অন্ধকাৰত ডুব গ'ল জুবিনক্ষেত্ৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
অন্ধকাৰত ডুব গ'ল জুবিনক্ষেত্ৰ
অন্ধকাৰত ডুব গ'ল জুবিনক্ষেত্ৰ
 
গুৱাহাটী
 
চৰকাৰ-প্ৰশাসনৰ চূড়ান্ত হেমাহিৰ বাবেই অন্ধকাৰাছন্ন হ'ল জুবিন ক্ষেত্র। ঘণ্টাৰ পিচত ঘণ্টা ধৰি অন্ধকাৰত ডুব গ'ল হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্র। কোনো এজন অসমীয়াই কাহানিও ভাবিব নোৱৰা, অকল্পনীয় এটা কথা। আন্ধাৰ হ'ব নোৱাৰো বুলি হৃদয়স্পর্শী গানেৰে শত-সহস্রজনক মোহাচ্ছন্ন কৰা প্ৰাণৰ শিল্পীজনৰ অবৰ্তমানৰ মাত্র ৫ মাহৰ পিচতেই আজি আন্ধাৰত ডুবি থাকিল জুবিন ক্ষেত্র। পুনৰবাৰ উন্মোচিত হ'ল প্ৰাণৰ শিল্পীক চৰকাৰে কৰি অহা চূড়ান্ত অবহেলাৰ দৃশ্য।
 
যান্ত্রিক বিজুতিৰ অজুহাতত আজি সন্ধিয়া প্রায় তিনি ঘণ্টা ধৰি অন্ধকাৰছন্ন হৈ থাকিল জুবিন ক্ষেত্র। বন্ধ হৈ পৰিল জুবিন ক্ষেত্ৰৰ সন্ধিয়াৰ অনুষ্ঠান। সেই সময়ত জুবিন ক্ষেত্রত উপস্থিত শ শ দর্শনার্থী-অনুৰাগীৰ মাজত সৃষ্টি হয় হুৱাদুৱা। সৃষ্টি হয় অবর্ণনীয় পৰিবেশৰ। বিদ্যুৎ সংযোগৰ বিকল্প ব্যৱস্থা নথকাৰ বাবেই আজি সন্ধিয়া সৃষ্টি হ'ল অনাহৃত পৰিস্থিতিৰ।
 
কিয়নো প্রশাসনৰ অৱহেলা স্বৰূপ উদঙাই জুবিন ক্ষেত্ৰত থকা জেনেৰেটৰত নাই ডিজেল। বিকল জেনেৰেটৰৰ বেটাৰি। কেৱল সেয়ে নহয়, স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি তিনিমাহে দৰমহা প্রদান নকৰাৰ বাবে জুবিন ক্ষেত্ৰৰ বিদ্যুৎ কর্মীও আঁতৰি গৈছে সেই স্থানৰ পৰা। ফলত ঘোৰ অন্ধকাৰৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হয় জুবিন ক্ষেত্রলৈ অনুষ্ঠান পৰিবেশনৰ বাবে অহা শিল্পী-কলা-কুশলী তথা দর্শনার্থীৰ। লখিমপুৰৰ ঘিলামৰাৰ পৰা ভাওনা পৰিবেশনৰ বাবে জুবিন ক্ষেত্রলৈ অহা এগৰাকী শিল্পীয়ে কয় যে সন্ধিয়া ৫ বজাত তেওঁলোকৰ ভাওনা আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু ভাওনা আৰম্ভ হোৱাৰ পূর্বে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হয়। প্রায় দুঘণ্টা বিদ্যুৎ সংযোগ ব্যাহত হৈ থকাৰ পিচতে ২০ মিনিটৰ বাবে বিদ্যুৎ সংযোগ পুনৰ প্ৰতিষ্ঠা হয়।
 
কিন্তু পুনৰ এঘণ্টাৰ বাবে ব্যাহত হয় বিদ্যুৎ। সেয়ে তেওঁলোকে নিশা ৮ বজাতহে অনুষ্ঠান আৰম্ভ কৰিবলগীয়া হয়। বিদ্যুৎ সংযোগ ব্যাহত হৈ থকা সময়ছোৱাত তেওঁলোকে পৰিচালনা সমিতি, প্রশাসনৰ স'তে যোগাযোগ কৰে। কিন্তু সংশ্লিষ্ট কর্তৃপক্ষই কয় যে জেনেৰেটৰ আছে, কিন্তু ডিজেল নাই। বহু আলোচনাৰ অন্তত ডিজেল আনি ভৰোৱা হয় যদিও বিদ্যুৎ সংযোগ নহ'ল। এইবাৰ কোৱা হ'ল যে বেটাৰিটো বিকল। মুঠৰ ওপৰত সকলো অন্ধকাৰতে থাকিবলগীয়া হয়। স্থানীয় একাংশ ৰাইজৰ মতে জুবিন ক্ষেত্ৰত বিদ্যুৎ সংযোগৰ দায়িত্বত থকা বিদ্যুৎ কর্মীজনো কিছুদিন পূর্বে গুচি গৈছে। কাৰণটো হৈছে বিদ্যুৎ কর্মীজনে তিনিমাহ ধৰি লাভ কৰা নাছিল দৰমহা। ইপিনে প্ৰাণৰ শিল্পীৰ সমাধিক্ষেত্রব বিদ্যুৎ সংযোগ ব্যাহত হোৱা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কার্যালয়ে সামাজিক মাধ্যমত স্পষ্টীকৰণ দিছে। তেওঁলোকৰ মতে খানাপাৰাৰ কইনাধৰাৰ জাবৰৰ দ'মত কোনো লোকে জুই জ্বলাই দিয়াৰ বাবে বিদ্যুতৰ তাঁৰ জ্বলি যায়। সেয়ে সঘনে সোণাপুৰ অঞ্চলৰ বিদ্যুৎ সন্ধিয়া ৫.২০ বজাৰ পৰা ৫.৫৮ বজালৈ ব্যাহত হয়। তেওঁলোকৰ মতে ৩৫ মিনিটৰ পিচত পুনৰ পুনৰ সংযোগ হয় বিদ্যুৎ।
 
ইপিনে জুবিন ক্ষেত্র আজি অন্ধকাৰাছন্ন হৈ পৰাত সামাজিক মাধ্যমত আবেগিক পোষ্ট কৰে জুবিন পত্নী গৰিমা শইকীয়া গার্গে। তেওঁ লিখে- 'সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিচ্ছিন্ন বিদ্যুৎ সংযোগ... আৰু কি বাকী আছেগৈ? কি ইমান অপকাৰ কৰিছে জুবিন গাৰ্গ নামৰ নিষ্পাপ মানুহজনে যে তেওঁক এনেদৰে অন্ধকাৰৰ গহ্বৰলৈ ঠেলি নি আছে।' উল্লেখযোগ্য যে যোৱা ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মহাপ্রয়াণে ৫ মাহ সম্পূর্ণ কৰিছে। কিন্তু আজিকোপতি জুবিন ক্ষেত্ৰৰ চৌহদৰ দেৱাল নির্মাণ কৰা নহ'ল। দিনকদিনে পৰিত্যক্ত, ধূলিময় হৈ পৰিছে জুবিন ক্ষেত্র। মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ নিজকে আটাইতকৈ ডাঙৰ জুবিন প্রেমী বুলি দাবী কৰি অহাৰ বিপৰীতে আজিকোপতি জুবিন ক্ষেত্ৰৰ চৌহদৰ দেৱাল নিৰ্মাণৰ নামত নপৰিল এচপৰাও ইটা। ইয়াকে লৈ স্বাভাৱিকতে ৰাজ্যৰ লাখ লাখ জুবিনপ্রেমীৰ মাজত অব্যাহত আছে তীব্র অসন্তুষ্টিৰ। ইয়াৰ মাজত আজি সন্ধিয়া জুবিন ক্ষেত্র অন্ধকাৰাছন্ন হৈ পৰা বিষয়টোরে বিশেষ তাৎপর্য বহন কৰিছে।