গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ 'বিহু সম্ৰাজ্ঞী'ৰ মুকুট

Story by  atv | Posted by  Munni Begum • 2 h ago
২০২৬ বৰ্ষৰ 'বিহু সম্ৰাজ্ঞী' সংগীতা ৰাভা
২০২৬ বৰ্ষৰ 'বিহু সম্ৰাজ্ঞী' সংগীতা ৰাভা
 
গুৱাহাটী
 
ৰাজ্যৰ অন্যতম ঐতিহ্যমণ্ডিত ৭৫ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ ২০২৬ বৰ্ষৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। লতাশিল খেলপথাৰত অনুষ্ঠিত এই গৌৰৱোজ্জ্বল প্ৰতিযোগিতাত কেইবাগৰাকীও দক্ষ প্ৰতিযোগীক চেৰ পেলাই এই বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হয় গুৱাহাটীৰ সংগীতা ৰাভাই।
 
গুৱাহাটীৰ সংগীতা ৰাভাই লাভ কৰিলে ২০২৬ বৰ্ষৰ 'বিহু সম্ৰাজ্ঞী'ৰ খিতাপ। লতাশিল খেলপথাৰত অনুষ্ঠিত ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীত তেওঁ এই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয়। কেইবাগৰাকীও দক্ষ প্ৰতিযোগীৰ মাজৰ পৰা শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে তেওঁ এই সন্মান লাভ কৰে।
 
বিহু সম্ৰাজ্ঞীৰ খিতাপ জয় কৰা সংগীতা ৰাভাই পুৰস্কাৰ হিচাপে লাভ কৰে এটি মুকুট, বিহু সম্ৰাজ্ঞী দণ্ড, মানপত্ৰ, জাপি আৰু নগদ ১,৭১,১০১ টকা। ইয়াৰ উপৰিও তেওঁক সোণৰ গহণা, টিভি, ৰিফ্ৰিজেৰেটৰ, ৱাশ্বিং মেচিনসহ বহুতো আকৰ্ষণীয় উপহাৰ প্ৰদান কৰা হয়।
 
উল্লেখ্য যে, এইবাৰ লতাশিলৰ এই সন্মানীয় খিতাপৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৬ গৰাকী বিহুৱতীয়ে প্ৰতিযোগিতাত অংশ লৈছিল। তেওঁলোক ক্ৰমে আছিল গুৱাহাটীৰ সংগীতা ৰাভা, নাহৰকটীয়াৰ কৃষ্ণাশ্ৰী বুঢ়াগোঁহাই, ধেমাজিৰ পাহাৰী বুঢ়াগোঁহাই, নগাঁৱৰ নিৰ্জুমা কাকতি, মৰাণৰ নিমিশা দিহিঙীয়া আৰু সৰভোগৰ পম্পী নাথ। এই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল অজিত গগৈ, প্ৰবীণ শইকীয়া আৰু জয়া শীল ঘোষ।
 
আনহাতে, গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই 'বিহু কুঁৱৰী' আৰু লখিমপুৰৰ বৰষা বুঢ়াগোঁহাইয়ে 'বিহুৰাণী'ৰ খিতাপ অৰ্জন কৰে। দুয়োগৰাকী বিজয়ীকে মানপত্ৰ আৰু নগদ ধনৰ লগতে সোণৰ গহণা আৰু বিভিন্ন আকৰ্ষণীয় উপহাৰেৰে সন্মানিত কৰা হয়। 
 
আনহাতে, গুৱাহাটী বিহু সন্মিলনী ২০২৬-ৰ শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰে লাচিত গগৈয়ে। একেদৰে গোবিন চন্দ্ৰ গগৈয়ে শ্ৰেষ্ঠ পেঁপাবাদকৰ সন্মান অৰ্জন কৰে। এই বৰ্ণিল কাৰ্যসূচীৰ জৰিয়তে লতাশিলৰ ৭৫ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ সফল সামৰণি পৰে।