গুৱাহাটীত দুৰ্ঘটনাগ্ৰস্ত বলীউডৰ অভিনেতা আশিস বিদ্যাৰ্থী; চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক

Story by  atv | Posted by  [email protected] • 1 Months ago
 বলীউডৰ অভিনেতা আশিস বিদ্যাৰ্থী
বলীউডৰ অভিনেতা আশিস বিদ্যাৰ্থী
 
গুৱাহাটী
 
গুৱাহাটী মহানগৰীত শুকুৰবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত বলীউডৰ অভিনেতা আশিস বিদ্যাৰ্থীসহ পত্নী ৰূপালী বৰুৱা। নিশা ৰাজপথত ভ্ৰমণ কৰি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো।
 
শুকুৰবাৰে মাজনিশা মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত ‘The Guwahati Address’ নামৰ হোটেলখনৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো।
 
জানিব পৰা মতে, চানমাৰিৰ দিশৰ পৰা আহি থকা তীব্ৰবেগী AS-01-DY-5061 নম্বৰৰ এখন এভেঞ্জাৰ বাইকে তীব্ৰবেগেৰে আহি খুন্দা মাৰে অভিনেতাগৰাকীক আৰু তেওঁৰ পত্নীক।
 
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক চালকজন আৰু আঘাতপ্ৰাপ্ত হয় আশিস বিদ্যাৰ্থীসহ পত্নী ৰূপালী বৰুৱা। ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত বাইক আৰোহীজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। আশিস বিদ্যাৰ্থীয়ে ভৰিত আঘাত পাইছে যদিও তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। অৱশ্যে বিদ্যাৰ্থীৰ পত্নী গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে।