নতুন দিল্লী
"কাশ্মীৰ মানেই আতংক নহয়, বিশ্বাস আৰু মানৱতাৰো এখন মিলনভূমি" এই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে পহলগামৰ এগৰাকী টেক্সি চালকে। হেৰোৱা টকা, দামী মোবাইল আৰু গুৰুত্বপূর্ণ নথিপত্ৰ ভৰা এটা হেণ্ডবেগ পৰ্যটকক উভতাই দি সামাজিক মাধ্যমত প্ৰশংসাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে টেক্সি চালকগৰাকী।
জানিব পৰামতে পাহলগামত এজন কাশ্মীৰী টেক্সি চালকে এগৰাকী মহিলা পৰ্যটকে খৰখেদাত এৰি থৈ যোৱা এটা হেণ্ডবেগ উদ্ধাৰ কৰে। বেগটোত আছিল বৃহৎ পৰিমাণৰ নগদ ধন, এটা দামী মোবাইল ফোন, আৰু অন্যান্য কিছু মূল্যৱান সামগ্ৰী। ইয়াৰ গুৰুত্ব উপলব্ধি কৰি চালকজনে বেগটো ঘূৰাই দিবলৈ মহিলা পৰ্যটকগৰাকীক যাবলৈ গাড়ীত উঠাৰ সময়তে লৰালৰিকৈ গৈছিল।
বেগটো ঘূৰাই দি চালকজনে পৰ্যটকগৰাকীৰ লাখ টকা আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ হেৰুৱাৰ পৰা ৰক্ষা কৰিছিল। মহিলাগৰাকীয়ে কয় যে, তেওঁ তেওঁৰ হেণ্ডবেগটো যে এৰি থৈ গৈছে সেই কথা গমে পোৱা নাছিল।
এই সমগ্ৰ ঘটনাৰ এটি ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে, কাশ্মীৰী লোকজনে বেগটো পুনৰ পৰ্যটকগৰাকীৰ হাতত তুলি দি ভিতৰৰ সকলো বস্তু ঠিকে আছে নে পৰীক্ষা কৰি চাবলৈ অনুৰোধ কৰিছিল।
হেৰুৱা বেগটো উভতাই পাই মহিলা পৰ্যটকগৰাকীৰ মুখমণ্ডলত বিৰিঙি উঠা সুখ স্পষ্টকৈ দেখা গৈছে। তেওঁ কয় যে, তেওঁ বিশ্বাস কৰিব পৰা নাছিল যে, তেওঁ বৰফৰ মাজত পাহৰি যোৱা আৰু হেৰাই যোৱা বুলি ভবা বেগটো পুনৰ তেওঁক ঘূৰাই দিয়া হৈছে।
স্থানীয় সংবাদ মাধ্যমে শ্বেয়াৰ কৰা ভিডিঅ’টোত টেক্সি চালকজনে মহিলাগৰাকীক কোৱা শুনা গৈছে, “পেহলে আপনা সমন চেক কৰো” (প্ৰথমে আপোনাৰ সামগ্ৰী পৰীক্ষা কৰক)। তেওঁ তাইক বেগত থকা সকলো বস্তু বিশেষকৈ টকাখিনি ভালদৰে পৰীক্ষা কৰিবলৈ কয় আৰু কয়, “সঠিকভাৱে পৰীক্ষা কৰক। পিছত নকবা যে, মই কিবা চুৰি কৰিছো।” মহিলাগৰাকীয়ে উত্তৰ দিয়ে, “নাই নাই, একো নহয়। কোনো সমস্যা নাই। সকলো ঠিকেই আছে।”
কাশ্মীৰী টেক্সি চালক আৰু মহিলা পৰ্যটকগৰাকী
তাৰ পিছত চালকজনে কয়, “আপুনি আমাৰ ভগ্নীৰ দৰে। ভুলতে হেৰাই গ’লেও আপোনাৰ যি আছিল, সেয়া ঘূৰাই দিয়াটো আমাৰ কৰ্তব্য। আপোনাৰ বেগটো মোৰ লগত আছিল।” নাম নজনা টেক্সি চালকজনে লগতে কয়, “আশাকৰোঁ আপুনি এই ঠাইখনৰ বিষয়ে মানুহক ভাল কথাবোৰ ক’ব।”
ভিডিঅ’ ক্লিপটোত মহিলাগৰাকীয়ে বেগটো নিৰীক্ষণ কৰি কৈ থকা দেখা গৈছে, “এইটো মোৰ আইফোন। এয়া মোৰ পেন কাৰ্ড। আন নথি-পত্ৰও নিৰাপদ নেকি?” নিৰীক্ষণ কৰি তেওঁ কয়, “ঠিক আছে, সকলো ঠিকেই আছে। ধন্যবাদ ভাই। ধন্যবাদ ভাই। মোৰ উশাহ প্ৰায়ে বন্ধ হৈ যোৱাৰ দৰেই হৈছিল।”
তেওঁ বেগটো উভতাই পোৱাৰ সুখ তেওঁৰ মুখমণ্ডলত স্পষ্টকৈ দেখা যায়, যেতিয়া তেওঁ মুদ্ৰাৰ নোটৰ বাণ্ডিল এটা পুনৰ বেগত ভৰাই। টেক্সি চালকজনৰ সততা আৰু দয়াৰ বাবে গভীৰভাৱে আপ্লুত হৈ মহিলাগৰাকীয়ে আৱেগিকভাৱে কয়, “মই মোৰ জীৱনটো হেৰুৱাই পেলোৱা যেন লাগিছিল। ধন্যবাদ ভাই। ধন্যবাদ ভাই।” আৰু চালকজনক তেওঁ সাৱটি ধৰে।