৩১ মাৰ্চৰ ভিতৰত নক্সালবাদ শেষ হ’বঃ অমিত শ্বাহ

Story by  atv | Posted by   Imtiaz Ahmed • 19 h ago
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৮৭ সংখ্যক চি আৰ পি এফ দিৱস পেৰেডত অংশগ্ৰহণ কৰে
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৮৭ সংখ্যক চি আৰ পি এফ দিৱস পেৰেডত অংশগ্ৰহণ কৰে
গুৱাহাটী

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে দৃঢ়তাৰে কয় যে চৰকাৰে নিৰ্ধাৰণ কৰা ৩১ মাৰ্চৰ সময়সীমাৰ ভিতৰত দেশৰ পৰা নক্সালবাদ নিৰ্মূল কৰা হ’ব।

দুদিনীয়া অসম ভ্ৰমণৰ দ্বিতীয় দিনটোত শ্বাহে ইয়াত উত্তৰ-পূৰ্বত প্ৰথমবাৰ অনুষ্ঠিত ৮৭ সংখ্যক চি আৰ পি এফ দিৱস পেৰেডত অংশগ্ৰহণ কৰি কয় যে মণিপুৰত জাতিগত হিংসা চম্ভালিব পৰাৰ লগতে জম্মু-কাশ্মীৰত শিলগুটি নিক্ষেপৰ ঘটনা সংখ্যা শূন্যলৈ হ্ৰাস কৰাৰ উপৰিও মাত্ৰ তিনি বছৰতে মাওবাদীৰ মেৰুদণ্ড ভঙা লৈকে এই বাহিনীটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

দেশৰ ১২খন ৰাজ্য আৰু অগণন জিলাত নক্সালবাদ বিয়পি পৰিছিল আৰু যেতিয়া কেন্দ্ৰই এই বিপদক উভালি পেলোৱাৰ সংকল্প লৈছিল, তেতিয়া চি আৰ পি এফ আৰু কোব্ৰা বাহিনীৰ জোৱানসকলে এই প্ৰচেষ্টাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি তেওঁ কয়।

"চি আৰ পি এফৰ জোৱানসকলৰ বাবে আমি নিশ্চিতভাৱে ক’ব পাৰো যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰ নক্সালবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব।" - তেওঁ দৃঢ়তাৰে কয়।

শ্বাহে কয় যে এই বাহিনীটোৰ ৮৬ বছৰীয়া ইতিহাসত এইটোৱেই প্ৰথমবাৰৰ বাবে উত্তৰ-পূবত ইয়াৰ উত্থান-দিৱস উদযাপন কৰা হৈছে, যিটো সকলোৰে বাবে আৰু সমগ্ৰ অঞ্চলটোৰ বাবে গৌৰৱৰ বিষয়।

"২০১৯ চনত সিদ্ধান্ত লোৱা হৈছিল যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বাৰ্ষিক পেৰেড দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব। আৰু আজি দেশৰ অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল -- উত্তৰ-পূবত -- চি আৰ পি এফৰ পেৰেড অনুষ্ঠিত কৰা হৈছে।" তেওঁ কয়।

শুকুৰবাৰে ভ্ৰমণৰ প্ৰথম দিনাই গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ কাছাৰ জিলাৰ নাথানপুৰ গাঁৱৰ পৰা দেশৰ ১৭খন ৰাজ্যৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম (ভিভিপি)ৰ শুভাৰম্ভ কৰে।

তেওঁ নাথানপুৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ এটা অংশও পৰিদৰ্শন কৰি গাঁওখনত এখন ৰাজহুৱা সভাত ভাষণ দিছিল।

২৯ ডিচেম্বৰৰ পিছত শ্বাহৰ এয়া তৃতীয়বাৰৰ বাবে নিৰ্বাচনমুখী অসম ভ্ৰমণ, য’ত শাসকীয় বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা অক্ষুণ্ণ ৰখাৰ লক্ষ্য লৈছে।