গুৱাহাটী
ৰাজ্য চৰকাৰে যুৱক-যুৱতীসকলক বিদেশত কৰ্মসংস্থাপনৰ সুযোগৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ ধ্বজাবাহী আঁচনি 'চিএম-ফ্লাইট' (CM-FLIGHT) কাৰ্যসূচীখন সম্প্ৰসাৰণ কৰিব। ইয়াৰ অধীনত কোৰিয়ান, জাৰ্মান আৰু অন্যান্য বিদেশী ভাষাৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হ’ব। মঙ্গলবাৰে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এক্স হেণ্ডেলত কৰা এটা পোষ্টত শৰ্মাই কয় যে অসমৰ জনসংখ্যাগত সম্ভাৱনীয়তা আৰু দক্ষ কৰ্মীৰ বাবে বিশ্বজুৰি বাঢ়ি অহা চাহিদাই ৰাজ্যখনৰ বাবে এক অন্যতম ডাঙৰ সুযোগ কঢ়িয়াই আনিছে।
তেওঁ কয়, "অসমৰ জনসংখ্যাগত সম্ভাৱনীয়তা আৰু দক্ষ শ্ৰমিকৰ গোলকীয় চাহিদাৰ মাজৰ এই সংযোগে আমাক এক অন্যতম ডাঙৰ সুযোগ প্ৰদান কৰিছে।"
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে ভাৰতৰ অংশীদাৰিত্বৰ সহযোগত গঢ়ি তোলা 'চিএম-ফ্লাইট' প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে যুৱক-যুৱতীসকলক বিদেশী ভাষাৰ দক্ষতাৰে সাঙুৰি লোৱা, যাতে তেওঁলোকে আত্মবিশ্বাস আৰু মৰ্যাদাৰে বিদেশত কেৰিয়াৰ গঢ়িব পাৰে।
শৰ্মাই কয়, "আমি ৫০ জনতকৈও অধিক শিক্ষাৰ্থীয়ে জাপানী ভাষা শিকাৰ জৰিয়তে এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু ইয়াত এক উৎকৃষ্ট সঁহাৰি পোৱা গৈছে। পৰৱৰ্তী পৰ্যায়ত আমি এই কাৰ্যসূচী সম্প্ৰসাৰণ কৰি কোৰিয়ান, জাৰ্মান আৰু অন্যান্য ভাষাসমূহ অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য ৰাখিছোঁ।"
তেওঁ 'চিএম-ফ্লাইট'ৰ প্ৰথমটো বেচৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে হোৱা বাৰ্তালাপৰ কিছু মুহূৰ্তও শ্বেয়াৰ কৰে। এই প্ৰচেষ্টাই যুৱ আশাবাদীসকলক বিশ্বৰ চাকৰিৰ বজাৰত সুযোগ লাভৰ বাবে সাজু হোৱাত সহায় কৰাক লৈ তেওঁ সন্তোষ প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "এই কাৰ্যসূচীয়ে কেনেকৈ তেওঁলোকৰ আকাংক্ষাক বিশ্ব দৰবাৰত স্থান লাভ কৰাত সহায় কৰিছে, সেয়া দেখাটো মোৰ বাবে সঁচাকৈয়ে এক সন্তোষজনক বিষয় আছিল।"