নতুন দিল্লী
ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ অভিযানৰ অংশ হিচাপে নিৰ্বাচন আয়োগে ব্যাপক সংশোধন কৰিছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, চলি থকা বিশেষ নিবিড় পুনৰীক্ষণ (SIR) ৰ অধীনত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পিছৰে পৰা ৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰৰ সংখ্যা ১ কোটি ৭০ লাখৰো অধিক হ্ৰাস পাইছে।
শনিবাৰে গুজৰাট, পুডুচেৰী, লক্ষদ্বীপ, ৰাজস্থান, ছত্তীশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গোৱা আৰু কেৰালাৰ মুখ্য নিৰ্বাচনী বিষয়াসকলে শ্বেয়াৰ কৰা তথ্য অনুসৰি যোৱা বছৰৰ ২৭ অক্টোবৰৰ পৰা বিশেষ পুনৰীক্ষণ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে তেওঁলোকৰ মুঠ ভোটাৰৰ সংখ্যা ২১.৪৫ কোটিৰ ওপৰত আছিল।
এই সপ্তাহত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ পোৱাৰ পিছত এই সংখ্যা ১৯৭.৫ মিলিয়নলৈ হ্ৰাস পাইছে। অৰ্থাৎ মুঠ ১ কোটি ৭০ লাখৰো অধিক ভোটাৰৰ পৰিৱৰ্তন হৈছে। এই প্ৰক্ৰিয়া বিহাৰত সম্পূৰ্ণ হৈছে যদিও বৰ্তমান ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চলি আছে৷ এই প্ৰক্ৰিয়াত প্ৰায় ৬০ কোটি ভোটাৰক সামৰি লোৱা হৈছে।
বাকী ৪০ কোটি ভোটাৰক ১৭ খন ৰাজ্য আৰু ৫খন কেন্দ্ৰীয় শাসিত অঞ্চলত সামৰি লোৱা হ’ব। অসমত ১০ ফেব্ৰুৱাৰীত বিশেষ নিবিড় পুনৰীক্ষণৰ (SIR) পৰিৱৰ্তে "বিশেষ পুনৰীক্ষণ" (special revision) সম্পূৰ্ণ হয়।
বিভিন্ন কাৰণবসত ৯খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিশেষ নিবিড় পুনৰীক্ষণৰ সময়সূচী বাৰে বাৰে সলনি কৰা হৈছে। বিহাৰৰ দৰে তামিলনাডু আৰু পশ্চিম বংগৰ ৰাজনৈতিক দলসমূহেও এই কামক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে।