আজিৰে পৰা কাৰ্যক্ষম হ'ব বৰঝাৰৰ নতুন বিমানবন্দৰ

Story by  atv | Posted by  [email protected] • 5 h ago
আজিৰে পৰা কাৰ্যক্ষম হ'ব বৰঝাৰৰ নতুন বিমানবন্দৰ
আজিৰে পৰা কাৰ্যক্ষম হ'ব বৰঝাৰৰ নতুন বিমানবন্দৰ
 
গুৱাহাটী
 
পাঁচ হেজাৰ কোটি টকা ব্যয়সাপেক্ষে বৰঝাৰত নিৰ্মিত বিশ্বমানৰ আন্তর্জাতিক বিমান বন্দৰটো আজিৰ পৰা কাৰ্যক্ষম হ'ব। আজি বৰঝাৰৰ নতুন টার্মিনেলৰ পৰা উৰা মাৰিব 'আকাশা'ৰ প্ৰথমখন বিমান। মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই আজি সন্ধিয়া বৰঝাৰৰ নতুন টার্মিনেলৰ পৰা ফে'চবুক লাইভযোগে এই কথা সদৰী কৰিছে। আধুনিকতা আৰু পৰম্পৰাৰ সামঞ্জস্য সাধন কৰি নিৰ্মাণ কৰা এই নতুন টার্মিনেলটোৰ সকলো দিশ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ আগত দাঙি ধৰে।
 
তেওঁ সদৰী কৰামতে এপ্ৰিলৰ প্ৰথম সপ্তাহত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ বৰ্তমানৰ টার্মিনেলটো সম্পূর্ণৰূপে বন্ধ হ'ব। আজিৰ পৰা নতুন টার্মিনেলটোত আৰম্ভ হ'ব বিমান সেৱা। যোৱা ২০ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বৰঝাৰৰ নতুন টার্মিনেলটো শুভ উদ্বোধন কৰিছিল। অসম্মা ১৪০ মেট্রিক টন বাঁহ ব্যৱহাৰ কৰি আটকধুনীয়াকৈ সজাই তোলা হৈছে নতুন টার্মিনেল। মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰামতে বৰ্তমানৰ টার্মিনেলটো বছৰি ৬৫ লাখ যাত্ৰীৰ আহ-যাহ হৈছে।
 
নতুন টার্মিনেলটোত বছৰি ১.৩০ কোটি যাত্রীৰ আহ-যাহ কৰাৰ সুবিধা ৰখা হৈছে। এই টার্মিনেলটোত ৯০ লাখ যাত্ৰীৰ আহ-যাহ হ'লে ইয়াৰ কাষত আন দুটা নতুন টার্মিনেল নিৰ্মাণৰ পৰিকল্পনা কৰা বুলিও তেওঁ সদৰী কৰে। নতুন টার্মিনেলটোৰ সৈতে সংগতি ৰাখি বিমানৰ মেৰামতি কৰিব পৰাকৈ 'মেইন্টেনেন্স এণ্ড বিপিয়াৰিং' (এম আৰ অ') শাখা এটাও সাজু কৰা হৈছে। এই শাখাটোত বিমানৰ মেৰামতি সম্ভৱ হ'ব। ইয়াৰ ফলত নিযুক্তিৰ সম্ভাৱনাও বৃদ্ধি পাইছে। নতুন টার্মিনেলৰ সৈতে দুখন হোটেল নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ সদৰী কৰে। এই হোটেল দুখনৰ পৰা বিমান যাত্রীয়ে পোনে পোনে সা-সামগ্রী 'চেক-ইন' কৰিব পাৰিব।
 
নতুন টার্মিনেলৰ আগমন ক্ষেত্ৰত গছ-বননিৰে এখন প্ৰাকৃতিক বনাঞ্চলৰ আভাস দিয়াৰ উপৰি কাজিৰঙাৰ দৃশ্যও ভিডিঅ'যোগে দর্শকে চাব পাৰিব। যাত্রীয়ে প্রস্থান কৰা অংশছোৱাত দুখন মুকলি মঞ্চও আছে। নতুন টার্মিনেলৰ সন্মুখত লোকপ্রিয় গোপীনাথ বৰদলৈৰ সুউচ্চ প্রতিমূর্তিও ইতিমধ্যে স্থাপন হৈছে।