দিল্লী বিস্ফোৰণ আৰু ইছলামিক মৌলবাদৰ নীৰৱ উত্থান

Story by   Atir Khan | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
  আতিৰ খান
 
নিশাৰ কুঁৱলীৰ দৰে ভাৰতত ইছলামিক মৌলবাদে নীৰৱে প্ৰসাৰ লাভ কৰিছে, আস্থা আৰু মৌলবাদৰ সীমাবদ্ধতা স্পষ্ট নোহোৱা পৰ্যন্ত যাক দেখিবলৈ পোৱা নাযায়। ১০ অক্টোবৰৰ সন্ধিয়া লালকিল্লাৰ সমীপত সংঘটিত কাৰ বোমা বিস্ফোৰণৰ ঘটনাই দিল্লীৰ শান্তি বিঘ্নিত কৰাত এই কুঁৱলী ক্ৰমাৎ মাৰাত্মক হৈ পৰে।
 
এই বিস্ফোৰণে ১৯৯০ৰ দশকৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ভয়ানক স্মৃতি সজীৱ কৰি তোলে। এই বিস্ফোৰণত ১০ জন লোকৰ মৃত্যু হয় আৰু ১২জন লোক আহত হয়। এই ঘটনাই মুহূৰ্ততে বছৰ বছৰ ধৰি বৰ্তি থকা শান্তিৰ পৰিৱেশ বিঘ্নিত কৰে। তদন্তকাৰী সংস্থাসমূহে এই ঘটনাৰ আঁৰত জীৱন ৰক্ষাৰ শপত লোৱা চিকিৎসক জড়িত থকা বুলি পোহৰলৈ অনাত এই শোকাৱহ ঘটনাটো আৰু অধিক গম্ভীৰ হৈ পৰে।
 
তদন্তকাৰী বিষয়াসকলে কয় যে অভিযুক্তসকলে ১৯০০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট বিস্ফোৰণ ঘটোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰা এটা গোটৰ অংশ আছিল আৰু তেওঁলোকে অকলে কাম কৰা নাছিল।
 
লালকিল্লাৰ বিস্ফোৰণত
 
তেওঁলোকৰ যাত্ৰাই ভাৰতৰ সীমান্ত অতিক্ৰম কৰিছে। ২০২০ চনত ডাঃ উমাৰ, ডাঃ মুজাম্মিল আৰু ডাঃ আদেলে ডাঃ উকচাৰ আমন্ত্ৰণক্ৰমে তুৰস্ক ভ্ৰমণ কৰে। সেই সময়ত তাত গৃহস্থ উপস্থিত হোৱা নাছিল। তাৰ পৰিৱৰ্তে নিজকে জন ভাই বুলি পৰিচয় দিয়া এজন ব্যক্তিয়ে কাশ্মীৰী মূলৰ বুলি দাবী কৰি তেওঁলোকৰ দায়িত্ব লয়। এই ভ্ৰমণৰ সময়তে চিকিত্সকসকলে ছিৰিয়া, জৰ্দান আৰু পেলেষ্টাইনৰ লোকসকলক সাক্ষাৎ কৰে - যিবোৰ এতিয়া অসামাজিক আৰু অধিক কৌশলগত বুলি বিবেচিত হৈছে। অৱশ্যে তুৰস্কই ভাৰতক লক্ষ্য কৰি লোৱা 'উগ্ৰপন্থী কাৰ্যকলাপ'ত জড়িত থকাৰ বাতৰি অস্বীকাৰ কৰিছে।
 
ঘৰলৈ উভতি অহাৰ পিছত, এনক্ৰিপ্ট কৰা টেলিগ্ৰাম চাট আৰু হোৱাটছএপ আৰু চিগনেলত থকা ব্যক্তিগত গোটবোৰ তেওঁলোকৰ ভাৰ্ছুৱেল মিটিং ৰুমলৈ ৰূপান্তৰিত হয়। ডাঃ মুজাম্মিল আৰু ডাঃ উমাৰে ফৰিদাবাদৰ এখন বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে, তাত তেওঁলোকে অপাৰেচনেল বেছ স্থাপন কৰে আৰু স্থানীয় ড্ৰাইভিং লাইচেন্সো লাভ কৰে।
 
তদন্তকাৰী বিষয়াসকলৰ মতে, ৪৭ বছৰীয়া বিবাহ বিচ্ছেদিত ডাঃ শ্বাহীনাই ৩৩ বছৰীয়া ডাঃ মুজাম্মিলৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল, যিয়ে পৰিকল্পিত আক্ৰমণৰ বাবে সামগ্ৰী যোগান ধৰিবলৈ ২২ লাখ টকাৰ ব্যৱস্থা কৰিছিল। সাক্ষ্য প্ৰমাণ অনুসৰি, তেওঁলোকৰ যোগাযোগ তথা সংযোগ আইএছআইএছ আৰু অন্যান্য বিশ্বজনীন সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে আছে।
 
ডাঃ মুজামিল শ্বাকিলৰ ড্ৰাইভিং লাইচেন্স
 
যেতিয়া টেলিভিছনৰ কৰ্মচাৰীসকল লক্ষ্ণৌৰ ডাঃ শ্বাহীনাৰ ঘৰত উপস্থিত হয়, তেতিয়া তেওঁলোকে তেওঁৰ বৃদ্ধ পিতৃক শংকিত অৱস্থাত দেখিবলৈ পায় - তেওঁ এনে এজন ব্যক্তি যিয়ে বুজি নাপায় যে তেওঁৰ সন্তান, তেওঁৰ গৌৰৱ আৰু তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক, কেনেকৈ এনে বিশ্বাসঘাতকতাৰ সৈতে জড়িত থাকিব পাৰে। সংবাদমাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পূৰ্বে বৃদ্ধ পিতৃয়ে কিছু সময় বিৰতি লয়। তেওঁ নিশ্চিত আছিল যে তেওঁৰ সন্তান মেধাৱী, কাৰণ তেওঁ দেশৰ মেডিকেল কলেজত প্ৰৱেশৰ বাবে কঠোৰ মেডিকেল পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ বহু কষ্ট কৰিবলগীয়া হৈছিল।
 
হয়তো, এই ধীৰ-শান্তিৰ মাজতো তেওঁ ভাবিছিল যে তেওঁৰ কন্যা আৰু পুত্ৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ থকাৰ কিছুমান লক্ষণ তেওঁ উপেক্ষা কৰিছিল নেকি! হয়তো তেওঁ অধিক সজাগ হ'ব পাৰিলেহেঁতেন আৰু ইয়াক প্ৰতিৰোধ কৰিব পাৰিলেহেঁতেন।
 
পুৰণি দিল্লীত সাংবাদিকসকলে লালকিল্লাৰ বিস্ফোৰণত নিহত হোৱা মোহচিন আলী নামৰ এজন বেটাৰী-ৰিক্সা চালকৰ বাসগৃহলৈ গৈ তাত  প্ৰত্যেকজনৰ মুখত শোকৰ ছাঁ দেখিবলৈ পাইছিল। তেওঁৰ বিধৱা পত্নী আৰু দুগৰাকী স্কুলীয়া সন্তানে এই মৃত্যুৰ বাবে আজিও শোকত ভাগি পৰিছে। চুবুৰীয়াসকলে সমবেদনা আৰু আশংকা প্ৰকাশ কৰি এতিয়া তেওঁলোকক চোৱা-চিতা কোনে কৰিব বুলি প্ৰশ্ন কৰে।
 
ভূটানৰ পৰা উভতিয়ে চিকিৎসালয়ত প্ৰধানমন্ত্ৰী মোদী
 
তদন্তকাৰী বিষয়াসকলে বিশ্বাস কৰে যে, চিকিৎসকসকলৰ উগ্ৰবাদৰ যাত্ৰা শ্ৰীনগৰত আৰম্ভ হৈছিল, য'ত এজন ধৰ্মগুৰুয়ে ডাঃ মুজাম্মিল আৰু ডাঃ উমাৰক কৈছিল যে, তেওঁলোকক "মহান উদ্দেশ্যৰ বাবে নিৰ্বাচন কৰা হৈছে", আৰোগ্য নহয়, ঐশ্বৰিক কাৰ্যত সেৱা আগবঢ়াবলৈ। বিড়ম্বনাৰ কথাটো হ'ল যে প্ৰায়ে বুদ্ধিমান মানুহেই আটাইতকৈ সহজে আক্ৰান্ত হয়; তেওঁলোকৰ যুক্তি নথকা নহয়, যুক্তি থাকে, কিন্তু কেৱল ভুল দিশতহে। 
 
শেহতীয়াকৈ গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী বাহিনীয়ে আন এক বৃহৎ সাফল্য হিচাপে হায়দৰাবাদৰ চিকিৎসক আহমেদ মোহিউদ্দিন ছায়েদক (যি চীনত অধ্যয়ন কৰিছিল) তেওঁৰ দুজন সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰে। তদন্তকাৰী বিষয়াসকলে কয় যে এই তিনিওজনে এক মাৰাত্মক বিষ, ৰাইচিন- বিকশিত কৰিছিল যিটো এক সন্ত্ৰাস বিয়পাবলৈ জৈৱিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। তেওঁ লক্ষ্ণৌ, দিল্লী আৰু আহমেদাবাদত গুপ্তচৰৰ কাম কৰিছিল। গ্ৰেপ্তাৰৰ পিছত ৰাসায়নিক অস্ত্ৰৰ পৰীক্ষা-নিৰীক্ষা চলাই থকা বিশ্বব্যাপী উগ্ৰপন্থী নেটৱৰ্কৰ সৈতে ভয়ংকৰ সম্পৰ্কৰ কথা পোহৰলৈ আহে।
 
সন্ত্ৰাসবাদী কাৰ্যকলাপত শিক্ষিত বৃত্তিধাৰী ব্যক্তি জড়িত থকা ঘটনাই এটা চিন্তাজনক প্ৰশ্ন উত্থাপন কৰেঃ বুদ্ধিমত্তাক আদৰ্শলৈ ৰূপান্তৰিত কৰা হয় কেনেকৈ? এই চিকিৎসকসকল, যিসকলৰ ওপৰত জীৱন ৰক্ষাৰ ভৰসা আছিল, তেওঁলোক মৃত্যুৰ অস্ত্ৰ হৈ পৰিল। বিশ্বাস আৰু সহানুভূতি বিচ্ছিন্ন হৈ গ'লে কি ঘটে, তেওঁলোকৰ পতনে এই কথাকে প্ৰতীয়মান কৰে।তেওঁলোকক বিশ্বাস কৰোৱা হৈছিল যে তেওঁৰ বিশ্বাসৰ বাবে মৃত্যুবৰণ কৰাটো মহৎ। তেওঁলোকে পাহৰি গ'ল যে বিশ্বাসৰ প্ৰকৃত পৰীক্ষা হ'ল সন্মানেৰে জীৱন যাপন কৰা, পৰিয়াল, বৃত্তি আৰু দেশক স’ততাৰে সেৱা কৰা আৰু এক নিকা জীৱন যাপন কৰা।
 
লালকিল্লাৰ বিস্ফোৰণত বলি হোৱা লোকৰ আত্মীয়ই শোকত ভাঙি পৰা দৃশ্য
 
কোনো সভ্যতা কেতিয়াও নিখুঁত নাছিল। যিয়ে মানুহক বৰ্তাই ৰাখে সেয়া অভিযোগ নহয়, মনোভাৱহে— স্পষ্টভাৱে চিন্তা কৰাৰ সাহস, ঘৃণাক প্ৰতিহত কৰাৰ শক্তি আৰু মতাদৰ্শৰ সলনি জীৱন বাছি লোৱাৰ প্ৰজ্ঞা। ভাৰতৰ প্ৰত্যাহ্বান কেৱল শাস্তি প্ৰদান কৰাই নহয়, প্ৰতিৰোধ কৰাও। ৰাষ্ট্ৰই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দৃঢ়তাৰে কাম কৰিব লাগিব, কিন্তু ইয়াৰ সমান্তৰালভাৱে তৃণমূলৰ পৰা আঁতৰোৱাৰ এক অভিযান চলাব লাগিব- এনে এক অভিযান যি জনসাধাৰণৰ মন-মগজুত প্রৱেশ কৰিব পাৰে, তেওঁলোকক অন্ধকাৰে বহু দূৰলৈ লৈ যোৱাৰ আগতেই।
 
প্ৰতিজন ভাৰতীয়ই, তেওঁ যি ধৰ্মৰেই লোক নহওক কিয়, এই প্ৰচেষ্টাৰ অংশীদাৰ হ'ব লাগিব। অভিভাৱক, শিক্ষক আৰু সমাজৰ নেতৃবৃন্দই অফলাইন আৰু অনলাইন উভয়তে যুৱক-যুৱতীসকলক নিৰীক্ষণ কৰিব লাগে- সন্দেহৰ সৈতে নহয়, যত্নৰ সৈতে।