জুবিনদাৰ গীতত ছুফী আধ্যাত্ম্য দৰ্শনৰ সমাহাৰ

Story by  atv | Posted by  Munni Begum • 2 h ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
  নুৰুল আমিন কাছিমী 
 
জনপ্রিয় কণ্ঠশিল্প জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ লগে লগে সমগ্র ৰাজ্যজুৰি শোকৰ বন্যা বৈছে। সমান্তৰালভাৱে চৌদিশে হ'বলৈ লৈছে তেখেতৰ কৰ্মৰাজিৰ মূল্যায়ণ। জুবিন গার্গে প্রায় ৪০ টা বিভিন্ন ভাষাত ৩৮ হেজাৰ গীতত কণ্ঠ দান কৰি ইতিহাস সৃষ্টি কৰি থৈ গৈছে। এয়া সকলোৰে বাবে সম্ভৱপৰ নহয়। অকল কণ্ঠ প্রদান কৰাই নহয় তেওঁ নিজে গীত ৰচনাও কৰিছিল সুৰো কৰিছিল আৰু কণ্ঠদানো নিজেই কৰিছিল। তেওঁৰ সাৱলীল আৰু মনপৰশা গীতৰ ৰচনাৱলী সাধাৰণ জনতাই কেনেদৰে আদৰি লৈছিল তাৰ প্রমাণ তেওঁৰ মৃত্যুৰ পিছত ইতিমধ্যে পোৱা গৈছে।
 
মহান শিল্পী গৰাকীৰ জীৱনজোৰা সাধনাৰ মূল্যায়ন এই ক্ষুদ্ৰ লেখাটোত কৰাটোৰ ধৃষ্টতা আমি কোনোপধ্যেই কৰিব নোৱাৰোঁ। কিন্তু তেখেতৰ গীত সমূহৰ একাংশত এটা বিশেষ দিশৰ বিষয়ে ইয়াত আলোচনা কৰিব বিচাৰিছো। জুবিন গাৰ্গৰ গীতত প্রেম, বিষাদ, প্রকৃতি, বিদ্রোহ, ধার্মিকতা, দেশপ্রেম আদি বিভিন্ন বিষয়ৰ উপৰিও এক বিশেষ দিশৰ সমাহাৰ বিশেষভাৱে পোৱা যায়। 
 
জুবিন গাৰ্গে কণ্ঠদান কৰা হিন্দী গীত 'য়া আলি'ত অভিনয় কৰাৰ এক দৃশ্য
 
জুবিনদাৰ গীতত সাধাৰণ জীৱন-দৰ্শনৰ লগতে কিছুমান গীতত চুফী আধ্যাত্ম দৰ্শনৰ সমাহাৰ বিশেষভাৱে পৰিস্ফুট হয়। অৰ্থাৎ আধ্যাত্মিক দিশটো অতি গভীৰভাৱে পৰিস্ফুট হৈছে। চুফীত্ব হৈছে পার্থিব জীৱনক তুচ্ছ জ্ঞান কৰি ইয়াৰ মোহ মায়া ত্যাগ কৰা আৰু মৃত্যু আৰু মৃত্যুৰ পৰৱৰ্তী জীৱনটোহে যে, প্রকৃত সত্য সেই উপলব্ধিৰে জীৱনটো পৰিচালনা কৰা। আল্লা বা ঈশ্বৰৰ সৃষ্টিকূলক নিজৰ বুলি জ্ঞান কৰা সকলো সৃষ্টি জগতৰ সৈতে সমভাৱে প্রেম কৰা। 
 
চুফী শব্দটো আৰবী শব্দ হলেও এই বিষয়টো কলা সাহিত্যৰ এক জনপ্ৰিয় বিষয়। আমাৰ এই লেখনিত চুফীৰ অৰ্থ হল সাধক, আধ্যাত্মিক গুৰু। আৰু আধ্যাত্মিকতা প্ৰত্যেক ধৰ্মৰে মূল বিষয়। জনপ্রিয় তাৰকা হোৱাৰ পিছতো পৃথিৱীৰ অন্যান্য তাৰকাসকলৰ গ্লেমাৰ সৰ্বস্ব জীৱনতকৈ জুবিন গাৰ্গৰ জীৱনটো আছিল পৃথক। তেওঁ আছিল এগৰাকী প্ৰকৃত সাধক। এই পার্থিৱ জীৱনৰ কোনো বস্তুৰ প্ৰতিয়েই যেন তেওঁৰ  মোহ-মায়া নাছিল! 
 
মৃত্যুৱেই যে, এই পৃথিৱীৰ চৰম সত্য সেই কথা তেওঁ একাংশ গীতত বাৰম্বাৰ প্ৰকাশিত হৈছে। লগতে তেওঁ বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ সৈতে হোৱা বার্তালাপতো এই বিষয়টো বাৰম্বাৰ ব্যক্ত কৰা দেখা যায়। মানৱ প্রেম, প্রকৃতি প্ৰেমৰ লগতে জীৱনৰ চৰম সত্য মৃত্যুৰ সৈতেও যেন তেওঁ প্রেম কৰিবলৈ শিকিছিল, তেখেতৰ এই গীতৰ দ্বাৰা এই কথা উপলব্ধি কৰিব পৰা যায়-

"মই নথকাৰ অনুভৱ
 যিদিনা হ'ব তোমাৰ
 সিদিনা অশ্রু নিগৰিবনে কোৱা..."
 
এই পার্থিৱ জীৱন যে, চিৰস্থায়ী নহয়, সকলোৱেই এই পৃথিবীৰ মোহ-মায়া এৰি এদিন খালী হাতেই ইয়াৰ পৰা গুচি যাব লাগিব। নিজৰ অনুৰাগীসকলক বাৰে বাৰে এই সত্যৰ বিষয়ে  যেন কৈ যাব বিচাৰিছিল! লগতে ধন ঐশ্বৰ্য্যৰ লোভৰ মায়াজালত মানুহে মানুহৰ প্রতি কৰা অন্যায়, অত্যাচাৰ, ৰাইজৰ ধন আত্মসাৎ কৰি ধনী হ'ব বিচৰা পৰম্পৰাগত সামাজিক তথা ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি ভেঙুচালি কৰি গাইছিল-

এই মায়াৰ ধৰাত...
দুদিন মাথোঁ থাকিবা তুমি। 
নিবলে একোকে নাপাবা তুমি
তোমাৰো যি সপোন আমাৰো সপোন
সপোনৰে চিলোৱা উদৰ
 দুখন হাতৰ মুঠিত একেই সমান মাটি
সাজিবলে একেই কবৰ...
লোৱা লোৱা আৰু লোৱা 
খোৱা খোৱা আৰু খোৱা
একো নাই.... 
 
মাৰা মাৰা আৰু মাৰা 
চেপি চেপি তেজ খোৱা 
শূন্য হায়..!
 
মৃত্যুক চিৰন্তন সত্য বুলি জানিও এই পৃথিৱীত মানুহে প্রায়ে মৰিবলৈ ভয় কৰে। বহুতে আকৌ মৰিবই নিবিচাৰে। এশ বছৰৰো বেছি জীয়াই থাকিব বিচাৰে। বহু নামী-দামী মানুহৰ জীয়াই থকাৰ অভিপ্রায়ৰ কাহিনী সর্বজনবিদিত। মাইকেল জেকচনৰ দৰে তাৰকাৰ ১৫০ বছৰ জীয়াই থকাৰ অভিপ্রায় এই সন্দর্ভত এক উদাহৰণ।
 
জুবিন গাৰ্গে অনুষ্ঠানত গীত পৰিবেশন কৰি থকা এক দৃশ্য
 
এই ক্ষেত্রত জুবিন গাৰ্গ আছিল পৃথক। তেওঁ প্রায়ে কৈছিল, জীৱনটোৰ কোনো ঠিক নাই, কোনে জানে মই কেতিয়া মৰি থাকো। এই পাৰ্থিৱ দেহাটোৰ কোনো ভৰষা নাই বুলি তেওঁ বাৰে বাৰে এই কথা সোঁৱৰাই দিছিল এই গীতটোৰ দ্বাৰা..... 

"দেহৰ ভৰষা নাই বুজিছানে নাই 
আজি হাঁহি আছো ক'বতো নোৱাৰো
কালি বা কি আছে হায়, কপালতে
কালি বা কি আছে হায়...
মই মৰিম যিদিনা ঐ.. 
একেডাল বাহকে তিনিচেও কৰিব.. 
মাজৰ চেও কঁচালিৰ কামি, 
চাৰিজন মানুহে কান্ধত তুলি নিব 
নৈৰ ঘাটলৈ বুলি..।" 
 
মৃত্যু মানুহৰ যিকোনো মূহুৰ্ততে আহিব পাৰে বুলি এই গীতত তেওঁ পার্থিৱ শৰীৰ আৰু ধন ঐশ্বৰ্য্যৰ ওপৰত ভৰষা নকৰি ঈশ্বৰৰ সৃষ্টিকুলৰ সৈতে সুব্যৱহাৰ কৰি আধ্যাত্মিকভাৱে আগুৱাই যাবলৈ কৈ মৃত্যুৰ পিছত মৃতকৰ সৈতে, মৃতকৰ পৰিয়ালৰ অৱস্থাৰ এখন জীয়া ছবি অংকন কৰি থৈ গৈছে। 

"ইয়া আলী মদদ ৱালী 
ইয়া আলী... য়াৰ পে কুৰবান হে চভী, 
ইশ্বক পে  মিটা দুঁ 
মে আপনী খুদী,
ইয়া আলি..." 
 
এই গীতটো এটি চুফী গীত হিচাপেই বিশ্ববিখ্যাত। ইয়াত য়াৰ মানে বন্ধু, সহযাত্ৰী, জীৱনসংগী বহু অৰ্থই লব পাৰি। কিন্তু গীতটিৰ এইদৰেই লব পাৰি যে, প্ৰকৃত সাধকে ঈশ্বৰ, আল্লাহ, বা ভগৱানকে প্ৰকৃত বন্ধু ৰূপে গ্ৰহণ কৰে। গতিকে প্ৰকৃত য়াৰ বা ঈশ্বৰতে বিলীন হৈ যাওঁ বুলিও ভৱাৰ থল আছে। এজন মহান শিল্পী হিচাপে বিশ্বজুৰি পৰিগণিত হোৱা জুবিন গার্গে মৃত্যুকো এক শিল্প বুলিয়েই গণ্য কৰিছিল। বাটে-ঘাটে বিভিন্ন দুর্ঘটনাত পতিত হৈ আকস্মিক মৃত্যুক সাবটি লোৱা লোক সকলৰ বাবে বিদ্রোহ কৰি তেওঁ মৃত্যুকে প্রশ্ন কৰিছিল-

মৃত্যু যদি শিল্প হয়... 
মৃত্যু কিদৰে সুলভ? 
মৃত্যু যে এতিয়া সহজ..
 
ক্ষমতাসৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোক সমালোচনা কৰি জনতাক শোষণ কৰা ৰজা প্ৰজা সকলোকে পৃথিৱীৰ লোভ লালসা মোহ মায়াৰ পৰিৱৰ্তে  যিকোনো মূহুৰ্ততে আহিব পৰা চিৰন্তন মৃত্যুৰ কথা সোঁৱৰাই কৈ গৈছে.. 

"অন্ধ শাসন ভণ্ড শাসক
অৰ্থ লোভৰ নগ্ন যুঁজত
জীৱন মৰণৰ স্বপ্ন বাহক
মগ্ন বিভোৰ অন্ধ সুখত
মুকুতি আজি দেখো
দিশহাৰা হৈ ৰয়
দিশে দিশে চলে মাথো মৃত্যুৰ জয়
মৃত্যু এতিয়া সহজ"
 
শেষত তেওঁৰ মৃত্যুৰ দিনা সকলোকে আহিবলৈ আৰু এই চিৰ সত্য আৰু চিৰশ্বাশ্বত মৃত্যুৰ বাবে নাকান্দিবলৈ সকলোকে আহ্বান জনাই গাইছিল -

"মোৰ মৃত্যু দিনা তুমি আহিবা 
তুমি পিছে নাকান্দিবা 
তুমি পিছে নাকান্দিবা.." 
 
এইখিনি মোৰ একান্ত নিজা অনুভৱ। সকলোৱে এই বিষয়ে একমত নহবও পাৰে। জুবিনদাৰ দৰে বিখ্যাত শিল্পী ৰজাৰ দৰে শত সহস্ৰ অনুৰাগীৰ হিয়াৰ আমঠু হৈয়ো অতি সাধাৰণ জীৱন যাপন কৰাটোৱেও এই বিষয়ৰ সমৰ্থন কৰে বুলি কব পাৰি। ইয়াৰ ওপৰিও তেখেতৰ কন্ঠত নিজে অভিনয় কৰা এটি গীততো ছুফীতত্ত্ববাদৰ উন্মেষ দেখিবলৈ পোৱা যায়।
 
"ইশ্বক নামাজী/
ইশ্বক হে কাবা   
কৰলে ইশ্বক কা চাজদা.." 
 
ছুফী বা সাধক সকলৰ জীৱনৰ মূলমন্ত্ৰ জাতি ধৰ্মৰ ভেদাভেদ পৰিহৰি জীৱনৰ লগতে নিজৰ সৃষ্টিৰাজিৰ জৰিয়তেও যে মানুহক প্ৰকৃত সত্য উপলব্ধি কৰাব পাৰি সেই শিক্ষাই মহান শিল্পী গৰাকীয়ে আমাৰ মাজত এৰি থৈ গৈছে। এয়া মাত্ৰ কেইটামান উদাহৰণহে। তেখেতৰ গীতৰ সমুদ্ৰ মন্থন কৰিলে এনে দেধাৰ উদাহৰণ পোৱা যাব পাৰে। এইবোৰ পাছলৈ নিশ্চয় গৱেষণাৰ বিষয় হ'ব। মই  নিজে গুৱাহাটী বিশ্ববিদ্যালয়ৰ "ছুফীতত্ত্ববাদ" (Sufism) ৰ এগৰাকী গৱেষক ছাত্ৰ হিচাপে এইখিনি কথা মনলৈ আহিল। ইয়াত দ্বিমত নিশ্চয় থাকিব পাৰে। জুবিনদাৰ আদৰ্শ আমাৰ মাজত সদায় থাকক এয়ে কামনা।
 
(লেখক তেজপুৰস্থিত Islamic Study & Research Academy Assamৰ সভাপতি)