আমাৰ সকলোৰে জাতি হৈছে মানৱতা আৰু প্ৰেম হৈছে ধৰ্ম: বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়

Story by  atv | Posted by  Munni Begum • 1 h ago
বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়
বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
জাতি-ধৰ্মৰ পৰিসৰ অতিক্ৰম কৰা মানৱতাৰ বাণীৰে এক গভীৰ ভাষণ প্ৰদান কৰি সকলোৰে মন জয় কৰিছে বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে।
 
বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ পুট্টাপাৰ্থীৰ পৱিত্ৰ ভূমিত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিনেত্ৰীগৰাকীয়ে পাঁচটা ডি' Discipline, Dedication, Devotion, Determination and Discrimination (অনুশাসন, নিষ্ঠা, ভক্তি, দৃঢ়তা আৰু বৈষম্য)ৰ কথা উল্লেখ কৰি সকলোকে সমাজত প্ৰেমৰ বিয়পাবলৈ আহ্বান জনায়। 
 
অভিনেত্ৰীগৰাকীয়ে লগতে কয়, আমাৰ সকলোৰে জাতি এটাই, সেইটো হৈছে মানৱতা। ধৰ্মও এটাই, সেইটো হৈছে প্ৰেমৰ ধৰ্ম। ভাষাও এটা, সেইয়া হৈছে হৃদয়ৰ ভাষা আৰু আমাৰ এজনেই ইশ্বৰ আৰু তেওঁৱে সৰ্বব্যাপী।"  
সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ত অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে অনুষ্ঠানত তেওঁ শ্ৰী সত্য সাই বাবাৰ শিক্ষাৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে, ২০০৭ চনৰ এপ্ৰিল মাহত অভিনেতা অভিষেক বচ্চনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী ঐশ্বৰ্য ৰায়। ২০১১ চনৰ ১৬ নৱেম্বৰত তেওঁলোকৰ কন্যা সন্তান আৰাধ্যা বচ্চনৰ জন্ম হয়। অৱশ্যে যোৱা বছৰ তেওঁলোকৰ বিবাহত সম্পৰ্কক লৈ বহু উৰাবাতৰিয়ে সকলোকে স্তম্ভিত কৰি তুলিছিল। 
 
এই সকলোবোৰ আৰম্ভ হৈছিল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহত, য'ত তেওঁলোক দুয়োগৰাকীয়ে পৃথকে পৃথকে উপস্থিত হৈছিল। পিছত ঐশ্বৰ্যই কন্যা আৰাধ্যাৰ জন্মদিনৰ অনুষ্ঠানৰ ফটোও শ্বেয়াৰ কৰিছিল, য’ত অভিষেককে ধৰি বচ্চন পৰিয়ালৰ কোনো সদস্যৰ ফটো নাছিল। অভিষেকেও এইবাৰ কাঁ'ত ফেষ্টিভেলত ঐশ্বৰ্য ৰায়ৰ হৈ উল্লাস কৰা দেখা নগ’ল। 
 
ইয়াৰ পূৰ্বে অমিতাভ বচ্চনে এটা পোষ্ট শ্বেয়াৰ কৰিছিল য'ত তেওঁলোকৰ পৰিয়ালৰ ব্যক্তিগত বিষয়ক লৈ কৰা উৰাবাতৰিৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ কয়, "মই পৰিয়ালৰ বিষয়ে খুব কমেই কওঁ, কাৰণ সেয়া মোৰ ব্যক্তিগত ক্ষেত্ৰ আৰু ইয়াৰ বাবে মই গোপনীয়তা মই ৰক্ষা কৰোঁ। মই কব বিচাৰো যে, উৰাবাতৰিবোৰ উৰাবাতৰিয়ে হয়, যিবোৰ সত্যতা নিৰূপণ নকৰাকৈ কৰা হৈছে।"