কাঁচৰ বটলৰ ভিতৰত কাঠৰ জাহাজ গঢ়ি অসম্ভৱক সম্ভৱ কৰিছে অঞ্জন বিশ্বাসে

Story by  atv | Posted by  Munni Begum • 1 h ago
কাঁচৰ বটলৰ ভিতৰত নিৰ্মান কৰা কাঠৰ জাহাজ
কাঁচৰ বটলৰ ভিতৰত নিৰ্মান কৰা কাঠৰ জাহাজ
 
দেৱকিশোৰ চক্ৰৱৰ্তী
 
প্ৰথম দৃষ্টিত এনে লাগিব যেন কাঁচৰ বটল এটা কাটি পুনৰ জোৰা লগোৱা হৈছে। কাৰণ, ইমান নিখুঁতভাৱে তৈয়াৰ কৰা এখন কাঠৰ জাহাজ সৰু মুখৰ এটা বটলৰ ভিতৰত কেনেকৈ সোমাব পাৰে! কিন্তু বটলটো যেতিয়া আপুনি হাতে তুলি ভালদৰে চাই পৰীক্ষা কৰিব তেতিয়া আপোনাৰ কৌতুহ'ল আৰু অধিক বাঢ়ি যাব। কিয়নো বটলটোৰ ক'তো কাঁচ কাটাৰ কোনো দাগ নাই, বটল ভঙাৰো কোনো চিন দেখা নাযায়। তথাপিও ইয়াৰ ভিতৰত মাস্তুল, পাল, ডেক আদি প্ৰতিটো সৰু-বৰ অংশসহ এখন সম্পূৰ্ণ জাহাজ থিয় হৈ আছে। 
 
এই অসম্ভৱ কামক সম্ভৱ কৰি তুলিছে পূৱ বৰ্ধমানৰ আউছগ্ৰাম ব্লকৰ শিবদা গাঁৱৰ যুৱ শিল্পী অঞ্জন বিশ্বাসে। যদিও দিনটোৰ বেছিভাগ সময় তেওঁ  এটা ব্যক্তিগত কোম্পানীত কাম কৰে, তথাপিও যেতিয়াই তেওঁ আজৰি সময় পায়, তেতিয়াই তেওঁ নিজৰ সৰু কৰ্মশালাখনত নিজকে বিলীন কৰি লয়। সৰু সৰু কাঠৰ টুকুৰা, সূতা, আঠা আৰু কেইটামান সুক্ষ্ম সঁজুলি তেওঁৰ একমাত্ৰ নিৰ্ভৰশীল। তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ধৰি জাহাজখনৰ প্ৰতিটো অংশ পৃথকে পৃথকে বনাই থাকে, যদিও আচল প্ৰত্যাহ্বান ইয়াৰ পিছতহে আৰম্ভ হয়।  
 
কাঁচৰ বটলৰ ভিতৰত নিৰ্মান কৰা কাঠৰ জাহাজ
 
সম্পূৰ্ণ জাহাজ এখন কেতিয়াও একেলগে বটলৰ ভিতৰত সোমাব নোৱাৰে। প্ৰতিটো অংশ এনেদৰে তৈয়াৰ কৰা হয় যে, এটা বটলৰ সৰু মুখ এখনেৰে সকলোবোৰ অংশ এটা এটাকৈ বটলৰ ভিতৰত সুমুৱাই দিব পাৰি। এটা বিশেষ দীঘল মেচিনৰ সহায়ত ভিতৰলৈ গৈ প্ৰতিটো অংশ একত্ৰিত কৰা হয়। মাস্তুল ভাঁজ কৰি তাৰ পিছত ভিতৰত থিয় কৰাই দিয়া হয়। মিহি সূতাৰ সহায়ত পালখন টানকৈ বান্ধি থোৱা হয়। সামান্য ভুল হ’লেই কেইবাদিন ধৰি কৰা কষ্ট নিমিষতে নষ্ট হ’ব পাৰে। সেয়েহে প্ৰতিটো পৰ্যায়তে অসীম ধৈৰ্য, স্থিৰ হাত আৰু নিখুঁত পৰিকল্পনাৰ প্ৰয়োজন হয়।  
 
অঞ্জন বিশ্বাসে কয় যে, তেওঁ এই কলা শিকোৱাৰ কোনো প্ৰতিষ্ঠান বিচাৰি নাপালে। বছৰ বছৰ ধৰি নিজৰ ভুলৰ পৰা শিকি, ইউটিউব, কিতাপ বা প্ৰশিক্ষণ কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়ে তেওঁ এই দক্ষতা আহৰণ কৰিছিল। তেওঁৰ ভাষাত, "কেতিয়াবা এটা কাম সম্পূৰ্ণ কৰিবলৈ কেইদিনমান সময় লাগে, কেতিয়াবা তাতোকৈ বেছি সময় লাগে। কিয়নো এই কামটো খৰখেদাকৈ কৰিব নোৱাৰি। ইয়াৰ বাবে ধৈৰ্য্যই হৈছে আটাইতকৈ ডাঙৰ সম্পদ।"
 
শিল্পৰ প্ৰতি তেওঁৰ এই প্ৰেম অৱশ্যে শৈশৱৰ পৰাই আৰম্ভ হৈছিল। তেওঁৰ দেউতাক এজন সুদক্ষ ভাস্কৰ্য শিল্পী। দেউতাকৰ কাম দেখি কাঠৰ প্ৰতি তেওঁৰ আগ্ৰহৰ সৃষ্টি হৈছিল। কিন্তু দেউতাকৰ দৰে একে ধৰণৰ কাম কৰাতকৈ সম্পূৰ্ণ বেলেগ কিবা এটা সৃষ্টি কৰাৰ হেঁপাহে তেওঁক বটলৰ ভিতৰত জাহাজ নিৰ্মাণৰ এই বিৰল কলাৰ দিশলৈ লৈ গৈছে। 
 
কাঁচৰ বটলৰ ভিতৰত নিৰ্মান কৰা কাঠৰ জাহাজ
 
কেৱল বটলৰ ভিতৰৰ জাহাজেই নহয়, কাঠৰ নান্দনিক দেৱাল ঘড়ী, শ্ব’পিচ, আনকি কণীৰ খোলা এটাও নিজৰ সুন্দৰ কাৰুকাৰ্য্যৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁৰ প্ৰতিটো শিল্পকৰ্মতেই নিখুঁত হাতৰ কাম, সূক্ষ্মতা আৰু সৃজনশীলতাৰ অনন্য পৰিচয় ফুটি উঠে। 
 
তেওঁ প্ৰথমে চখ হিচাপে এই কলাৰ অনুশীলন আৰম্ভ কৰিছিল। এতিয়া সেই কামৰ খবৰ সামাজিক মাধ্যমত বিয়পি পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে তেওঁৰ শিল্পকৰ্ম সংগ্ৰহৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। বিশেষকৈ কাঁচৰ বটলৰ ভিতৰত নিৰ্মিত জাহাজবোৰ উপহাৰ হিচাপে যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। যদিও প্ৰতিটো শিল্পকৰ্মৰ দাম প্ৰায় এক হাজাৰৰ পৰা ডেৰ হাজাৰ টকা, অঞ্জনৰ বাবে ইয়াৰ প্ৰকৃত মূল্য টকাত নহয়, বৰং মানুহৰ প্ৰশংসা আৰু প্ৰেমতহে লাভ কৰে।   
 
সুদূৰ আউছগ্ৰাম গাঁৱৰ এই যুৱ শিল্পীগৰাকীয়ে আকৌ এবাৰ সোঁৱৰাই দিলে যে, শিল্পকলাৰ বাবে ডাঙৰ চহৰ বা ব্যয়বহুল কৰ্মশালাৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথোঁ একাগ্ৰতা, ধৈৰ্য্য আৰু নতুন কিবা এটা সৃষ্টি কৰাৰ সাহস। গতিকে আজি সাধাৰণ কাঁচৰ বটল এটাও তেওঁৰ হাতত বিস্ময়ৰ এক অনন্য কেনভাছ লৈ পৰিণত হৈছে।