প্ৰতিমা বিসৰ্জনৰ পিছত গংগা নদীৰ সৌন্দৰ্য্য ঘূৰাই অনা নীৰৱ যোদ্ধাসকল

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
শম্পী চক্ৰৱৰ্তী পুৰকায়স্থ
 
দশমীৰ সন্ধিয়া ঢোল,বাঁহীৰ শব্দৰ ঢৌৰ সৈতে দেৱীৰ প্ৰতিমা নদীত বিসৰ্জন দিয়া হয়। এই সময়ছোৱাত আনন্দত বিভোৰ হাজাৰ হাজাৰ লোকেৰে গংগা ঘাট ভৰি পৰে। কিন্তু এই আনন্দ ম্লান পৰাৰ লগে লগে নদীৰ বুকুত আৰম্ভ হয় অন্য এক যুদ্ধৰ। গংগাৰ পাৰত ঘাটসমূহত এদল মানুহে মনে মনে কাম কৰিবলৈ আৰম্ভ কৰে, যিসকলৰ নাম কোনেও নাজানে, যাৰ ছবি বাতৰি কাকতৰ পৃষ্ঠাত কেতিয়াও বন্দী নহয়। কেৱল মাত্ৰ প্ৰতিমা বিসৰ্জনৰ পিছত গংগা ঘাটত পৰিলক্ষিত হয় এই অদৃশ্য বীৰসকল।   
 
ভক্তসকলে নদীত এৰি থৈ যোৱা প্ৰতিমাবোৰৰ অৱশিষ্টসমূহ পৰিষ্কাৰ কৰাটো অন্যতম কষ্টকৰ কাম। কিন্তু গংগাৰ পাৰত অচিনাকি বীৰসকলে নদীত নামি এই অন্যতম কষ্টকৰ নদী পৰিষ্কাৰৰ কাম আৰম্ভ কৰে। নদী আৰু ইয়াৰ ঘাটবোৰক সৌন্দৰ্য্য ঘূৰাই অনা এইসকলে হৈছে সমাজখনৰ প্ৰকৃত নায়ক।  
 
কলকাতা, হাওৰা, চেৰামপুৰ, চন্দননগৰৰ ঘাটত প্ৰতি বছৰে লাখ লাখ প্ৰতিমা বিসৰ্জন দিয়া হয়। প্ৰতিমাৰ ফুল, প্লাষ্টাৰ, ৰং, পলিথিন ওপঙি তললৈ নামি যায় আৰু এই সকলোবোৰ গংগাত জমা হৈ ভয়ংকৰ  আৱৰ্জনাৰ তৰপৰ সৃষ্টি কৰে।  
 
বিসৰ্জন পিছত নদীৰ এক দৃশ্য
 
এই সময়ত কলকাতা পৌৰসভা, হুগলী জিলা পৰিষদ, হাওৰা পৌৰ নিগম, বুৰ্দৱান পৌৰসভা আদি জিলা প্ৰশাসকে বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে। কিন্তু বৃহৎ বিসৰ্জন উৎসৱৰ পিছত ঘাটসমূহ চাফা কৰাৰ মূল দায়িত্ব এদল শ্ৰমিকৰ কান্ধত নিহিত হৈ থাকে, যাৰ অধিকাংশই প্ৰান্তীয় শ্ৰেণীৰ লোক।
 
ৰাতি হোৱাৰ লগে লগে এই পুৰুষ-মহিলাসকলে হাতত বাঁহৰ লাঠি, জাল, ঝাড়ু আৰু টাৱেল লৈ কামলৈ ওলাই আহে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁলোকে ঠাণ্ডা পানীত থিয় হৈ প্ৰতিমাৰ ফ্ৰেম, মালা, কাপোৰ, বাঁহ, ৰঙীন মাটিৰ টুকুৰাবোৰ নদীৰ পানীৰ পৰা উলিয়াই আনে। 
 
কেতিয়াবা পচি যোৱা ফুলৰ গোন্ধত নাক শ্বাসৰুদ্ধ হৈ পৰে, কেতিয়াবা পানীত সোমাই গ'লে বোকাত সুমুৱাই যাব লগা হয়। তথাপি কোনেও অভিযোগ নকৰে। সকলোৱে সুচাৰুৰূপে নিজৰ নিজৰ কামবোৰ কৰি যায়। 
 
হাওৰাৰ মল্লীখাতৰ শ্ৰমিক ৰমেশ সাহাই কয়, "বছৰৰ এই সময়টো আটাইতকৈ কঠিন, যদিও আটাইতকৈ আনন্দৰো সময় হয়। পূজা শেষ কৰি সকলোৱে ঘৰলৈ গ'লে আমি গংগাক পৰিষ্কাৰ কৰি উলিয়াও। বহু সময়ত আমাৰ ভৰিত কটা যায়, শৰীৰ সংক্ৰমিত ৰোগ হয়, তথাপিও আমি আমাৰ কাম বন্ধ হবলৈ নিদিও।"  
 
এই কামৰ লগত জড়িত পৌৰসভাৰ কৰ্মী সুশান্তা দাসে কয়, "বিসৰ্জনৰ পিছত প্ৰথম তিনি-চাৰি দিন আমাৰ বাবে আটাইতকৈ কঠিন হৈ পৰে। পানী লেতেৰা হৈ তাৰ পৰা দূৰ্গন্ধ ওলায়। কিন্তু আমি ভালকৈ জানো যে, গংগা পৰিষ্কাৰ নকৰিলে পৰৱৰ্তী প্ৰজন্ম বিপদত পৰিব।" 
 
বিসৰ্জনৰ পিছত নদী পৰিষ্কাৰ কৰাৰ এক দৃশ্য
 
ইয়াৰ সমান্তৰালকৈ নাগৰিক স্বেচ্ছাসেৱক আৰু নিৰাপত্তাৰ দায়িত্বত থকা দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যসকলেও মৌনতাৰে যুদ্ধ কৰি আহিছে। যেতিয়া কোনোবাই ভিৰৰ মাজত পৰি যায়, প্ৰতিমা বিসৰ্জনৰ সময়ত পানীয়ে উটুৱাই লৈ যায়, বা কোনো দুৰ্ঘটনা সংঘটিত হয়, তেতিয়া তেওঁলোকে জীৱন ৰক্ষাৰ বাবে লৰালৰি দৌৰি আহি সহায়ৰ হাত আগবঢ়ায়। কিন্তু তেওঁলোকৰ কাহিনীবোৰো প্ৰকাশ কৰা নহয়, মাত্ৰ ভিৰৰ মাজতে লুকুৱাই যায়। 
 
গংগা ঘাটৰ সৌন্দৰ্য, বিশুদ্ধ পানী, নিৰাপদ বিসৰ্জন - এই সকলোবোৰৰ আঁৰৰ এই শ্ৰমিক আৰু কৰ্মীসকলৰ ত্যাগ অমূল্য। তেওঁলোকৰ কোনোৱেই মঞ্চত বঁটা লাভ নকৰে, লাইমলাইটলৈও নাহে, কিন্তু তেওঁলোকৰ কষ্টৰ ফলত গংগাৰ পুনৰ প্ৰাণ পাই উঠে।
 
পৰম্পৰাই যিমানেই বিসৰ্জনৰ আনন্দ কঢ়িয়াই লৈ নাযাওঁক কিয়, উৎসৱৰ প্ৰকৃত ছবিখন পিছদিনাখনৰ পৰাইহে বুজিব পাৰি। গংগা ঘাটৰ সেই অচিনাকি নায়কসকল আচলতে চহৰখনৰ প্ৰকৃত নায়ক — যিসকলৰ অবিহনে পূজাৰ পিছত গংগা আৱৰ্জনাত আবৃত হৈ থাকিল হয় আৰু ভক্তিৰ স্থান প্ৰদূষণৰ প্ৰতীক হৈ পৰিলহেঁতেন।  
 
প্ৰতিমা বিসৰ্জন দিয়াৰ পিছত একেৰাহে তিনি-চাৰিদিন ধৰি নদীৰ পাৰত বা জলভাগত কৰা পৰিষ্কাৰ কামক এখন মহাযুদ্ধ বুলি ক'লেও ভুল নহয়। ই কেৱল পৰিৱেশ পৰিষ্কাৰ কৰাই নহয়, পৰৱৰ্তী প্ৰজন্মৰ বাবেও এক সুস্থ, পৰিষ্কাৰ, প্ৰদূষণমুক্ত পৰিৱেশৰ সৃষ্টি কৰি আহিছে।