ভাৰতীয় নাগৰিকক ভেনিজুৱেলালৈ যাত্ৰা পৰিহাৰ কৰিবলৈ পৰামৰ্শ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছৱাল
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছৱাল
 
নতুন দিল্লী
 
ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ' আৰু তেওঁৰ পত্নীক সামৰিক অভিযানত আমেৰিকাই বন্দী কৰাৰ পিছত শনিবাৰে নিশা ভাৰতীয় নাগৰিকসকলক ভেনিজুৱেলালৈ অপ্ৰয়োজনীয় সকলো যাত্ৰা পৰিহাৰ কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে ভাৰত চৰকাৰে। ইয়াৰ উপৰিও ভেনিজুৱেলাত থকা সকলো ভাৰতীয়কে অত্যন্ত সাৱধানতা অৱলম্বন কৰি নিজৰ চলাচল সীমিত কৰিবলৈ আহ্বান জনোৱা হৈছে।
 
আমেৰিকাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত মাডুৰ'ক ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত বুলি ধাৰাবাহিকভাৱে অভিযোগ কৰি সামৰিক আক্ৰমণ চলাইছিল। তেল সমৃদ্ধ দেশখনৰ ৰাষ্ট্ৰপতিয়ে এই অভিযোগ কঠোৰভাৱে অস্বীকাৰ কৰিছিল। আমেৰিকাৰ সৈন্যই মাডুৰ' আৰু তেওঁৰ পত্নীক ইতিমধ্যে আমেৰিকালৈ লৈ গৈছে। আমেৰিকাৰ এই পদক্ষেপৰ পিছতে ভেনিজুৱেলাই ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।
আনহাতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে, ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক ভেনিজুৱেলালৈ সকলো অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ পৰামৰ্শ দিয়া হৈছে। বিবৃতিটোত কোৱা হৈছে যে, যিকোনো কাৰণত ভেনিজুৱেলাত থকা সকলো ভাৰতীয়কে অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ, নিজৰ চলাচলত বাধা আৰোপ কৰিবলৈ আৰু কাৰাকাছত থকা ভাৰতৰ দূতাবাসৰ সংস্পৰ্শত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।  
 
মন্ত্ৰণালয়ে লগতে কয় যে, ভাৰতীয়সকলে দূতাবাসৰ সৈতে ফোন নম্বৰ +৫৮-৪১২-৯৫৮৪২৮৮ (হোৱাটছএপ কলৰ বাবেও) আৰু ই-মেইল আই ডি [email protected] ৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব। কাৰাকাছত থকা দূতাবাসৰ তথ্য অনুসৰি ভেনিজুৱেলাত প্ৰায় ৫০ জন অনাবাসী ভাৰতীয় আৰু ৩০ জন ভাৰতীয় মূলৰ ব্যক্তি আছে। 
 
আমেৰিকাৰ এই কাৰ্যই দক্ষিণ আমেৰিকাৰ দেশখনত ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি কৰিছে৷ ৰাছিয়া আৰু চীনকে ধৰি বহু দেশে মাডুৰ' আৰু তেওঁৰ পত্নীক বন্দী কৰাৰ বাবে ৱাশ্বিংটনক তীব্ৰ সমালোচনা কৰিছে। কাৰাকাছত চলা অভিযানৰ কেইঘণ্টামানৰ পিছতে ট্ৰাম্পে আমেৰিকাৰ জিম্মাত থকা মাডুৰ'ৰ ফটো পোষ্ট কৰে। 
 
আমেৰিকান কৰ্তৃপক্ষই জনোৱা মতে, মাডুৰ'ক নিউয়ৰ্কলৈ অনা হৈছে, য’ত তেওঁ ড্ৰাগছ কাৰ্টেলক সমৰ্থন কৰাৰ সৈতে জড়িত অভিযোগৰ সন্মুখীন হ’ব লাগিব। ট্ৰাম্পে কয় যে, ক্ষমতাৰ পৰিৱৰ্তন হ’ব নোৱৰালৈকে আমেৰিকাই ভেনিজুৱেলা চলাব। 
 
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, এই “অতি সফল” অভিযানে যিকোনো ব্যক্তিৰ বাবে সতৰ্কবাণী হিচাপে কাম কৰিব লাগে যিয়ে আমেৰিকাৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বা আমেৰিকাৰ জীৱন বিপন্ন কৰাৰ পৰিকল্পনা কৰে। আমেৰিকাৰ এই কাৰ্যক লৈ ভাৰতে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।