ভাৰতৰ ওপৰত পুনৰ শুল্ক বৃদ্ধি কৰাৰ হুংকাৰ ড’নাল্ড ট্ৰাম্পৰ

Story by  atv | Posted by  [email protected] • 1 d ago
ভাৰতৰ ওপৰত পুনৰ শুল্ক বৃদ্ধি কৰাৰ হুংকাৰ ড’নাল্ড ট্ৰাম্পৰ
ভাৰতৰ ওপৰত পুনৰ শুল্ক বৃদ্ধি কৰাৰ হুংকাৰ ড’নাল্ড ট্ৰাম্পৰ
 
ৱাশ্বিংটন
 
ভাৰতে ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। নতুন দিল্লীয়ে যদিহে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ নকৰি ৱাশ্বিংটনৰ দাবী পূৰণ নকৰে, তেন্তে আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ হুংকাৰ দিছে ট্ৰাম্পে। ইয়াৰ সমান্তৰালকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাও কৰিছে ট্ৰাম্পে।
 
ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এয়াৰ ফ'ৰ্চ ৱানত সাংবাদিকক কয়, "মোদী এজন ভাল মানুহ। তেওঁ জানিছিল যে মই সুখী নাছিলো আৰু মোক সুখী কৰাটো গুৰুত্বপূৰ্ণ আছিল৷ তেওঁলোকে ব্যৱসায় কৰে আৰু আমি তেওঁলোকৰ ওপৰত অতি সোনকালে শুল্ক বৃদ্ধি কৰিব পাৰো।"
ৰাছিয়াৰ তেল ক্ৰয় অব্যাহত ৰখাক লৈ ৱাশ্বিংটনৰ অসন্তুষ্টি বুজি পোৱাৰ পিছত নতুন দিল্লীয়ে নিজৰ নীতি সলনি কৰা বুলিও দাবী কৰে ট্ৰাম্পে।
 
ভাৰতৰ বাণিজ্য মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ শাস্তি হিচাপে আমেৰিকাই যোৱা বছৰ ভাৰতীয় সামগ্ৰীৰ ওপৰত আমদানি শুল্ক দুগুণ কৰি ৫০ শতাংশলৈ বৃদ্ধি কৰিছিল। উচ্চ শুল্ক সত্ত্বেও নৱেম্বৰ মাহত আমেৰিকালৈ ভাৰতৰ ৰপ্তানি বৃদ্ধি পাইছে।
 
উন্নত বাণিজ্যিক তথ্যৰ দ্বাৰা উৎসাহিত হৈ ভাৰতীয় বিষয়াসকলে আমেৰিকাৰ বাণিজ্যিক দাবীৰ বিৰুদ্ধে দৃঢ় স্থিতি বজাই ৰাখিছে৷ কৃষিজাত সামগ্ৰীৰ আমদানিৰ দৰে ক্ষেত্ৰত সীমিত নমনীয়তাৰ সংকেত দিছে৷ আনহাতে তথ্যই দেখুৱাইছে যে ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয় হ্ৰাস পাইছে।
 
উল্লেখ্য যে, ট্ৰাম্পে ভাৰতক ৰাছিয়াৰ পৰা তেল আমদানি নকৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে। তেওঁ বিচাৰে ভাৰতে কেৱল আমেৰিকাৰ পৰা তেল আমদানি কৰক। যোৱা আগষ্ট মাহত তেওঁ ভাৰতৰ শুল্ক দুগুণ কৰি ২০২৫ চনত ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাক কেৱল ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ কাৰণ বুলি উল্লেখ কৰিছিল। কিন্তু নতুন বছৰৰ আৰম্ভণিতে ট্ৰাম্পৰ এই মন্তব্যই পুনৰবাৰ দুয়োখন দেশৰ সম্পৰ্কত অৱনতিৰ সৃষ্টি কৰিব৷