পদ্মশ্ৰী শ্বামছাদ বেগম: শিক্ষা, সৱলীকৰণ, আৰু মহিলা কমাণ্ডোৰ প্ৰতিষ্ঠাপক

Story by  atv | Posted by  Munni Begum • 1 h ago
পদ্মশ্ৰী শ্বামছাদ বেগম
পদ্মশ্ৰী শ্বামছাদ বেগম
 
মন্দাকিনি মিশ্ৰ (ৰাইপুৰ)  
 
ছত্তীশগড়ৰ এখন সৰু চহৰ বালোডৰ এগৰাকী সাধাৰণ নাৰীৰ জীৱন যাত্ৰা সম্প্ৰতি শ শ নাৰীৰ প্ৰেৰণাৰ উৎস হৈ পৰিছে। পদ্মশ্ৰী বঁটা প্ৰাপক শ্বামছাদ বেগমে প্ৰমাণ কৰিছে যে, প্ৰকৃত উদ্দেশ্য আৰু সম্প্ৰদায়ৰ অন্তৰ্ভুক্তিয়ে সমাজলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। শ্বামছাদ বেগম এটা সাধাৰণ, আৰ্থিকভাৱে সীমিত পৰিয়ালৰ জীয়ৰী হয়, যদিও তেওঁৰ পিতৃ-মাতৃ বিশেষকৈ মাকে কাম আৰু শিক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি ৬টা সন্তানৰ শিক্ষাক অগ্ৰাধিকাৰ দিছিল। পিছলৈ মাতৃৰ পৰা লাভ কৰা প্ৰেৰণাই শ্বামছাদৰ সামাজিক দায়বদ্ধতাৰ ভেটি হৈ গঢ় দিছিল। ভাৰতৰ মুছলমান মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ১০০ গৰাকী মহিলাৰ নাম মনোনীত কৰা হৈছে, যিসমূহৰ ভিতৰত অন্যতম এগৰাকী হৈছে পদ্মশ্ৰী শ্বামছাদ বেগম।    
 
১৯৯০ চনত গুণ্ডাৰদেহী ব্লকত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান কাৰ্যসূচীত যোগদান কৰি শ্বামছাদে মহিলা সাক্ষৰতাৰ বাবে গণ আন্দোলন আৰম্ভ কৰিছিল। এই অভিযানৰ অধীনতে মাত্ৰ ছমাহৰ ভিতৰত ১৮,২৬৫ গৰাকী নিৰক্ষৰ মহিলাৰ ভিতৰত প্ৰায় ১২,২৬৯ গৰাকীক সাক্ষৰ কৰি তোলা হৈছিল। যি এক কেৱল প্ৰচাৰ অভিযান নাছিল বৰং ই এক অভূতপূৰ্ব কৃতিত্ব বুলি ক'ব পাৰি। তেওঁ মহিলা গোটসমূহৰ মাজত ধাৰাবাহিকভাৱে মহিলা সকলক আত্মনিৰ্ভৰশীল হ’বলৈ, শক্তিশালী কৰিবলৈ নিয়োজিততা, সঞ্চয় আৰু অৰ্থনৈতিক কাৰ্য্যকলাপ আৰম্ভ কৰিছিল।     
 
ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী পাটিলৰ পৰা পদ্মশ্ৰী গ্ৰহণ শ্বামছাদ  বেগম
 
শ্বামছাদ বেগমে প্ৰতিষ্ঠা কৰা ১০৪১টা আত্মসহায়ক গোটে সামূহিক সঞ্চয় আৰু সমবায় উদ্যোগৰ জৰিয়তে প্ৰায় ₹২ কোটিৰ সঞ্চয় সক্ৰিয় কৰি ৰাখিছে। এই গোটসমূহে চাবোন নিৰ্মাণ, ম’হৰ গাড়ীৰ চকা, গেলামালৰ দোকান আদি কাম আৰম্ভ কৰিছিল। এই প্ৰচেষ্টাসমূহক স্থানীয় প্ৰশাসন আৰু গ্ৰাম্য সমাজেও সহযোগিতা আগবঢ়াইছিল। মহিলা ভৱনটো সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে এক নিৰাপদ স্থান আৰু নেতৃত্বৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। যিটো এটা উল্লেখযোগ্য পদক্ষেপ আছিল, যিয়ে মহিলাসকলক সংগঠিত আৰু প্ৰেৰণা যোগোৱাত সহায় কৰিছিল। 
 
২০০৬ চনত সক্ৰিয় কৰ্মীসকলে সামাজিক কু-সংস্কাৰ নিৰ্মূল কৰি চৰকাৰৰ উপকাৰী আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ কাম কৰি গাঁৱে-ভূঞে মহিলাৰ সংগঠন গঠন কৰিছিল। তেওঁলোকৰ নাম আছিল মহিলা কমাণ্ডো বা বিশেষ আৰক্ষী বিষয়া (এছ পি অ’)। এই মহিলাসকলে মদ্যপান, ঘৰুৱা হিংসা, যৌতুক, মানৱ সৰবৰাহৰ দৰে সামাজিক কু-সংস্কাৰক ৰোধ কৰাত সক্ৰিয় ভূমিকা পালন কৰিছিল। 
 
তেওঁলোকে আৰক্ষী বিভাগৰ সৈতেও জড়িত হৈ আৰক্ষীৰ সৈতে বন্ধুত্ব গঢ়ি নিৰাপত্তাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। গুণ্ডাৰদেহীৰ ১০০ গৰাকী মহিলাৰ পৰা আৰম্ভ কৰি এতিয়া সমগ্ৰ ছত্তীশগড়ৰ ১৪ খন জিলাত স্বেচ্ছাসেৱক হিচাপে কাম কৰি আছে বহু মহিলা কমাণ্ডোৱে। এই মহিলা কমাণ্ডোসকলে চৰকাৰৰ পৰা কোনো সন্মানীয় ধন লাভ নকৰে, আনকি আমাৰ সংগঠনেও কোনো ধৰণৰ ধন লাভ নকৰে। তথাপিও এই মহিলা কমাণ্ডোসকলে সমাজখনক অপৰাধমুক্ত, ড্ৰাগছমুক্ত কৰি ৰাখিবলৈ আৰু সামাজিক কু-সংস্কাৰ নিৰ্মূল কৰিবলৈ নিজৰ গাঁৱত সেৱা আগবঢ়াই আছে।  
 
এই সেনাবাহিনী ক্ৰমান্বয়ে বৃদ্ধি পাই সম্প্ৰতি ই ৩০খন জিলাৰ প্ৰায় ১৫,০০০ৰ পৰা ৬৫,০০০ গৰাকীৰ মহিলাৰ নেটৱৰ্কত পৰিণত হৈছে। ৰঙা শাৰী, টুপী, হুইচেল, টৰ্চ আদিৰ ব্যৱস্থা কৰি টহল দিয়াৰ বাবে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে সুৰাৰ বিক্ৰী ২০% হ্ৰাস কৰাৰ লগতে ঘৰুৱা হিংসা ২৩% হ্ৰাস পোৱা দেখা গৈছে। এই মহিলা কমাণ্ডোসকলে নিজাকৈ ইউনিফৰ্ম ক্ৰয় কৰে। ৰাজহুৱা অনুদানৰ জৰিয়তে তেওঁলোকক মশ্বাল, লাঠি, পঞ্জীয়ন প্ৰদান কৰা হয়। এই ক্ষেত্ৰত আয়ুক্ত আৰু এছ পিয়েও অৰিহণা যোগাই আহিছে।    
 
জীৱন সলনি কৰাৰ শপত গ্ৰহণ কৰা শ্বামছাদ বেগমৰ মহিলা কমাণ্ডোসকল
 
১৯৯০ চনত দুৰ্গ জিলাত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযানৰ পৰাই নাৰী সবলীকৰণ, শিক্ষা, সমাজ সেৱা আৰম্ভ হৈছিল। শ্বামছাদ বেগম আৰু তেওঁৰ সাতজন ভাই-ভনীয়ে অতি কষ্টেৰে শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ প্ৰয়াত আমনা বেগমে তেওঁলোকৰ শিক্ষাৰ বাবে পৰিয়ালৰ সৈতে  সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেওঁ তেওঁৰ গহনাৰ লগতে কাপোৰ চিলাই কৰি বিক্ৰী কৰি ৭ গৰাকী ভাই-ভনীক পঢ়া-শুনা কৰোৱাইছিল। সেই সময়ৰ পৰাই মোৰ মনত এটা গভীৰ প্ৰশ্ন শিপাই আছিল যে, কন্যাক কিয় পঢ়াত বাধা দিয়া হয়? তেওঁলোকক কিয় আগবাঢ়ি যাবলৈ দিয়া নহয়? ঠিক সেই মুহূৰ্ততে মই সংকল্প লৈছিলো যে, যদি কেতিয়াবা সুযোগ পাওঁ, তেন্তে মই মহিলাৰ শিক্ষা আৰু সৱলীকৰণৰ বাবে কাম কৰিম। আৰু তাৰ পিছত ১৯৯০ চনত সাক্ষৰতা অভিযানত কাম কৰিবলৈ মই এক ডাঙৰ মঞ্চ বিচাৰি পাইছিলো।  
 
ইয়াৰ পিছত মই ২৫ গৰাকী মহিলাক ঘৰতে পঢ়ুৱাবলৈ আৰম্ভ কৰিলোঁ। মই মহিলা মণ্ডলত যোগদান কৰি গুণ্ডাৰদেহী উন্নয়ন খণ্ডৰ স্বেচ্ছাসেৱী উপ সমন্বয়ক হৈ পৰিছিলোঁ। এই ব্লকৰ ১৬৩ খন গাঁৱত ১৮ হাজাৰ নিৰক্ষৰ লোক আছিল। মই গাঁৱে গাঁৱে গৈ ১২,২৬৫ গৰাকী মহিলা আৰু ৬,০০০ পুৰুষ পৰিদৰ্শকক শিক্ষিত কৰি এক অভিযান আৰম্ভ কৰিছিলোঁ। বহু অসুবিধা আৰু প্ৰত্যাহ্বানৰ মাজতো ১৯৯০ চনত ৫২% হোৱা গুণ্ডাৰদেহী উন্নয়ন খণ্ডত সাক্ষৰতাৰ হাৰ ৭৫% লৈ বৃদ্ধি পাইছিল। মোৰ বাবে এইটো আছিল এক বৃহৎ সফলতা। 
 
এই মহিলা কমাণ্ডোসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, পৰিৱেশ সুৰক্ষা, পানী সংৰক্ষণ, ভোটাৰ সজাগতা, পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে তথ্য প্ৰদান, কন্যা শিশু শিক্ষাক উৎসাহিত কৰা, বাল্য বিবাহ ৰোধ কৰা আদি বিভিন্ন বিষয়ত কাম কৰি আহিছে। ইয়াৰ উপৰিও ছোৱালীৰ শিক্ষাৰ প্ৰসাৰৰ বাবে ২০১০ চনৰ পৰা ১০ হাজাৰ ছোৱালীক বহী, কলম, গুণন টেবুল, কম্পাছৰ বাকচ আৰু অন্যান্য সামগ্ৰী যোগান ধৰি আহিছে। তদুপৰি মহিলাসকলে গৰুৰ গোবৰৰ লেম্প আৰু প্লেট তৈয়াৰ কৰি কোটিপতি হৈ পৰিছে। লগতে নিজৰ ঘৰৰ পুৰুষক সংস্থাপনৰ ব্যৱস্থা কৰি দিছে। 
 
২০১২ চনত ভাৰত চৰকাৰে তেওঁৰ অসাধাৰণ অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। তদুপৰি তেওঁ জাংকি দেৱী বাজাজ বঁটা, ভগৱান মহাবীৰ বঁটা, নাৰী শক্তি সন্মান, মিনিমাতা সন্মানকে ধৰি অসংখ্য ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সন্মানেৰে সন্মানিত হৈছে। ২০২৫ চনত তেওঁৰ জীৱন আৰু কৰ্মৰ নথিভুক্ত কৰা কোছাল পুত্ৰী সন্মানেৰেও সন্মানিত হয়। 
 
শ্বামছাদ বেগম (বাওঁফালে) আৰু তেওঁৰ সেনানীসকল
 
শ্বামছাদ বেগম আজিও সক্ৰিয় হৈ আছে। তেওঁ মহিলা কমাণ্ডোসকলৰ বাবে পথ প্ৰদৰ্শন, কৌশলগত সহায় আৰু নতুন জিলালৈ সম্প্ৰসাৰণ আগবঢ়াই আছে। ইয়াৰ উপৰিও সাহযোগী জনকল্যাণ সমিতি আৰু নাবাৰ্ডৰ দৰে সংস্থাৰ জৰিয়তে তেওঁ মহিলাসকলক নেতৃত্বৰ দক্ষতা, অধিকাৰৰ প্ৰতি সজাগতা, প্ৰতিৰক্ষামূলক আচৰণ আৰু ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰশিক্ষণ দি আহিছে। শ্বামছাদ বেগমে কয়, "মোৰ এই যাত্ৰা সহজ নাছিল। কিন্তু মই নাৰীক আগুৱাই নিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিলো।" 
 
শ্বামছাদ বেগমে বুজাই দিছে যে, মুছলমান পৰিয়ালৰ মহিলা হিচাপে তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তেওঁৰ সন্তান সৰু আছিল, যাৰ বাবে তেওঁ বিভিন্ন সময়ত বহু মানুহৰ পৰা ঠাট্টা-মস্কৰাৰ সন্মুখীন হৈছিল। কিন্তু তেওঁ সেইবোৰক আওঁকাণ কৰি নিজৰ সংকল্প পূৰণৰ বাবে আগবাঢ়ি গৈ আছিল। ১৯৯৫ চনত গুণ্ডাৰদেহী উন্নয়ন খণ্ডৰ প্ৰকল্প সমন্বয়ক হিচাপে নিযুক্তি লাভ কৰে। এই সময়ছোৱাত গাঁওখনৰ ১২,২৬৫ গৰাকীৰ ভিতৰত ১০,২৬৫ গৰাকী মহিলাৰ লগতে ৪,০০০ জন পুৰুষো সাক্ষৰ হৈ উঠিছিল। এই মহিলাসকল তেতিয়া আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ পৰিছিল আৰু তেওঁলোকৰ সৰু সৰু সঞ্চয় ধন তেওঁলোকৰ ঘৰত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ ফলত প্ৰায় ৩৫০০ টা গোট গঠন হৈছিল, যাৰ ফলত তেওঁলোক অৰ্থনৈতিকভাৱে সবল হৈ উঠিছে।  
 
তেওঁ বুজাই দিয়ে যে, মাতৃ আৰু শিশুৰ মৃত্যু ৰোধ কৰিবলৈ মিটানিন কাৰ্যসূচীয়ে ২০০০ চনত পাইলট প্ৰজেক্টৰ জৰিয়তে ৫০০ স্বেচ্ছাসেৱী মিটানিন আৰু ২০ জন প্ৰশিক্ষক নিৰ্বাচন কৰিছিল, যাতে স্বাস্থ্যৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাত সহায় হয়। ইয়াৰ ফলত টিকাকৰণৰ আৰু প্ৰতিষ্ঠানিক প্ৰসৱৰ হাৰ ৮০% বৃদ্ধি পাইছিল।