মণিপুৰত সেনাৰ গুলীচালনাত নিহত ২ জন, আহত ২০; ৪ খন জিলাত সান্ধ্য আইন জাৰি

Story by  atv | Posted by  [email protected] • 2 h ago
মণিপুৰত সেনাৰ গুলীচালনা
মণিপুৰত সেনাৰ গুলীচালনা
 
গুৱাহাটী
 
পুনৰ উত্তপ্ত হৈছে মণিপুৰ। মঙলবাৰে বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত দুটা শিশু নিহত হোৱাৰ পিছতে পুনৰ ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ৰাইজে বিভিন্ন স্থানত প্ৰতিবাদ আৰম্ভ কৰিছে । এনে পৰিস্থিতিত মণিপুৰত পুনৰ সান্ধ্য আইন জাৰি কৰা হৈছে। ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ আৰু কাকচিং জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হয়।
 
আটাইকেইখন জিলাৰে দণ্ডাধীশে মঙলবাৰৰ পৰা সান্ধ্য আইনৰ ঘোষণা কৰি এক নিৰ্দেশনা জাৰি কৰে। য'ত কোৱা হৈছে যে কোনো ব্যক্তিয়ে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব। ৭ এপ্ৰিলৰ পৰা এই সান্ধ্য আইন কাৰ্যকৰী হোৱাৰ লগতে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ই অব্যাহত থাকিব। লগতে কোৱা হৈছে যে আইন-শৃংখলা বজাই ৰখা, অত্যাৱশ্যকীয় সামগ্ৰী, জৰুৰীকালীন আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এই আদেশ কাৰ্যকৰী নহ'ব।
 
ইয়াৰ পূৰ্বে মণিপুৰ চৰকাৰে ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰৰ দলে ৫ খন উপত্যকা জিলাত ব্ৰডবেণ্ড, ভিএছএটি আৰু ভিপিএনকে ধৰি ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা ৩ দিনৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিছিল । ইয়াৰ কাৰণ আছিল বিষ্ণুপুৰ জিলাত সংঘটিত বোমা বিস্ফোৰণৰ পিছতে হোৱা তীব্ৰ প্ৰতিবাদ । শতাধিক লোকে প্ৰতিবাদৰ অংশ হিচাপে চিআৰপিএফৰ শিবিৰত আক্ৰমণ কৰিছিল। য'ত নিৰাপত্তা বাহিনীৰ গুলীচালনাত দুজন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়।
 
বিস্ফোৰণস্থলীৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত থকা গেলমোলৰ সমীপৰ চিআৰপিএফৰ শিবিৰত প্ৰতিবাদ সাব্যস্ত কৰি একাংশ লোকে তাত থকা বাহন জ্বলাই দিয়াৰ লগতে সা-সম্পত্তি ভাঙি লণ্ডভণ্ড কৰে বুলিও জানিব পৰা গৈছিল।
 
ৰাজ্যখনৰ গৃহমন্ত্ৰী গৃহমন্ত্ৰী গোবিনদাস কনথৌজামে জনোৱা মতে মৈৰাং ট্ৰংলাওবি অঞ্চলত সন্দেহযুক্ত উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত দুটা শিশু নিহত হোৱাৰ পিছতে বৃহৎ সংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰে।
 
গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে চিআৰপিএফৰ শিবিৰত প্ৰতিবাদকাৰীয়ে ধ্বংসলীলা আৰম্ভ কৰিছিল। তেওঁ কয়, "মই প্ৰতিবাদকাৰীসকলক চিআৰপিএফ শিবিৰত প্ৰৱেশ নকৰিবলৈ আহ্বান জনাইছিলোঁ আৰু নিৰাপত্তা বাহিনীক বোমা বিস্ফোৰণৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান চলোৱাৰ নিৰ্দেশ দিছোঁ। কিন্তু বিক্ষোভকাৰীসকলে এই আহ্বানৰ প্ৰতি কোনো গুৰুত্ব নিদিলে।" এই ঘটনাত আহত লোকসকলক কেইবাখনো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।
 
ইফালে বিষ্ণুপুৰৰ বোমা বিস্ফোৰণক লৈ মণিপুৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এই ঘটনাৰ তদন্ত এনআইএক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি কয় যে এই কাৰ্য ৰাজ্যখনৰ প্ৰচলিত শান্তি বিঘ্নিত কৰাৰ ক্ষেত্ৰত ন্যস্ত স্বাৰ্থ থকা লোক বা গোটৰ কাম যেন লাগে। ৰাজ্যৰ গৃহ মন্ত্ৰী আৰু অন্যান্য বিধায়কৰ সৈতে বিতং আলোচনাৰ অন্তত গোচৰটো এনআইএক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি তেওঁ অৱগত কৰে। তেওঁ লগতে কয়, "আৰক্ষী, অসম ৰাইফলছ, চি আৰ পি এফকে ধৰি নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । হেলিকপ্টাৰো ব্যৱহাৰ কৰা হৈছে। অতি সোনকালে দোষী ধৰা পৰিব।"