শ্ৰীলাথা মেনন / থ্ৰিছুৰ
শুকুৰ ভাকিল নামেৰে পৰিচিত অধিবক্তা চি শুকুৰ আৰু তেওঁৰ পত্নী শ্বীনা শুকুৰে কেৰালাৰ মুছলমান পৰিয়ালৰ মাজত এক নতুন বিপ্লৱৰ সূচনা কৰিছে। তিনিগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃহালে মুছলমান ব্যক্তিগত আইন অনুসৰি প্ৰথম বিবাহৰ প্ৰায় ২০ বছৰৰ পাছত বিশেষ বিবাহ আইন (Special Marriage Act)ৰ অধীনত নিজৰ বিবাহ পুনৰ পঞ্জীয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
প্ৰথমতে তেওঁলোকৰ এই বিবাহৰ কথাটো মানুহৰ বাবে কিছু আচঁহুৱা যেন লাগিছিল যদিও কন্যা সন্তানৰ ক্ষেত্ৰত সমান সম্পত্তিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আৰু মুছলমান লোকসকলৰ মাজত সজাগতা সৃষ্টিৰ কৰাৰ বাবে দম্পতীহালে এই সাহসী পদক্ষেপটো গ্ৰহণ কৰিছিল।
বিশেষ বিবাহ আইনৰ অধীনত পুনৰ বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত চি শুকুৰ, তেওঁৰ পত্নী শ্বীনা তেওঁলোকৰ তিনিগৰাকী কন্যাৰ সৈতে
মুছলমান পিতৃ-মাতৃয়ে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে দম্পতীহালে ভালকৈয়ে অনুভৱ কৰিছিল। ১৯৩৭ চনৰ শ্বৰীয়ত আবেদন আইন (Shariat Application Act) অনুসৰি উত্তৰাধিকাৰী সূত্ৰে মহিলাসকলে সম্পত্তিৰ সমঅধিকাৰ নাপায়। নিয়ম অনুসৰি পিতৃ-মাতৃয়ে নিজৰ সম্পত্তিৰ অধিকাৰ সম্পূৰ্ণৰূপে কন্যাক দিয়াটো কঠিন হৈ পৰে।
সেয়েহে শুকুৰে ইয়াৰ এক সমাধান সুত্ৰ বিচাৰি উলিয়াবলৈয়ে পুনৰ বিবাহৰ সাহসী পদক্ষেটো গ্ৰহণ কৰিছিল। তেওঁ আৰু তেওঁৰ পত্নীয়ে বিশেষ বিবাহ আইনৰ অধীনত পুনৰ বিবাহপাশত আৱদ্ধ হয়। এই আইনখনে তেওঁক তিনিজনী কন্যাক তেওঁৰ সম্পত্তিৰ সম্পূৰ্ণৰূপে অধিকাৰ প্ৰদান কৰাৰ অনুমতি প্ৰদান কৰিছিল।
২০২৩ চনত শুকুৰ আৰু তেওঁৰ পত্নীয়ে পুনৰ বিবাহপাশত আৱদ্ধ হৈছিল আৰু আৱাজ দ্য ভইচ-এ এই বাতৰিটো সবিস্তাৰে প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে খবৰটো দেশত ব্যাপকভাৱে বিয়পি পৰিছিল। এতিয়া কেৰালাৰ বহু বয়সীয়াল মুছলমান দম্পতীয়েও মনে মনে এই ধৰণৰ কাম কৰি আছে, যদিও তেওঁলোকে মুকলিকৈ ঘোষণা কৰা নাই।
শুকুৰ তেওঁৰ পত্নী আৰু তিনি কন্যাৰ সৈতে
শুকুৰে কয়, "শ্বৰীয়তৰ অধীনত ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ সম্পত্তিৰ দুই তৃতীয়াংশহে পায়। বাকীখিনি ভাই-ভনীৰ হাতলৈ যায়। লগতে পুৰুষে মহিলাতকৈ সা-সম্পত্তিৰ অধিকাৰ বেছিকৈ পায়। যদি এজন পুত্ৰই ৬৬% পায়, তেন্তে এগৰাকী কন্যাই মাত্ৰ ৩৩% হে পায়। সেয়া ন্যায্য নহয়।"
শুকুৰে ব্যাখা কৰে যে, বহুলোকে তেওঁক দৈনিক লগ পায় আৰু তেওঁক কয় যে তেওঁলোকেও বিশেষ বিবাহ আইনৰ অধীনত নিজৰ বিবাহ পুনৰ পঞ্জীয়ন কৰিছে। বিশেষকৈ যিসকল পিতৃ-মাতৃৰ কেৱল কন্যা সন্তান আছে, তেওঁলোকে নিজৰ কন্যাক সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ দিব বিচাৰে।
মৃত্যুৰ পিছত শাস্তি পোৱাৰ ভয়ত বেছিভাগ মানুহেই শ্বৰীয়তৰ বিৰুদ্ধে যাবলৈ ভয় কৰে। কিন্তু একাংশ পিতৃ-মাতৃয়ে নিজৰ কন্যা সন্তানৰ স্বাৰ্থত এই ভয়ক জয় কৰিছে আৰু তেওঁলোকে মনে মনে পুনৰ বিশেষ বিবাহ আইনৰ অধীনত বিবাহ পঞ্জীয়ন কৰিছে।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰিছে শুকুৰে
এই সমস্যাবোৰৰ ব্যাখ্যা কৰি শুকুৰে কয়, "পুৰুষৰ মৃত্যু হ’লে, তেওঁৰ পত্নী আৰু সন্তান সম্পূৰ্ণৰূপে তেওঁৰ ভায়েক তথা খুড়াকৰ ওপৰত নিৰ্ভৰশীল হয়। আনকি পিতৃৰ গাড়ী বা চিম কাৰ্ড ব্যৱহাৰ কৰিবলৈও সন্তানক খুৰাকহঁতৰ অনুমতিৰ প্ৰয়োজন হয়। প্ৰকৃততে তেওঁলোকৰ একোৱেই অধিকাৰ নোহোৱা হৈ যায়।"
তেওঁ এই ব্যৱস্থা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি শুকুৰে কয়, "যদি ঈশ্বৰ দয়ালু হয়, তেন্তে তেওঁ নিজৰ সন্তানক পিতৃ-মাতৃৰ মৃত্যুৰ পিছত দুখভোগ কৰিবলৈ দিবনে?" শুকুৰৰ মতে, সময়ৰ লগে লগে আইন সলনি হ’বই লাগিব। তেওঁ বিচাৰে ১৯৩৭ চনৰ আইনখনৰ পৰিৱৰ্তনৰ জৰিয়তে মুছলমানসকলৰ বাবে শ্বৰীয়তক ঐচ্ছিক (optional) কৰি তোলা হওঁক।
শুকুৰে উদাহৰণ দাঙি ধৰিছে যে, ডুবাইত শ্বৰীয়ত মানি চলাটো জনসাধাৰণৰ নিজৰ ইচ্ছাৰ কথা। পিতৃ-মাতৃয়ে ইচ্ছা কৰিলে নিজৰ সকলো সম্পত্তি সন্তানক এৰি দিব পাৰে।
চিনেমা হলত শুকুৰ তেওঁৰ পত্নী আৰু কন্যাৰ সৈতে
কিন্তু তেওঁ এইটোও স্বীকাৰ কৰে যে, বিশেষ বিবাহ আইন সম্পূৰ্ণ সমাধান সূত্ৰ নহয়। কেৱল বিবাহিত দম্পতীয়েহে পুনৰ পঞ্জীয়ন কৰিব পাৰিব। বিধৱা আৰু বিবাহ বিচ্ছেদ হোৱা লোকসকলে এইটো কৰিব নোৱাৰে। তেওঁৰ বাবে পুনৰ বিবাহ কৰোৱা কাৰ্য্যটো আছিল কেৱল সজাগতা বিয়পোৱাৰ বাবেহে।
শুকুৰে কয়, "মোৰ ভাইসকল সম্পত্তিশালী, সেয়েহে তেওঁলোকক মোৰ সম্পত্তিৰ প্ৰয়োজন নাই। আনকি মোৰ বৌ আৰু ভাই-বোৱাৰীসকলেও আমাৰ পুনৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহন কৰিছিল। আমাৰ উদ্দেশ্য আছিল কেৱল সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা।"