‘অপহৃত’ ৰাষ্ট্ৰপতি মাডুৰোক হাজিৰ কৰা হ’ল মাৰ্কিন আদালতত

Story by  atv | Posted by  [email protected] • 1 d ago
‘অপহৃত’ ৰাষ্ট্ৰপতি মাডুৰোক হাজিৰ কৰা হ’ল মাৰ্কিন আদালতত
‘অপহৃত’ ৰাষ্ট্ৰপতি মাডুৰোক হাজিৰ কৰা হ’ল মাৰ্কিন আদালতত
 
নতুন দিল্লী
 
শনিবাৰে নিশা লেটিন আমেৰিকান দেশ ভেনিজুৱেলাৰ ওপৰত অতৰ্কিত আক্ৰমণ চলায় আমেৰিকাই। কেৱল আক্ৰমণ কৰাই নহয়, আমেৰিকান সেনাই সপত্নীক ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক আটক কৰি নিজ দেশলৈ যায়। এই ঘটনাই জোকাৰি তোলে সমগ্ৰ বিশ্বক। সম্প্ৰতি আমেৰিকাতে বন্দী হৈ আছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি গৰাকী আৰু তেওঁৰ পত্নী। বন্দীত্বৰ পিছত এতিয়া প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ফেডাৰেল আদালতত হাজিৰ কৰা হৈছে নিকোলাছ মাডুৰোক।
 
আদালতত উপস্থিত হৈ নিকোলাছ মাডুৰোৱে নিজক নিৰ্দোষী বুলি দাবী কৰিছে। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহ আৰু সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই। কিন্তু এনে অভিযোগ নাকচ কৰি মাডুৰোৱে আদালতক জনাইছে যে তেওঁ কোনো অপৰাধী নহয়, বৰঞ্চ তেওঁ এতিয়াও নিজ দেশৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি।
 
আদালতত শুনানিৰ সময়ত মাডুৰোৱে এজন অনুবাদকৰ জৰিয়তে নিজৰ বক্তব্য দাঙি ধৰে। তেওঁ কয়, “মই এজন সন্মানীয় ব্যক্তি আৰু মোৰ দেশৰ ৰাষ্ট্ৰপতি। মোক কাৰাকাছৰ নিজ ঘৰৰ পৰা অপহৰণ কৰি ইয়ালৈ অনা হৈছে।” তেওঁ আমেৰিকাৰ এই কাৰ্যক অবিচাৰ বুলি অভিহিত কৰি সকলো অভিযোগ অস্বীকাৰ কৰে। মাডুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছৰ পৰৱৰ্তী শুনানি ১৭ মাৰ্চত ধাৰ্য কৰা হৈছে।
 
উল্লেখযোগ্য যে, আমেৰিকাৰ তদন্তকাৰী সংস্থাই মাডুৰোৰ বিৰুদ্ধে ৪ টা মূল অভিযোগ উত্থাপন কৰিছে। এই অভিযোগসমূহ হৈছে ক্ৰমে নাৰ্কো-টেৰৰিজম বা ড্ৰাগছ-সন্ত্ৰাসবাদৰ ষড়যন্ত্ৰ, ক’কেইন আমদানিৰ ষড়যন্ত্ৰ, অবৈধ মেচিন গান আৰু বিস্ফোৰক অস্ত্ৰ মজুত ৰখা, এনে অস্ত্ৰ সৰবৰাহৰ ষড়যন্ত্ৰ। এই অভিযোগসমূহ খণ্ডন কৰিছে মাডুৰোৱে।
 
মাডুৰোৰ এই গোচৰটোৰ শুনানি গ্ৰহণ কৰিছে ৯২ বছৰীয়া জ্যেষ্ঠ ফেডাৰেল বিচাৰক এলভিন কে. হেলাৰষ্টাইনে। তেওঁক ১৯৯৮ চনত তদানীন্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে নিযুক্তি দিছিল। ইয়াৰ পূৰ্বে তেওঁ ৯/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে বহুতো গুৰুত্বপূৰ্ণ গোচৰৰ বিচাৰ কৰিছে।
 
ভেনিজুৱেলা চৰকাৰে এই সমগ্ৰ পৰিঘটনাটোক দেশখনৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, ড’নাল্ড ট্ৰাম্প চৰকাৰে মাডুৰোৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছিল। আনহাতে, আমেৰিকাই এয়া কেৱল এক আইনী প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। এই ঘটনাই সমগ্ৰ বিশ্বৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।