যোধপুৰত 'তৰংগ শক্তি ২০২৬'ত যোগদান এ৪০০এম বিমান

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
যোধপুৰ
 
ৰাজস্থানৰ প্ৰখৰ ৰ'দেৰে উজলি থকা বিশাল ভূমিৰ মাজত যোধপুৰ বায়ুসেনা ঘাটিৰ আকাশ এতিয়া ব্যস্ত হৈ পৰিছে সামৰিক বিমানৰ চলাচলেৰে। আন্তঃৰাষ্ট্ৰীয় সামৰিক সহযোগিতাৰ এক উল্লেখযোগ্য নিদৰ্শন হিচাপে চলি থকা বহুজাতিক বায়ু সামৰিক অনুশীলন  'তৰংগ শক্তি ২০২৬'ত জাৰ্মান বায়ুসেনাই অংশগ্ৰহণ কৰিছে। এই অনুশীলনত জাৰ্মান বায়ুসেনাৰ অত্যাধুনিক এয়াৰবাছ এ৪০০এম সামৰিক বিমানো মোতায়েন কৰা হৈছে। 
 
এএনআইৰ সৈতে হোৱা কথা-বতৰাত জাৰ্মান বায়ুসেনাৰ কেপ্টেইন মৰিছ বাৰ্নছে কয়, “মই এ৪০০এম বিমানৰ ফাৰ্ষ্ট অফিচাৰ আৰু এইবাৰৰ তৰংগ শক্তি অনুশীলনত অংশগ্ৰহণ কৰিছোঁ। এতিয়ালৈকে অভিজ্ঞতাটো যথেষ্ট ভাল। তৰংগ শক্তিয়ে পৰিবহণ বিমানৰ ক্ৰু হিচাপে আমাক বহু নতুন কথা শিকাৰ সুযোগ দিছে। বিশেষকৈ ভাৰতীয় লোক আৰু ভাৰতীয় বায়ুসেনাৰ সৈতে একেলগে কাম কৰাটো আমাৰ বাবে এক নতুন আৰু গুৰুত্বপূৰ্ণ অভিজ্ঞতা।”
 
কেপ্টেইন বাৰ্নছে লগতে কয় যে, এইবাৰৰ অনুশীলন পূৰ্বৰ সংস্কৰণতকৈ কিছু ডাঙৰ পৰিসৰত অনুষ্ঠিত হৈছে। তেওঁৰ ভাষাত, “এইবাৰ জাৰ্মানীয়ে এ৪০০এম বিমানৰ সৈতে অংশগ্ৰহণ কৰিছে। আমি বৃহৎ পৰিসৰৰ বিমান সামৰিক অনুশীলনত অংশ লৈছোঁ। অৰ্থাৎ, পৰিবহণ বিমান হিচাপেও আমি বৃহৎ যুদ্ধবিমান অনুশীলনৰ অংশ হৈছোঁ।” 
 
এ৪০০এম বিমানখনৰ সক্ষমতাৰ বিষয়ে তেওঁ কয় যে, ই জাৰ্মান বায়ুসেনাৰ বহৰৰ এক মেৰুদণ্ডস্বৰূপ পৰিবহণ বিমান। এইখন এখন বৃহৎ আৰু শক্তিশালী কাৰ্গো বিমান, যিয়ে বিভিন্ন ধৰণৰ কৌশলগত অভিযানৰ লগতে সামগ্ৰী পৰিবহণ আৰু লজিষ্টিকছৰ কামো সম্পন্ন কৰিব পাৰে।
 
অনুশীলনৰ পৰা লাভ কৰা অভিজ্ঞতাৰ বিষয়ে কেপ্টেইন বাৰ্নছে কয়, “ভাৰতত উৰণ কৰা জাৰ্মান বায়ুসেনাৰ বাবে এক বৃহৎ শিক্ষণীয় অভিজ্ঞতা। ভাৰতীয় বায়ুসেনাই কেনেদৰে পৰিকল্পনা কৰে, বৃহৎ পৰিসৰৰ অনুশীলনত কেনেদৰে বিমান পৰিচালনা কৰে, এই সকলোবোৰৰ বিষয়ে আমি বহু নতুন কথা জানিবলৈ পাইছোঁ। ইয়াৰ উপৰি ভাৰতীয় আৰু জাৰ্মান যুদ্ধবিমান তথা পৰিবহণ বিমানৰ মাজত সমন্বয় আৰু সহযোগিতাও অধিক বৃদ্ধি পাইছে।”
 
বহুজাতিক অনুশীলনখনৰ পৰিসৰ অধিক বৃদ্ধি কৰি দেওবাৰে যোধপুৰৰ আকাশত দেখা গ’ল আমেৰিকান বায়ুসেনাৰ এফ-৩৫এ লাইটনিং II যুদ্ধবিমান। অত্যাধুনিক ষ্টেল্থ প্ৰযুক্তিৰ এই যুদ্ধবিমানসমূহে যৌথ প্ৰশিক্ষণ অভিযানৰ বাবে উৰণ কৰে। ইয়াৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ সৈতে বিভিন্ন দেশৰ বায়ুসেনাৰ মাজত চলি থকা বহুজাতিক বিমান অভিযানৰ পৰিসৰ আৰু সহযোগিতাৰ ছবি স্পষ্ট হৈ পৰে।
 
জাপানৰ মিছাৱা বায়ুসেনা ঘাটিত থকা আমেৰিকান বায়ুসেনাৰ ১৩ নম্বৰ ফাইটাৰ স্কোৱাড্ৰনৰ এফ-৩৫এ যুদ্ধবিমানসমূহে এই বহুপক্ষীয় অনুশীলনৰ কাৰ্যকৰী পৰ্যায়ত অংশগ্ৰহণ কৰিছে। “পাৱাৰ ইন পাৰ্টনাৰশ্বিপ” অৰ্থাৎ ‘অংশীদাৰিত্বত শক্তি’ শীৰ্ষক মূল ভাবনাৰে অনুষ্ঠিত এই অনুশীলনত সাতখন বন্ধুত্বপূৰ্ণ বিদেশী দেশৰ বায়ুসেনাই অংশগ্ৰহণ কৰিছে।
 
অনুশীলনৰ দৃশ্যত যোৱা সপ্তাহত যোধপুৰ বায়ুসেনা ঘাটিৰ পৰা এফ-৩৫এ লাইটনিং II যুদ্ধবিমানসমূহ যৌথ প্ৰশিক্ষণ অভিযানৰ বাবে উৰা দেখা যায়। এই অভিযানত ভাৰতীয় বায়ুসেনাৰ বিমান আৰু জোৱানৰ লগতে বিভিন্ন বন্ধুত্বপূৰ্ণ দেশৰ সামৰিক বাহিনীয়েও অংশগ্ৰহণ কৰিছে।
 
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, উদ্বোধনী অনুষ্ঠানৰ পিছত যোধপুৰ বায়ুসেনা ঘাটিত তৰং শক্তি ২০২৬ৰ কাৰ্যকৰী পৰ্যায়ত আৰম্ভ হয়। এই অনুশীলনত অষ্ট্ৰেলিয়া, আমেৰিকা, সংযুক্ত আৰব আমিৰাত, ফ্ৰান্স, জাৰ্মানী, শ্ৰীলংকা আৰু বাংলাদেশ এই সাতখন বন্ধুত্বপূৰ্ণ বিদেশী দেশে অংশগ্ৰহণ কৰিছে।
 
অনুশীলনখনত বিভিন্ন দেশৰ অত্যাধুনিক বিমান, যেনে এফ-৩৫ লাইটনিং II, ৰাফেল, এফ-১৬, এ৪০০এম, এমআৰটিটি, চি-১৩০, চি-১৩০জে আৰু কেচি-৩০এ আদি মোতায়েন কৰা হৈছে।
 
কেৱল বিমান উৰণ আৰু সামৰিক অভিযানতেই সীমাবদ্ধ নাথাকি এই অনুশীলনে অংশগ্ৰহণকাৰী দেশসমূহৰ বিমানচালক, অভিযান পৰিকল্পনাকাৰী আৰু সামৰিক সহায়ক কৰ্মচাৰীসকলৰ মাজত পেছাদাৰী মত-বিনিময়ৰ সুযোগো সৃষ্টি কৰিছে। ইয়াত আন্তঃকাৰ্যক্ষমতা, পাৰস্পৰিক অভিজ্ঞতা বিনিময়, বিমান সুৰক্ষা আৰু সামৰিক অভিযানৰ পদ্ধতিৰ বিষয়ে অধিক বুজাবুজিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
 
প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি, এই অনুশীলনৰ জৰিয়তে অংশগ্ৰহণকাৰী দেশসমূহে একেলগে কাম কৰাৰ, নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰাৰ আৰু ইজনে সিজনৰ সামৰিক সক্ষমতা আৰু অভিযান পৰিচালনাৰ ধৰণ অধিক ভালদৰে বুজি পোৱাৰ সুযোগ লাভ কৰিছে। 
 
২০২৬ চনৰ এই সংস্কৰণে ২০২৪ চনত অনুষ্ঠিত তৰংগ শক্তিৰ প্ৰথম সংস্কৰণৰ ধাৰাবাহিকতা বহন কৰিছে। এইবাৰ অংশগ্ৰহণকাৰী দেশসমূহে ভাৰতীয় বায়ুসেনাৰ সৈতে একেলগে বিভিন্ন ধৰণৰ অভিযানত অত্যাধুনিক যুদ্ধবিমান আৰু সহায়ক বিমান ব্যৱহাৰ কৰিছে। আনহাতে, কেইবাখনো বন্ধুত্বপূৰ্ণ বিদেশী দেশে পৰ্যবেক্ষক হিচাপেও অংশগ্ৰহণ কৰিছে।
 
বিমান অভিযানৰ উপৰি অনুশীলনখনত বিভিন্ন পেছাদাৰী, সাংস্কৃতিক আৰু জনসম্পৰ্কমূলক কাৰ্যসূচীও অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত বিশেষ আলোচনা সভা, উদ্যোগ পৰিদৰ্শন, সেখোঁন মাৰাথন, ঐতিহ্য ভ্ৰমণ আৰু যোগাসনৰ দৰে কাৰ্যসূচী অন্তৰ্ভুক্ত আছে।
 
ইফালে, আমেৰিকান বায়ুসেনাই প্ৰকাশ কৰা দৃশ্যত যোধপুৰ বায়ুসেনা ঘাটিত তৰংগ শক্তি ২০২৬ৰ সময়ত ১৩ নম্বৰ বিমান ৰক্ষণাবেক্ষণ ইউনিটৰ কৰ্মীসকলে ১৩ নম্বৰ ফাইটাৰ স্কোৱাড্ৰনৰ এখন এফ-৩৫এ লাইটনিং II যুদ্ধবিমানৰ নিয়মীয়া ৰক্ষণাবেক্ষণৰ কাম কৰা দেখা গৈছে।
 
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, তৰংগ শক্তি ২০২৬ ভাৰতীয় বায়ুসেনাৰ কাৰ্যকৰী ক্ষমতা, পেছাদাৰী মানদণ্ড আৰু সাংগঠনিক দক্ষতা প্ৰদৰ্শনৰ এক গুৰুত্বপূৰ্ণ সুযোগ। ইয়াৰ লগতে এই অনুশীলনে আঞ্চলিক শান্তি, সুৰক্ষা আৰু স্থিৰতাৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান নিজস্ব বিমান আৰু প্ৰতিৰক্ষা প্ৰযুক্তিৰ সক্ষমতাও বিশ্বৰ সন্মুখত দাঙি ধৰিছে।