ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক বন্দী কৰা আমেৰিকাৰ কাণ্ডত ৰাছিয়া-চীন কিউবা-মেক্সিকো-কলম্বিয়াৰ তীব্র প্রতিবাদ

Story by  atv | Posted by  Munni Begum • 1 d ago
 প্রতিবাদৰ এক দৃশ্য
প্রতিবাদৰ এক দৃশ্য
 
নতুন দিল্লী
 
মাজনিশা অভিযান চলাই বিশ্বৰ আটাইতকৈ খাৰুৱা তেল সমৃদ্ধ ৰাষ্ট্ৰ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাড়ুৰোক পত্নীসহ ধৰি-বান্ধি মার্কিন যুক্তৰাষ্ট্ৰলৈ লৈ যোৱা ঘটনাক লৈ বিশ্বজুৰি তিৰস্কাৰৰ সন্মুখীন হ'বলগীয়া হৈছে ট্রাম্প প্রশাসন। ব্রিটেইন বা ইউৰোপৰ ৰাষ্ট্ৰমণ্ডলীৰ নেতৃত্বই ট্রাম্পৰ কাষত থিয় দিলেও সমগ্র লেটিন আমেৰিকা, ৰাছিয়া, চীন, উত্তৰ কোৰিয়াই সার্বভৌম দেশ এখনৰ নিৰ্বাচিত ৰাষ্ট্ৰপতিক আটক কৰি অন্য দেশলৈ লৈ যোৱা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে। 
 
যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন, বষ্টন, লছ এঞ্জেলছ, মিয়ামি, চিকাগোৰ উপৰি ৰোম, মেক্সিকো চিটি, লণ্ডন আদি মহানগৰীত প্রতিবাদী সমদলত অংশ লয় অগণন লোকে। ভেনিজুৱেলাত মার্কিন হস্তক্ষেপত ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা ক্ষোভ প্রকাশ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান গুটেৰেছে জানিবলৈ দিয়ে যে, আন্তর্জাতিক আইন দেখদেখকৈ ভংগ কৰাত সচিবপ্রধান ক্ষুণ্ণ হৈ পৰিছে। তেওঁ কয়, "ৰাষ্ট্ৰসংঘৰ চনদকে ধৰি সকলো আন্তর্জাতিক আইন সদস্য ৰাষ্ট্ৰসমূহে মানি চলা উচিত।" 
 
ৰাছিয়াৰ তৰফৰ পৰা ভেনিজুৱেলাত মার্কিন হস্তক্ষেপক সশস্ত্র আগ্রাসন বুলি অভিহিত কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ৰাছিয়াৰ বিদেশ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা কোৱা হয় আজি পুৱা মার্কিন যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাৰ বিৰুদ্ধে সশস্ত্র আগ্রাসনৰ ঘটনা সংঘটিত কৰিলে। এয়া গভীৰভাৱে উদ্বেগজনক আৰু নিন্দনীয়। 
 
ভেনিজুৱেলাত মার্কিন হস্তক্ষেপক নিন্দা কৰি চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা কোৱা হৈছে, "এখন সার্বভৌম ৰাষ্ট্ৰ আৰু এখন দেশৰ এগৰাকী ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে শক্তি প্রয়োগৰ ঘটনা গভীৰভাৱে নিন্দনীয়। ভেনিজুৱেলাত মার্কিন হস্তক্ষেপক সহজভাৱে লোৱা নাই উত্তৰ কোৰিয়ায়ো। দেশখনৰ বিদেশ দপ্তৰৰ পক্ষৰ পৰা কোৱা হয় ৰাষ্ট্ৰপতি মাডুৰোক আটক কৰা কাৰ্য সার্বভৌমত্বৰ উলংঘন। মার্কিন যুক্তৰাষ্ট্ৰৰ নিষ্ঠুৰ প্ৰকৃতিকে এই ঘটনাই প্রমাণ কৰিছে। বিবৃতিটোত অন্য দেশৰ সাৰ্বভৌমত্বক লৈ মার্কিন যুক্তৰাষ্ট্ৰই খেলি অহা খেলাৰ বিৰুদ্ধে বিশ্বব্যাপী প্রতিবাদৰ আহ্বান জনোৱা হয়। 
 
মেক্সিকো, কলম্বিয়া, কিউবা, উৰুগুৱে আদি ৰাষ্ট্ৰই কঠোৰভাৱে নিন্দা কৰিছে মার্কিন আক্রমণক। কিউবাৰ ৰাষ্ট্ৰপতি মিণ্ডৱেল ডিয়াজ কানে মার্কিন আক্রমণক অপৰাধী কাৰ্য বুলি অভিহিত কৰিছে। কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুষ্টাভ পেদ্রাই এই আক্রমণক লেটিন আমেৰিকাৰ সাৰ্বভৌমত্বৰ ওপৰত আক্রমণ বুলি অভিহিত কৰাৰ লগতে চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়েল বৰিকে বিবাদৰ শান্তিপূর্ণ নিষ্পত্তি দাবী কৰে।  
 
ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দ্য ছিলভাই মার্কিন যুক্তৰাষ্ট্ৰই অগ্রহণীয় সীমা অতিক্ৰম কৰিছে বুলি উল্লেখ কৰি মার্কিন কার্যক আন্তঃৰাষ্ট্ৰীয় আইনৰ দেখদেখ উলংঘন বুলি অভিহিত কৰে। দক্ষিণ আফ্ৰিকাৰ তৰফৰ পৰা এই আক্ৰমণক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক দাবী কৰা হয়। ইজৰাইলে ট্রাম্পৰ কার্যক সমর্থন জনালেও যুক্তৰাষ্ট্ৰৰ নিকট ৰাষ্ট্ৰ কানাডাই সকলো পক্ষকে আন্তর্জাতিক আইনক সন্মান কৰিবলৈ আহ্বান জনাই কয়- কানাডা সদায়ে ভেনিজুৱেলাবাসীৰ কাষত আছে।