ৰূপহীহাটত বানপানীৰ বিভীষিকা; জলমগ্ন বহু গাঁও, প্লাবিত কৃষিভূমি

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীহাটৰ উত্তৰ গেৰুৱাটিৰ কেইবাখনো গাঁও উফন্দি উঠা কলং নদীৰ পানীয়ে জলমগ্ন কৰি তুলিছে। যাৰ ফলত কৃষিভূমি আৰু শস্যৰ ব্যাপক ক্ষতিসাধন হৈছে।
 
বানপানীয়ে শ শ বিঘা ধাননি পথাৰ আৰু শাক-পাচলিৰ খেতি বুৰাই পেলাইছে, যাৰ বাবে খেতিয়কসকল তীব্ৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।
 
স্থানীয় বাসিন্দাসকলে জনোৱা অনুসৰি এই বানত বহু পৰিয়াল গুৰুতৰভাৱে প্ৰভাৱিত হৈছে আৰু শস্য তথা কৃষি সামগ্ৰীৰ ক্ষতিৰ বাবে অতি কষ্টেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে।
 
কেইবাখনো গাঁও পানীৰ তলত থকা সত্ত্বেও কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই বুলি বানপীড়িত ৰাইজে অভিযোগ উত্থাপন কৰিছে। জিলা প্রশাসনৰ বিষয়া আৰু নির্বাচিত প্রতিনিধি সকলে এতিয়ালৈকে বানাক্ৰান্ত অঞ্চলসমূহত উপস্থিত হোৱা নাই বুলিও তেওঁলোকে দাবী কৰে।
 
বাসিন্দাসকলে কয় যে কৃষিভূমিৰ ব্যাপক ক্ষতি কৰাৰ উপৰিও বানপানীয়ে খাদ্য আৰু খোৱাপানী সংগ্ৰহৰ ক্ষেত্ৰতো তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে। তেওঁলোকে প্ৰশাসনক অতি সোনকালে বানপীড়িত ৰাইজক জৰুৰী সাহায্য প্ৰদান কৰিবলৈ আৰু শস্যৰ ক্ষতি হোৱা খেতিয়কসকলক উপযুক্ত ক্ষতিপূৰণ সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।