গুৱাহাটী
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ জীৱবিজ্ঞানী, অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ প্ৰতিষ্ঠাপক সচিব প্ৰধান তথা কাৰ্যবাহী সঞ্চালক ড: বিভৱ কুমাৰ তালুকদাৰক লণ্ডন লিন্নিয়েন ছ'চাইটিৰ ফেল' হিচাপে নিৰ্বাচিত কৰা হৈছে। তালুকদাৰে লাভ কৰা এই স্বীকৃতি হৈছে প্ৰাকৃতিক বুৰঞ্জী আৰু জীৱবিজ্ঞান ক্ষেত্ৰৰ অন্যতম শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি।
১৭৮৮ স্থাপিত লণ্ডন লিন্নিয়েন ছ'চাইটি হৈছে জীৱবিজ্ঞান সম্পৰ্কীয় বিশ্বৰ আটাইতকৈ পুৰণি সক্ৰিয় সমিতি। এই সমিতিয়ে প্ৰাকৃতিক বুৰঞ্জী, ক্ৰমবিৱৰ্তন আৰু শ্ৰেণী বিভাজন সম্পৰ্কীয় বিষয়ৰ অধ্যয়ন আৰু ইয়াৰ প্ৰচাৰত মনোনিৱেশ কৰি কাম কৰে। আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এই সমিতিৰ পূৰ্বৰ ফেল'সকলৰ ভিতৰত চাৰ্লছ ডাৰউইন আৰু এলফ্ৰেড ৰাচেল ৱালেছৰ দৰে প্ৰসিদ্ধ ব্যক্তিসকল অন্যতম।
লণ্ডন লিন্নিয়েন ছ'চাইটিৰ ফেলোসকলক এই ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ ভিত্তিত বাছনি কৰা হয়। এই ফেল'শ্বিপৰ বাবে বাছনি হোৱাটো গুৰুত্বপূৰ্ণ শৈক্ষিক আৰু বৈজ্ঞানিক সন্মান হিচাপে গণ্য কৰা হয়।
অশোকা ফেল' (২০০৮) আৰু "আই ইউ চি এন এছ এছ চি হেনৰি মিছেল ফ'ৰ কনজাৰভেচন লিডাৰশ্বিপ" বঁটা লাভ কৰা ড: তালুকদাৰে উৎসৰ্গিত মনোভাৱেৰে তিনি দশক ধৰি এছিয়ান গঁড়ৰ ওপৰত বিশেষ গুৰুত্বসহ জৈৱ বৈচত্ৰ্য সংৰক্ষণৰ বাবে কাম কৰি আছে। তেওঁ ২০০৭ চনৰ পৰা ২০২১-২০২৫ চনত আই ইউ চি এনৰ চাৰি বছৰীয়া কাৰ্যকালৰ সামৰণি পর্যন্ত আই ইউ চি এন এছ এছ চি এছিয়ান ৰাইন' স্পেচিয়েলিষ্ট গ্ৰুপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু উত্তৰ পূব ভাৰতৰ জৈৱ বৈচিত্ৰৰ কেন্দ্ৰস্থলত গঁড়ৰ সংৰক্ষণ, আৱাসভূমিৰ সুৰক্ষা, চোৰাংচিকাৰ প্ৰতিৰোধী ব্যৱস্থা আৰু সমুদায়ভিত্তিক সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।