জেব আখতাৰ
ষষ্ঠ শতিকাৰ আৰৱত নাৰীসকলৰ জীৱন ঘৰখনৰ চাৰিবেৰৰ ভিতৰতে সীমাবদ্ধ আছিল৷ শিক্ষা বা স্বাধীনতাৰ প্ৰতি তেওঁলোকৰ কোনো ধাৰণা নাছিল। এনে সময়তে এগৰাকী নাৰীৰ আবিৰ্ভাৱ ঘটে আৰু তেওঁ সেই পৰিস্থিতিৰ সৈতে আপোচ কৰিবলৈ অস্বীকাৰ কৰি তাক সলনি কৰে।
তেওঁ আছিল খাদিজা বিন খুৱাইলিদ। প্ৰথম স্বামীৰ মৃত্যুৰ পিছত তেওঁ অকল তেওঁৰ ব্যৱসায় চলোৱাই নহয়, মক্কাৰ আটাইতকৈ সন্মানীয় ব্যৱসায়ী মহিলা হিচাপে পৰিগণিত হয়। একে আত্মবিশ্বাসেৰে তেওঁ নবী মুহম্মদ বিন আব্দুল্লাক বিবাহৰ প্ৰস্তাৱ দিয়ে।
এনে এখন সমাজ, য'ত প্ৰায়ে মহিলাৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা চলোৱা হয়, খাদিজা সেই সমাজত এক প্ৰতিবাদী কণ্ঠ হৈ পৰাই নহয়, সন্মান অৰ্জন কৰাৰ লগতে প্ৰভাৱশালী হৈ পৰে। তেওঁৰ কাহিনীয়ে প্ৰমাণ কৰে যে এজন প্ৰকৃত উদ্যোগী হোৱা মানে কেৱল ব্যৱসায় গঢ়ি তোলাই নহয়, বৰং নিজৰ পৰিস্থিতি আৰু মানসিকতাৰ বাধাসমূহ আঁতৰ কৰাৰ সাহস কৰাও।
আনহাতে, খাদিজা বিন খুৱাইলিদৰ জীৱন কেৱল শক্তিৰ উৎস নহয়, ই ভাৰতৰ মুছলমান মহিলাসকলৰ বাবে এক শিক্ষা।
আত্মনিৰ্ভৰশীলতাৰ এক উদাহৰণঃ
পিতৃৰ মৃত্যুৰ পিছত খাদিজাই পৰিয়ালৰ ব্যৱসায়ৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁৰ উটৰ কাৰভানে মক্কাৰ পৰা চিৰিয়া, য়েমেন আৰু বাসৰা যাত্ৰা কৰিছিল, লগতে মছলা, কাপোৰ, সুগন্ধি আৰু শস্যৰ ব্যৱসায় কৰিছিল। তেওঁৰ এজেণ্টসকলৰ মাজত তেওঁ সততা আৰু দক্ষতাৰ বাবে জনাজাত আছিল। ইতিহাসবিদ ইবনে সাদে লিখিছে, "যদি মক্কাৰ বজাৰত কাৰোবাৰ নাম নিশ্চয়তাৰ প্ৰতীক আছিল, তেন্তে সেয়া আছিল খাদিজাৰ।
ভাৰতৰ প্ৰেক্ষাপটত আজি খাদিজা বিন খুৱাইলিদ মুছলমান মহিলাসকলৰ বাবে শক্তি আৰু প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। তেওঁৰ কাহিনীয়ে প্ৰমাণ কৰে যে আত্মনিৰ্ভৰশীলতা কোনো আধুনিক ধাৰণা নহয়, বৰঞ্চ ই আমাৰ ঐতিহ্যত গভীৰভাৱে নিহিত হৈ আছে।
আজি কেৰালাৰ নাজৰিন বানুৱে মছলা ৰপ্তানিৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰাই হওক বা আলিগড়ৰ ছাহিন মুনোৱাৰ ইকৰাই ডিজাইনৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰাই হওক- এই সকলোবোৰেই সেই ঐতিহ্যৰ প্ৰতিফলন ঘটাইছে, যি বহু শতিকাৰ পূৰ্বে মক্কাৰ ৰাজপথত আৰম্ভ হৈছিল।
খাদিজাক তেওঁৰ সময়ৰ আটাইতকৈ বিশ্বস্ত ব্যৱসায়ীসকলৰ এজন বুলি গণ্য কৰা হয়। তেওঁ কেতিয়াও প্ৰতাৰণা বা ভণ্ডামিৰ ওপৰত ভৰসা কৰা নাছিল। তেওঁৰ দৰ্শন আছিল স্পষ্টঃ "আপুনি সততাৰে লেনদেন কৰক, আশীৰ্বাদ আপোনাৰ ওচৰলৈ আহিব।’’ এই একেই সততাই যুৱক মুহাম্মদক আকৃষ্ট কৰিছিল, যি তেওঁৰ সৎ চৰিত্ৰ আৰু নৈতিকতাৰ বাবে জনাজাত আছিল।
সততা আৰু নৈতিকতাৰ গুণাৱলীয়ে ভাৰতৰ মুছলমান উদ্যোগীসকলৰ ব্যৱসায়ক চিহ্নিত কৰে, যেনে হায়দৰাবাদৰ ৰুখছানা হাবিব, যিয়ে এটা অনলাইন ব্যৱসায় আৰম্ভ কৰিছিল, 'ট্ৰু ট্ৰেডাৰ্ছ', য'ত তেওঁ তেওঁৰ ব্ৰেণ্ড নীতি হিচাপে 'ট্ৰেণ্ডতকৈ বিশ্বাস'ক অনুসৰণ কৰে।
একেদৰে, লক্ষ্ণৌৰ হীনা আহমেদৰ বেকাৰি ব্ৰেণ্ড 'হীনা হোম বাইটছ' কেৱল সোৱাদৰ প্ৰতীক হৈয়েই ৰোৱা নাই, বৰঞ্চ বিশ্বাসৰো প্ৰতীক হৈ পৰিছে, কিয়নো তেওঁ স্বচ্ছতা আৰু বিশুদ্ধতাক প্ৰতিজন গ্ৰাহকৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰ দিয়ে। এই কাহিনীসমূহে খাদিজাই শিকোৱা এটা শিক্ষা প্ৰদান কৰে- খ্যাতি হৈছে প্ৰকৃত সম্পদ।
খাদিজাৰ দূৰদৰ্শিতাৰ আটাইতকৈ উজ্জ্বল উদাহৰণ হ'ল যুৱক মুহাম্মদক তেওঁৰ বাণিজ্যিক কাফেলাৰ নেতা হিচাপে নিযুক্তি দিয়া। এয়া কেৱল ব্যৱসায়িক সিদ্ধান্ত নাছিল, বৰং তেওঁৰ অন্তৰ্দৃষ্টিৰ প্ৰমাণ আছিল। তেওঁ দক্ষতাক ক্ষমতাৰ দৃষ্টিকোণেৰেহে দেখিছিল, লিংগৰ ভিত্তিত নহয়। আৰু এই অংশীদাৰিত্বৰ ফলত এক আধ্যাত্মিক বিপ্লৱৰ সূচনা হ'ল যিয়ে সমগ্ৰ বিশ্বৰ গতিপথ সলনি কৰি দিলে।
আৰু আচৰিত হ’বলগীয়া একো নাই যে সমকালীন ভাৰতীয় মহিলাসকলেও এই দৰ্শনক বাস্তৱায়িত কৰিছে। কেৰালাৰ মিনহা ৰাশিদে থ্ৰেডছ অফ হ'প নামৰ এটা সমবায় আৰম্ভ কৰিছে, য'ত ২০০ গৰাকীতকৈও অধিক স্থানীয় মহিলাই হস্তশিল্পৰ জৰিয়তে স্বাৱলম্বী হৈছে। মিনহাই কয়, "লাভতকৈও বেছি আমি আত্মবিশ্বাস বঢ়াইছো।’’ খাদিজাৰো একেই দৃষ্টিভংগীঃ প্ৰকৃত নেতৃত্বৰ লক্ষ্য আনৰ উন্নতি কৰা।
খাদিজাই তেওঁৰ লাভৰ এক বৃহৎ অংশ দৰিদ্ৰ, অনাথ আৰু বিধৱা মহিলাৰ সহায়ত বিনিয়োগ কৰিছিল। ইতিহাসবিদসকলৰ মতে, তেওঁ কঠিন সময়ত মক্কাৰ শতাধিক পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিছিল। যেতিয়া নবী সমাজ বৰ্জনৰ সন্মুখীন হৈছিল, তেতিয়া তেওঁ তেওঁৰ সকলো সম্পত্তি সেই সংগ্ৰামত বিনিয়োগ কৰিছিল। আজিৰ ‘সামাজিক উদ্যোগী’ৰ ধাৰণাটো এই চিন্তাৰেই আধুনিক ৰূপ।
দিল্লীৰ ছানা খানে 'মাদাৰছ বাস্কেট' নামৰ এটা উদ্যোগ আৰম্ভ কৰিছিল য'ত গ্ৰাম্য মহিলাসকলে জৈৱিক খাদ্য উৎপাদন কৰে আৰু ইয়াৰ পৰা লাভ কৰা ধনৰ এটা অংশ শিশুৰ শিক্ষাৰ বাবে ব্যৱহাৰ কৰা হয়। এয়াও একেই দৰ্শনঃ লাভৰ সৈতে উদ্দেশ্য(Profit with Purpose)।
সংগ্ৰাম, সমন্বয় আৰু ধৈৰ্যঃ
খাদিজাৰ জীৱন সংগ্ৰামেৰে ভৰা আছিল- স্বামীৰ মৃত্যু, ব্যৱসায়ৰ দায়িত্ব, সামাজিক সমালোচনা আৰু ইছলামৰ প্ৰাৰম্ভিক কালছোৱাত অৰ্থনৈতিক বৰ্জনৰ দৰে প্ৰত্যাহ্বান।
তেওঁ কেতিয়াও হাৰ মনা নাছিল। তেওঁ নিজৰ ঘৰখনক সহায়ৰ কেন্দ্ৰ বনাইছিল, নাৰীৰ মনোবল বঢ়াইছিল আৰু তেওঁৰ অৰ্থনৈতিক জ্ঞানেৰে নতুন সমাজৰ ভেটি শক্তিশালী কৰিছিল।
ভাৰতৰ মুছলমান মহিলাসকলেও একেই মনোভাৱ প্ৰদৰ্শন কৰিছে, যেতিয়া তেওঁলোকে কৰ্ম, পৰিয়াল আৰু সামাজিক প্ৰত্যাশাৰ মাজত সমন্বয় ৰক্ষা কৰে। সঁচাকৈয়ে, এগৰাকী নাৰীৰ প্ৰকৃত শক্তি তেওঁৰ ধৈৰ্য আৰু নেতৃত্বত নিহিত থাকে।
খাদিজা আল-কুব্ৰা আছিল ইছলাম ধৰ্মত বিশ্বাস কৰা প্ৰথম মহিলা, কিন্তু তাতকৈও বেছি তেওঁক বিশ্বৰ প্ৰথম প্ৰমাণিত ব্যৱসায়িক মহিলা হিচাপে গণ্য কৰা হয়। তেওঁৰ অনুপ্ৰেৰণা দেশ বা ধৰ্মৰ দ্বাৰা সীমাবদ্ধ নহয়, বৰঞ্চ ই মানৱতা আৰু আত্মনিৰ্ভৰতাৰ এক উদাহৰণ।
আজি ভাৰতৰ মুছলমান মহিলাসকলে পোছাক-পৰিচ্ছদ আৰু প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে নিজৰ অৰিহণা আগবঢ়াই আছে। উদাহৰণস্বৰূপে, মুম্বাইৰ ফাতিমা বানো, যিয়ে 'টেক ফৰ হাৰ'ৰ জৰিয়তে মহিলাসকলক কোডিং শিকাই আছে, অথবা যোধানপুৰৰ আফ্ৰিন শ্বেখ; যিয়ে জৈৱ ইন্ধন উৎপাদনৰ বাবে ষ্টাৰ্টআপ চলাই আছে। খাদিজাৰ উত্তৰাধিকাৰসকল তেওঁলোকৰ সকলো কাহিনীতে জীয়াই আছে। তেওঁলোকৰ জীৱনশৈলীয়ে আমাক শিকায়- ‘‘আস্থা আৰু নৈতিকতাৰ সৈতে অৰ্জন কৰা সফলতাই হৈছে প্ৰকৃত সফলতা’’।
পণ্ডিতসকলৰ দৃষ্টিত খাদিজাঃ
‘‘যেতিয়া নবী মুহাম্মদে নিজৰ ব্যৱসায়িক লেনদেনত সততা প্ৰদৰ্শন কৰিছিল, তেতিয়া খাদিজাই তেওঁক তেওঁৰ লেনদেনৰ দায়িত্ব অৰ্পণ কৰিবলৈ আৰম্ভ কৰিছিল।’’- ইবনে হিশাম
‘‘খাদিজা মক্কাৰ কেইগৰাকীমান মহিলাৰ ভিতৰত এগৰাকী আছিল, যিয়ে কেৱল মূলধনৰ মালিকী নহয়, বৰং প্ৰত্যেক অংশীদাৰীত্বত তেওঁৰ স্বীকৃতি আছিল। তেওঁৰ প্ৰতিটো লেনদেন বিশ্বাসৰ ওপৰত আধাৰিত আছিল।’’- ইবনে ইশাক
‘‘মক্কা ত্যাগ কৰা কাৰভানেৰ আধা অংশৰ নাম আছিল খাদিজা। তেওঁলোকৰ বাণিজ্য ছিৰিয়া, য়েমেন আৰু ইজিপ্তলৈ বিস্তৃত আছিল।’’- আল-তাবাৰি
‘‘খাদিজাই তেওঁৰ কৰ্মচাৰীসকলৰ প্ৰতি ন্যায় আৰু সহানুভূতিসুলভ ব্যৱহাৰ কৰিছিল। তেওঁ লাভক আনক সহায় কৰাৰ মাধ্যম হিচাপে গণ্য কৰিছিল।’’- আল মাকৰিজি
‘‘খাদিজাৰ ব্যৱসায়িক দৰ্শন ইমান স্পষ্ট আছিল যে আজিৰ ব্যৱসায়িক মডেলেও তেওঁৰ পৰা বহু কথা শিকিব পাৰে।’’- মুহাম্মদ হামিদুল্লাহ
‘‘খাদিজাৰ সৰ্বশ্ৰেষ্ঠ উত্তৰাধিকাৰ এয়াই যে তেওঁ ব্যৱসায়ক নৈতিকতাৰ কেন্দ্ৰবিন্দুত ৰখাটো। তেওঁৰ বাবে সফলতাৰ অৰ্থ হ’ল বিশ্বাস আৰু দায়িত্ব।’’- ড০ তাৰিক ৰামাদান