুলি উল্লেখ কৰিছে। তেওঁলোকৰ সংযুক্ত সংস্থাসমূহৰ লগতে আই এছ-কেপিয়েও দাবী কৰিছে। সেই আত্মঘাটী বোমা বিস্ফোৰণৰ প্ৰতিশোধ স্বৰূপে এই এয়াৰ ষ্ট্ৰাইক চলোৱাৰ কথা সদৰী কৰিছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰাণালয়ে জনোৱা মতে সীমান্ত অঞ্চলৰ কাষৰ তালিবান আৰু ISKPৰ সাতটা শিবিৰ ধ্বংস কৰা হ’ল।
পূব আফগানিস্তানৰ স্থানীয় সূত্ৰই জনোৱা মতে, পাকিস্তানী বায়ু সেনাৰ বিমানে খোগ্যানি, ঘনী খিল আৰু বেহছুদ জিলাকে ধৰি নাংগাৰহৰ প্ৰদেশৰ অঞ্চলত বোমা নিক্ষেপ কৰে। এই বিমান আক্ৰমণৰ ফলত দুয়োপক্ষৰ মাজত উত্তেজনা তীব্ৰভাৱে বৃদ্ধি পাইছে।
এয়াৰ ষ্ট্ৰাইকত হতাহতি আৰু ক্ষয়-ক্ষতিৰ সবিশেষ ততাতৈয়াকৈ স্পষ্ট হোৱা নাই। শনিবাৰে নিশালৈকে তালিবানৰ বিষয়াসকলে ৰাজহুৱাভাৱে এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনোৱা নাছিল।