নতুন দিল্লী
দেশত আকৌ এবাৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য।পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮৭ পইচা, আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯১ পইচা বৃদ্ধি পাইছে।১০ দিন নৌহওঁতেই তৃতীয়বাৰৰ বাবে বৃদ্ধি পাইছে এই মূল্য।ইয়াৰ পূৰ্বে ১৯ মে’ত তেল কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯০ পইচা বৃদ্ধি কৰিছিল।
ইয়াৰ পূৰ্বে ১৫ মে’ত হঠাতে প্ৰতি লিটাৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি কৰা হৈছিল। মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ প্ৰভাৱ তেলৰ মূল্যৰ ওপৰত দেখিবলৈ পোৱা গৈছে।
ইফালে খবৰ আহিল যে ভাৰতে মে’ মাহত সস্তা খাৰুৱা তেল ক্ৰয় বৃদ্ধি কৰে, যাৰ ফলত ভৱিষ্যতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ চাপ কমি যাব পাৰে, আনকি দামও হ্ৰাস পাব পাৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ইন্ধন ৰাহিৰ প্ৰয়াস কৰিবলৈ আহ্বান জনাইছিল।