গুৱাহাটীত নাই ভুৱা ভোটাৰ; বিভ্ৰান্তিকৰ আখ্যা প্ৰশাসনৰ

Story by  atv | Posted by  [email protected] • 4 h ago
গুৱাহাটীত নাই ভুৱা ভোটাৰ; বিভ্ৰান্তিকৰ আখ্যা প্ৰশাসনৰ
গুৱাহাটীত নাই ভুৱা ভোটাৰ; বিভ্ৰান্তিকৰ আখ্যা প্ৰশাসনৰ
 
গুৱাহাটী
 
অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে গুৱাহাটীত ভুৱা ভোটাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ জাৰি কৰিছে। জিলা আয়ুক্তই এই অভিযোগসমূহ খণ্ডন কৰি ইয়াক বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে।
 
উল্লেখযোগ্য যে, শেহতীয়াকৈ গুৱাহাটীৰ ৩৭ নম্বৰ ৱাৰ্ডৰ (নিউ গুৱাহাটী সমষ্টি) বাসিন্দা নীলক্ষী শৰ্মা নামৰ এগৰাকী মহিলাই ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে তেওঁৰ বাসগৃহৰ (গৃহ নং ৩৩) ঠিকনাত ১২ গৰাকী অচিনাক্ত লোকৰ নাম ভোটাৰ তালিকাত ভুৱাকৈ অন্তৰ্ভুক্ত কৰা হৈছে।
 
তেওঁৰ মতে, ঘৰখনত মাত্ৰ ৪ গৰাকী বৈধ ভোটাৰ থকাৰ বিপৰীতে তালিকাত ১৬ জনৰ নাম থকাটো নিৰ্বাচনী স্বচ্ছতাৰ প্ৰতি এক ভাবুকি।
 
উল্লেখযোগ্য যে, ভাইৰেল ভিডিঅ’টোৰ ওপৰত ভিত্তি কৰি জিলা প্ৰশাসনে এক সংক্ষিপ্ত তদন্ত চলায় আৰু নিম্নলিখিত তথ্যসমূহ ৰাজহুৱা কৰে।
 
অভিযুক্ত নামবোৰ নতুনকৈ অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়াৰে ৭ গৰাকী ভোটাৰৰ নাম ২০১৪ চনৰ পৰিপূৰক তালিকাত আৰু আন ৭ গৰাকীৰ নাম ২০১৫ চনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
 
বৰ্তমানৰ নিৰ্বাচনৰ সময়ছোৱাত এই নামসমূহৰ বিৰুদ্ধে নাম সংযোজন (Form 6), কৰ্তন (Form 7) বা সংশোধনৰ (Form 8) কোনো নতুন আবেদন দাখিল কৰা হোৱা নাই।
 
বুথ লেভেল অফিচাৰৰ (বি এল অ’) পৰীক্ষণত পোৱা গৈছে যে উল্লেখিত ব্যক্তিসকল (যেনে- টেক বাহাদুৰ চেত্ৰী আৰু ডন আয়েংগীয়া) সেই অঞ্চলৰে দীৰ্ঘদিনীয়া বাসিন্দা। তেওঁলোকৰ ঘৰৰ ঠিকনাও চিনাক্ত কৰা হৈছে।
 
প্ৰশাসনে জনোৱা মতে, অভিযোগকাৰী নীলক্ষী শৰ্মাই ইতিমধ্যে বাসস্থান সলনি কৰাৰ বাবে তেওঁৰ নাম নিয়মমতে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে।