দুমাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং

Story by  atv | Posted by  [email protected] • 1 Months ago
দুমাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং
দুমাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং
 
গুৱাহাটী
 
জুলাই মাহৰ ১৩ পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। কাৰিকৰী বিজুতিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। সংবাদমেলযোগে এই কথা সদৰি কৰে কামৰূপ জিলা আয়ুক্তই।
 
উল্লেখযোগ্য যে, অহা ১৩ জুলাইৰ পৰা ১৫ ছেপ্টম্বৰলৈ বন্ধ থাকিব শৰাইঘাট দলংখন। দলংখন মেৰামতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ। পুৰণি শৰাইঘাটৰ দলং বন্ধ থকাৰ সময়ছোৱাত নতুন দলঙেৰে হ’ব যাতায়াত। ৰে’লৱেৰ বিভাগৰ সৈতে হোৱা বৈঠকত জনাইছিল যে, পুৰণি দলঙত যথেষ্ট সমস্যা হৈছে। সেয়েহে দলঙখন শীঘ্ৰে মেৰামতিৰ প্ৰয়োজন আছে। ৰাইজৰ কিছু সমস্যা হ’ব।
 
এই সংবাদমেলত উপস্থিত আছিল ট্রেফিকৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰা। লগতে বৰাগাঁৱৰ পৰা চাংসাৰিলৈ প্রতিদিনে বাহনৰ চলাচল তদাৰক কৰিব যান-বাহন আৰক্ষীয়ে। গধুৰ আৰু দূৰণিবটীয়া বাহন বাইহাটা চাৰিআলিৰ পৰা কলিয়াভোমোৰাৰ দিশে যাবলৈ দিয়া হ’ব। জৰুৰীকালীন সেৱাৰ বাহনসমূহ নতুন দলঙেৰে চলাচল কৰিব পাৰিব। সৰু বাহনসমূহ কুমাৰ ভাস্কৰ বাৰ্মা সেতুৰে গুৱাহাটীলৈ আহিব পাৰিব। ইপিনে আজি নিশাৰে পৰাই কিছু ক্ষেত্রত কাৰ্যকৰী হ’ব এই নিয়ম।