প্ৰবীণ কংগ্ৰেছ নেত্ৰী মহছিনা কিদৱাইৰ ৯৪ বছৰ বয়সত দেহাৱসান

Story by  atv | Posted by  [email protected] • 2 h ago
প্ৰবীণ কংগ্ৰেছ নেত্ৰী মহছিনা কিদৱাই
প্ৰবীণ কংগ্ৰেছ নেত্ৰী মহছিনা কিদৱাই
 
নতুন দিল্লী
 
প্ৰবীণ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মহছিনা কিদৱাইৰ বুধবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। তেওঁৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ কথা সদৰী কৰিছে।
 
তেখেতৰ জোঁৱায়েক ৰাজী উৰ ৰহমান কিদৱাইয়ে জনোৱা মতে, বাৰ্ধক্যজনিত ৰোগত ভুগি থকা মহছিনা কিদৱাইয়ে আজি পুৱতি নিশা নয়ডাৰ মেট্ৰ’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
 
তেওঁ আৰু জনায় যে, বিয়লি প্ৰায় ৫ বজাত নিজামুদ্দিনৰ কবৰস্থানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।
 
উল্লেখ্য যে, মহছিনা কিদৱাই এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আছিল, যিয়ে ৰাজীৱ গান্ধীৰ চৰকাৰত গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব চম্ভালিছিল। তেওঁ বিভিন্ন সময়ত লোকসভা আৰু ৰাজ্যসভা— উভয় সদনৰে সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
 
ইয়াৰ উপৰিও, পূৰ্বে তেওঁ কংগ্ৰেছ ৱৰ্কিং কমিটি আৰু দলৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ সদস্য হিচাপেও সেৱা আগবঢ়াইছিল।