নতুন দিল্লী
ভাৰতে আকৌ এবাৰ প্ৰতিৰক্ষা ক্ষেত্ৰত এক ডাঙৰ সফলতা অৰ্জন কৰিছে। শুকুৰবাৰে ওড়িশাৰ বালেশ্বৰত থকা একীকৃত পৰীক্ষণ কেন্দ্ৰৰ পৰা অগ্নি-১ নামৰ কম দূৰত্বৰ বেলিষ্টিক মিছাইলটোৰ সফল উৎক্ষেপণ কৰা হয়।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ডৰ তত্ত্বাৱধানত এই পৰীক্ষণ চলোৱা হৈছিল আৰু ই মিছাইল ব্যৱস্থাটোৰ সকলো কাৰিকৰী তথা কাৰ্যক্ষম দিশ সুচাৰুৰূপে প্ৰমাণিত কৰিছে। এই সফল পৰীক্ষণে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সামৰিক প্ৰস্তুতি আৰু দেশৰ কৌশলগত প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰি তুলিছে।
ইয়াৰ পূৰ্বে যোৱা ৮ মে’ত ভাৰতে ওড়িশাৰ উপকূলৰ পৰা এম আই আৰ ভি প্ৰযুক্তিযুক্ত এক উন্নতমানৰ অগ্নি মিছাইলৰ সফল উৰণ পৰীক্ষণ সম্পন্ন কৰিছিল। এই বিশেষ প্ৰযুক্তিৰ সহায়ত এটা মাত্ৰ মিছাইলে একেলগে বিভিন্ন স্থানত কেইবাটাও যুদ্ধাস্ত্ৰ নিক্ষেপ কৰিব পাৰে। শুকুৰবাৰৰ এই নতুন পৰীক্ষণে দেশৰ প্ৰতিৰক্ষা প্ৰণালীক আন এক নতুন মাত্ৰা প্ৰদান কৰিলে।