যোৰাবাটত প্ৰতিবাদ অব্যাহত; আজি কইনাধৰাত গুৰুত্বপূৰ্ণ বৈঠক

Story by  atv | Posted by  [email protected] • 16 h ago
যোৰাবাটত প্ৰতিবাদ অব্যাহত; আজি কইনাধৰাত গুৰুত্বপূৰ্ণ বৈঠক
যোৰাবাটত প্ৰতিবাদ অব্যাহত; আজি কইনাধৰাত গুৰুত্বপূৰ্ণ বৈঠক
 
গুৱাহাটী
 
যোৰাবাটত তৃতীয় দিনাও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ। কেব চালকসকলৰ এই প্ৰতিবাদে ক্ৰমাত তীব্ৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ পৰা অসমলৈ অহা যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে।
 
প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিছে যে, উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ক্ষমা নোখোজা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব। লগতে মেঘালয়ৰ প্ৰতিবাদৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা বাহনসমূহৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে কেব চালকসকলে।
 
একেদৰে, মেঘালয় চৰকাৰে চালকসকলৰ সুৰক্ষাৰ নিশ্চিতি প্ৰদান নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে। ইয়াৰ ফলত অসম-মেঘালয় সীমান্তত যান-বাহনৰ চলাচলত প্ৰভাৱ পৰাৰ লগতে পৰিস্থিতি ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে।
 
আনহাতে, কিছু সময়ৰ পাছতে অসম-মেঘালয়ৰ মাজত সৃষ্টি হোৱা এই পৰিস্থিতিৰ সন্দৰ্ভত কইনাধৰাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত অসমৰ হৈ মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰিব। মেঘালয় চৰকাৰৰ প্ৰতিনিধি দলেও বৈঠকখনত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
 
উল্লেখযোগ্য যে, মেঘালয়ৰ ভিন্ন প্ৰান্তত এতিয়াও আৱদ্ধ হৈ আছে অসমৰ পৰা যোৱা বহু পৰ্যটক। অচিৰই পৰ্যটক সকলক অসমলৈ উভটাই অনাৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে।