নতুন দিল্লী
অসমত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান, উৎপাদন আৰু ব্যৱসায় সহজ কৰিবলৈ ‘অসম হাইড্ৰ’কাৰ্বন নীতি, ২০২৬’ কাৰ্যকৰী কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই নীতিৰ প্ৰশংসা কৰি কয় যে, ই ভাৰতক শক্তিক্ষেত্ৰত স্বাৱলম্বী কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন পূৰণত ডাঙৰ সহায় কৰিব।
পুৰীয়ে কয় যে, অসমে ভাৰতৰ পেট্ৰ’লিয়াম উদ্যোগৰ আৰম্ভণি কৰিছিল আৰু এতিয়া পুনৰ দেশক শক্তিক্ষেত্ৰত আগুৱাই নিবলৈ সাজু হৈছে। এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ খৰতকীয়া কৰিব।
এই সুন্দৰ পদক্ষেপৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। তেওঁ কয় যে, নতুন নীতিৰ ফলত ৰাজ্যখনলৈ বাহিৰৰ বিনিয়োগ আহিব আৰু তেল-গেছৰ সন্ধান দ্ৰুত হ’ব।
নতুন নীতিৰ ঘাই উদ্দেশ্যসমূহ হৈছে-
চৰকাৰী অনুমতি প্ৰক্ৰিয়া সহজ কৰা আৰু ব্যৱসায়ৰ বাধা দূৰ কৰা।
নতুন আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰত গুৰুত্ব দিয়া।
দেশৰ ভিতৰতে তেল-গেছ উৎপাদন বঢ়াই ভাৰতৰ শক্তি নিৰাপত্তা সুদৃঢ় কৰা।
স্থানীয় দক্ষ আৰু অদক্ষ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থানৰ সুযোগ সৃষ্টি কৰা।
এই নতুন নীতিটো ২০২৬ চনৰ পৰা পৰৱৰ্তী ১০ বছৰৰ বাবে বলৱৎ থাকিব।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰী পুৰীৰ বক্তব্যৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জনায়। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসমে পেট্ৰ’লিয়াম খণ্ডত নিজৰ পুৰণি চিনাকি ধৰি ৰখাৰ লগতে নতুন নতুন উদ্ভাৱনেৰে ‘বিকাশিত ভাৰত’ গঢ়াত অৱদান আগবঢ়াই যাব।