গৰু, ছাগলী, উট, ম'হ আৰু অন্যান্য নিষিদ্ধ জন্তু কোৰবানি দিয়াটো সম্পূৰ্ণ নিষিদ্ধ কৰিছে দিল্লী চৰকাৰে

Story by  atv | Posted by  Munni Begum • 11 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
ঈদৰ কেইদিনমান পূৰ্বে শুকুৰবাৰে দিল্লীৰ উন্নয়ন মন্ত্ৰী কপিল মিশ্ৰই কয় যে গৰু, ছাগলী, উট, ম'হ আৰু অন্যান্য নিষিদ্ধ জন্তু কোৰবানি দিয়াটো সম্পূৰ্ণ অবৈধ আৰু ইয়াৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হ'ব। 
 
মন্ত্ৰী মিশ্ৰৰ এক পোষ্টৰ মতে, ২৮ মে'ত অনুষ্ঠিত হবলগীয়া এই উৎসৱৰ সময়ত চৰকাৰে বাসিন্দাসকলক সকলো নিয়ম আৰু বিধি কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিছে।
 
মন্ত্ৰী গৰাকীয়ে লগতে সকীয়াই দিয়ে যে, কোনো ব্যক্তিয়ে অবৈধ কোৰবানি কৰিলে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা হব। ৰাজহুৱা স্থান, পথ, ৰাস্তা, পথাৰ আৰু মুকলি ৰাজহুৱা স্থানত কোৰবানি দিয়াটো কঠোৰভাৱে নিষিদ্ধ কৰা হিছে।
 
চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি, বজাৰত, পথত আৰু ৰাজপথত অবৈধভাৱে পশু ক্ৰয়-বিক্ৰয়ৰো অনুমতি দিয়া নহ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে, অনুমোদিত নোহোৱা স্থানত পশু বিক্ৰী কৰা আৰু এনে স্থানৰ পৰা পশু ক্ৰয় কৰাটো নিষিদ্ধ। 
 
কোৰবানিৰ পিছত ৰক্ত বা পশুৰ আৱৰ্জনা নলা-নৰ্দমা, পথৰ ওপৰত নেপেলাবলৈ জনসাধাৰণক কোৱা হৈছিল। চৰকাৰে জনসাধাৰণক নিৰ্দেশনাৱলী উলংঘা কৰা প্ৰত্যেকজন ব্যক্তিক তৎক্ষণাৎ আৰক্ষী বা দিল্লী চৰকাৰৰ উন্নয়ন বিভাগক অৱগত কৰিবলৈ আহ্বান জনায়।
 
মিশ্ৰই জনসাধাৰণক ঈদ-উল-আজহাৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু বিধি-ব্যৱস্থাৰ ভিতৰত শান্তিপূৰ্ণভাৱে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনায়।