নতুন দিল্লী
বিশিষ্ট বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) প্ৰাক্তন অধ্যক্ষ এছ সোমনাথক ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় ব'ৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা আনুষ্ঠানিক বিবৃতি অনুসৰি তেওঁক ব'ৰ্ডত অংশকালীন, বেচৰকাৰী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। এই নিযুক্তি ২০ আগষ্ট ২০২৬ৰ পৰা কাৰ্যকৰী কৰা হৈছে আৰু তেওঁৰ কাৰ্যকাল অহা ৪ বছৰলৈ বাহাল থাকিব।
এছ সোমনাথে ভাৰতৰ মহাকাশ অভিযানত বিশেষ বৰঙণি আগবঢ়াইছে। ২০২৫ চনৰ জানুৱাৰী মাহত ইছৰোৰ অধ্যক্ষ হিচাপে অৱসৰ লোৱাৰ পিছত বৰ্তমান তেওঁ বেংগালুৰুৰ সমীপৰ চাণক্য বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। এতিয়া দেশৰ শীৰ্ষ বেংকিং নীতি নিৰ্ধাৰণৰ কাঠামোৰ ভিতৰত তেওঁৰ দক্ষ প্ৰশাসনিক, কাৰিকৰী আৰু কৌশলগত অভিজ্ঞতাৰ পৰা ভাৰতীয় অৰ্থনীতি প্ৰত্যক্ষভাৱে লাভৱান হ'ব বুলি আশা কৰা হৈছে।
একেদৰে কেন্দ্ৰীয় চৰকাৰে পুনৰবাৰ বিশিষ্ট উদ্যোগপতি আৰু মহিন্দ্ৰা গোটৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাৰ ওপৰতো যথেষ্ট আস্থা ৰাখিছে। আগন্তুক ৪ বছৰৰ বাবে ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় ব'ৰ্ডত অংশকালীন, বেচৰকাৰী সঞ্চালক হিচাপে তেওঁক পুনৰ নিযুক্তি দিয়া হৈছে। ভাৰতীয় কৰ্প'ৰেট খণ্ডত তেওঁৰ বিস্তৃত আৰু বিশাল অভিজ্ঞতাই দেশৰ ঔদ্যোগিক বৃদ্ধি আৰু অৰ্থনৈতিক নীতিক শক্তিশালী কৰাৰ ক্ষেত্ৰত অমূল্য বুলি প্ৰমাণিত হ'ব।
দেশৰ আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিও আৰ বি আইৰ এই উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় ব'ৰ্ডৰ অংশ। এই সদস্যসকলৰ ভিতৰত আছে ভাৰতীয় অডিট এণ্ড একাউণ্টছ চাৰ্ভিচৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰেৱতী আয়াৰ। তেওঁ পূৰ্বে ভাৰতৰ ডেপুটি কণ্ট্ৰ'লাৰ আৰু অডিটৰ জেনেৰেল (ডিপুটি কেগ)ৰ দৰে উল্লেখযোগ্য দায়িত্ব পালন কৰি আহিছে।
ইয়াৰ উপৰিও বিখ্যাত অৰ্থনৈতিক নীতি বিশেষজ্ঞ আৰু আগশাৰীৰ সংস্থা 'উন্নয়নশীল দেশৰ বাবে গৱেষণা আৰু তথ্য ব্যৱস্থা' (আৰ আই এছ)ৰ সঞ্চালক প্ৰধান শচীন চতুৰ্বেদীও এই ব'ৰ্ডৰ সদস্য। এই কেন্দ্ৰীয় ব'ৰ্ডৰ নেতৃত্বত আছে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা। তেওঁৰ সৈতে ডেপুটী গৱৰ্ণৰ স্বামীনাথন জে, পুনম গুপ্তা, এছ চি মুৰ্মু আৰু ৰোহিত জৈনে বেংকিং কাৰ্যকলাপ চোৱাচিতা কৰি আছে।
চৰকাৰ আৰু কেন্দ্ৰীয় বেংকৰ মাজত উন্নত নীতিগত সমন্বয় নিশ্চিত কৰিবলৈ অৰ্থনৈতিক পৰিক্ৰমা সচিব অনুৰাধা ঠাকুৰ আৰু বিত্তীয় সেৱা সচিব সঞ্জয় লোহিয়াকো ব'ৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে, বিজ্ঞান, প্ৰশাসন, উদ্যোগৰ ক্ষেত্ৰসমূহৰ এই বিশিষ্ট ব্যক্তিসকলৰ অংশগ্ৰহণে আৰ বি আইৰ নীতিগত সিদ্ধান্তসমূহত অধিক স্বচ্ছতা, দূৰদৰ্শিতা আৰু বৈচিত্ৰ্যতা আনিব পাৰিব।