৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া; ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী

Story by  atv | Posted by  [email protected] • 2 h ago
৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া; ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী
৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া; ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী
 
গুৱাহাটী
 
আজি পুৱা ৭ বজাৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে নিকা আৰু সুচাৰুৰূপে ভোটদান সম্পন্ন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত নিজৰ মতদান সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰসমূহৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। অসমৰ ১২৬ খন আসন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। ৪ মে’ত ভোটগণনা কৰা হ’ব।
 
অসমত ১২৬ জনীয়া বিধানসভাৰ বাবে ২.৫ কোটিৰো অধিক ভোটাৰে নিজৰ ভোটাধিকার সাব্যস্ত কৰিব। নিৰ্বাচনী যুঁজত মুঠ ৭২২ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। ২,৫০,৫৪,৪৬৩ জন ভোটাৰৰ ভিতৰত ১,২৫,৩১,৫৫২ জন পুৰুষ আৰু ১,২৫,২২,৫৯৩ গৰাকী মহিলা ভোটাৰ। তদুপৰি তৃতীয় লিংগৰ ৩১৮ জন আৰু ৬৩,৪২৩ জন চাৰ্ভিচ ভোটাৰ আছে। ভোটাৰসকলৰ ভিতৰত ১৮-১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা ৬,৪২,৩১৪ জন, ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ ২,৫০,০০৬ জন আৰু ২,০৫,০৮৫ জন দিব্যাঙ্গ ব্যক্তি।
 
নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিবলৈ আয়োগৰ নিৰ্দেশ অনুসৰি ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। ৩১,৪৮৬ খন মূল ভোটকেন্দ্ৰ আৰু ৪ খন সহায়ক ভোটকেন্দ্ৰকে ধৰি মুঠ ৩১,৪৯০ খন ভোটকেন্দ্ৰতে ৱেবকাষ্টিং সক্ৰিয় কৰা হৈছে। নিৰ্বাচন পৰিচালনাৰ বাবে মুঠ ১,৫১,১৩২ জন নিৰ্বাচনী কৰ্মীক নিয়োজিত কৰা হৈছে। ভোটগ্ৰহণৰ বাবে জৰুৰীকালীন ব্যৱহাৰৰ বাবে সংৰক্ষিত মেচিনসহ ৪১,৩২০ টা বেলেট ইউনিট, ৪৩,৯৭৫ টা কণ্ট্ৰল ইউনিট আৰু ৪৩,৯৯৭ টা ভিভিপেট (VVPAT) মেচিনৰ ব্যৱস্থা কৰা হৈছে । প্ৰয়োজন হ’লে অতিৰিক্ত নিৰ্বাচনী কৰ্মীকো সাজু কৰি ৰখা হৈছে।