নতুন দিল্লী
যোগাযোগৰ বাবে যে কেৱল মাত-কথাৰেই প্ৰয়োজন নহয়, আন্তৰিকতা আৰু সদিচ্ছাই যে যিকোনো বাধা অতিক্ৰম কৰিব পাৰে, তাৰেই এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এজন বিমান কৰ্মচাৰীয়ে। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এগৰাকী যাত্ৰীক সহায় কৰাৰ এক হৃদয়স্পৰ্শী ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে IndiGo এয়াৰলাইনছৰ শ্ৰৱণ আৰু বাকশক্তিহীন কৰ্মচাৰী আফজল ইণ্টাৰনেটত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
অমন সিং নামৰ যাত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ভিডিঅ'টোত দেখা গৈছে যে আফজলে নিৰ্বাক ইংগিত, চকুৰ সংকেত আৰু এক আন্তৰিক হাঁহিৰে অত্যন্ত দক্ষতাৰে যাত্ৰীগৰাকীক ছেলফ চেক-ইন আৰু baggage drop প্ৰক্ৰিয়াত শান্তভাৱে সহায় কৰিছে।
"মই শুনিব বা ক'ব নোৱাৰো, কিন্তু মই আপোনাক সহায় কৰিবলৈ পাই সুখী হ'ম"- এনেদৰে লিখা থকা এটা বেজ পিন্ধি আফজলে সম্পূৰ্ণ চেক-ইন প্ৰক্ৰিয়াটো আত্মবিশ্বাসেৰে চম্ভালিছিল। ইয়াৰ জৰিয়তে তেওঁ প্ৰমাণ কৰিলে যে ফলপ্ৰসূ যোগাযোগ কেৱল কোৱা কথাৰ মাজতেই আৱদ্ধ নাথাকে।
এই অভিজ্ঞতাত গভীৰভাৱে আপ্লুত হৈ অমন সিঙে পাছত লিখে যে আফজলে তেওঁক বুজাই দিলে যে যোগাযোগ কেৱল মাত-কথাৰ ওপৰতে নিৰ্ভৰশীল নহয়, ই দয়া, ধৈৰ্য আৰু বুজাবুজিৰ ওপৰত গঢ় লৈ উঠে।
এই হৃদয়স্পৰ্শী ভিডিঅ'টোৱে অতি সোনকালেই ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মন চুই গ'ল, যিয়ে আফজলৰ পেছাদাৰিত্ব আৰু নিষ্ঠাৰ ভূয়সী প্ৰশংসা কৰিলে। বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সুযোগ সৃষ্টি কৰি এক সন্মিলিত কৰ্ম পৰিৱেশ গঢ়ি তোলাৰ বাবে বহুলোকে ইণ্ডিগ'কো প্ৰশংসা কৰে।
বহু ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আফজলৰ সৈতে হোৱা তেওঁলোকৰ নিজা অভিজ্ঞতাও শ্বেয়াৰ কৰে। তেওঁলোকে আফজলক এগৰাকী ভদ্ৰ, প্ৰফুল্লিত আৰু সদায় সহায় কৰিবলৈ প্ৰস্তুত থকা ব্যক্তি হিচাপে বৰ্ণনা কৰে। আনহাতে, একাংশই কয় যে তেওঁৰ শান্ত স্বভাৱ আৰু গ্ৰাহক সেৱাৰ প্ৰতি থকা দায়বদ্ধতাই যাত্ৰীসকলৰ মনত এক স্থায়ী প্ৰভাৱ পেলাইছে।
ভাইৰেল হোৱা এই ভিডিঅ'টোৱে এক শক্তিশালী বাৰ্তা কঢ়িয়াই আনিছে যে সহানুভূতি, মৰ্যাদা আৰু এক ইতিবাচক মনোভাৱে যিকোনো বাধা অতিক্ৰম কৰিব পাৰে, লগতে প্ৰমাণ কৰিছে যে আটাইতকৈ অৰ্থপূৰ্ণ সম্পৰ্ক স্থাপনৰ বাবে বহু সময়ত কোনো শব্দৰ প্ৰয়োজন নহয়। আফজল কেৱল এজন কৰ্মচাৰীয়েই নহয়, তেওঁ সমাজৰ বাবে এক জীৱন্ত অনুপ্ৰেৰণা। শাৰীৰিক প্ৰতিবন্ধকতাই যে মানুহৰ কৰ্মস্পৃহা আৰু আন্তৰিকতাক কেতিয়াও বাধা দিব নোৱাৰে, সেয়া তেওঁ কামেৰে প্ৰমাণ কৰি দেখুৱালে।