বহু লোভনীয় বৃত্তি ত্যাগ কৰি মুছলমান মহিলাৰ অধিকাৰৰ সংগ্ৰামত লাগি পৰিল ডাঃ কাদীজা মুমতাছ

Story by  atv | Posted by  Munni Begum • 1 d ago
ডাঃ কাদীজা মুমতাছ
ডাঃ কাদীজা মুমতাছ
 
শ্ৰীলাথা মেনন / থ্ৰিছুৰ
 
২০১০ চনত শ্ৰেষ্ঠ কল্পকাহিনীৰ বাবে সাহিত্য একাডেমীৰ বঁটা বিজয়ী কেৰালাৰ ডাঃ কাদীজা মুমতাছৰ কেইবাটাও পৰিচয় আছে। তেওঁ হৈছে 'বৰছা' (Barsa) উপন্যাসৰ লেখিকা। 
 
ইয়াৰ লগতে তেওঁ কোঝহিকোড মেডিকেল কলেজ হাস্পতালত কাম কৰা এগৰাকী সফল স্ত্ৰীৰোগ বিশেষজ্ঞও। ডাঃ কাদীজা মুমতাছ মুছলমান মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া এগৰাকী সক্ৰিয় সামাজিক কৰ্মী হিচাপেও পৰিচিত। মুছলমান ব্যক্তিগত আইনৰ অধীনত উত্তৰাধিকাৰ আইনক লৈ প্ৰশ্ন উত্থাপন কৰা উচ্চতম ন্যায়ালয়ত আবেদনকাৰীৰ ভিতৰত তেওঁ হৈছে অন্যতম ব্যক্তি।
 
কাদীজা মুমতাছে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি থকা এক দৃশ্য
 
মুমতাছে বহুকেইটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কেৰালাৰ বিভিন্ন সমূদায়ৰ সাহিত্যিক আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলক সাঙুৰি লোৱা দেশিয়া মানবিকা বেদী (Desiya Manavika Vedi) নামৰ এক মঞ্চৰো তেওঁ অংশ। তেওঁলোকে একেলগে মানুহৰ মাজত শান্তি, সম্প্ৰীতি আৰু সদ্ভাবনাৰ  সৃষ্টিৰ প্ৰয়াস কৰে। সমাজৰ পৰিৱৰ্তনৰ বাবে মুকলিকৈ কাম কৰা কেৰালাৰ কেইজনমান মুছলমানৰ ভিতৰত মুমতাজ অন্যতম।
 
চিকিৎসা বিজ্ঞান এৰি তেওঁ এতিয়া কল্পকাহিনীও লিখে। প্ৰকৃতাৰ্থত তেওঁ এগৰাকী সক্ৰিয় সমাজকৰ্মী হৈ পৰিছে। তেওঁ মুছলমান মহিলাৰ ন্যায়ৰ বাবে যুঁজিব বিচাৰে, যদিও ইয়াৰ ফলত মুছলমান ধৰ্মগুৰু আৰু জামাত-ই-ইছলামীৰ দৰে গোটসমূহ ক্ষুব্ধ হৈ পৰে। 
 
মুছলমান ব্যক্তিগত আইন পৰিৱৰ্তনৰ জৰিয়তে লিংগ সমতাৰ দাবী উত্থাপন কৰা কেৰালাৰ কেইজনমান কৰ্মীৰ ভিতৰত মুমতাছ হৈছে অন্যতম শক্তিশালী কণ্ঠ। FORGEN (Forum for Muslim Women’s Gender Justice) নামৰ সংগঠনৰ জৰিয়তে তেওঁ লিংগ অধিকাৰৰ ইছলামিক নিয়মৰ পৰ্যালোচনাৰ বাবে আহ্বান জনাই আহিছে।
 
ডাঃ মুমতাছৰ মতে, "কোৰাণত উল্লেখ কৰা ব্যক্তিগত আইনৰ প্ৰকৃত উদ্দেশ্য আছিল ন্যায়। ই মহিলাসকলক উত্তৰাধিকাৰ লাভৰ স্বাধীনতা দিছিল। সেই সময়ত ই ন্যায্য আছিল। কিন্তু আজি ই আৰু ন্যায়সংগত নহয়। সেইবাবেই আমি বিচাৰো উচ্চতম ন্যায়ালয়ে মহিলাৰ সপক্ষে আইনখন সংশোধন কৰিবলৈ চৰকাৰক কওক।”
 
কাদীজা মুমতাছে বঁটা লাভ কৰাৰ এক দৃশ্য
 
FORGEN-এ উত্তৰাধিকাৰ আইনত পৰিৱৰ্তন বিচাৰিলেও তেওঁ ইউনিফৰ্ম চিভিল কোড (UCC)ক সমৰ্থন নকৰে। তেওঁ কয়: "চৰকাৰে ইউচিচিৰ কথা কৈ থাকে। কিন্তু আমি কেৱল আমাৰ উত্তৰাধিকাৰ আইনত সংশোধনী বিচাৰো।"
 
চাৰি বছৰৰ পাছতো তেওঁলোকৰ আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ নকৰাত তেওঁ এতিয়া বিচলিত হৈ পৰিছে। “ইউচিচি আমাৰ বাবে সদায় এক ভাবুকি, কিন্তু আদালতে আমাৰ গোচৰৰ শুনানিও আৰম্ভ কৰা নাই,” তেওঁ কয়। 
 
একে সময়তে মুমতাছে কয় যে তৃণমূল স্তৰত বহু কাম বাকী আছে। বহু মহিলাই নিজৰ অধিকাৰৰ বিষয়েও অৱগত নহয়। তেওঁলোকক কোৱা হয় যে যিয়েই নহওক কিয় সেয়া আল্লাহৰ ইচ্ছা আৰু সেয়েহে তেওঁলোকে ব্যক্তিগত আইন গ্ৰহণ কৰিব লাগিব। 
 
সেইবাবেই আমি সজাগতাৰ ওপৰত গুৰুত্ব দিওঁ, যাতে মহিলাসকলে নিজৰ অধিকাৰৰ বিষয়ে জানে।"-মহিলাগৰাকীয়ে কয়। ডাঃ মুমতাছে কয় যে, পৰিয়ালৰ পুৰুষজনৰ মৃত্যু হ’লে মহিলাসকলে প্ৰায়ে সমস্যাৰ সন্মুখীন হয়। আপোনাৰ পিতৃ বা স্বামীৰ মৃত্যু হ’লে এগৰাকী মহিলাই সম্পত্তিৰ অংশ অতি কমেইহে পায়। সাধাৰণতে পিতৃৰ ভায়েক বা স্বামীৰ ভায়েকে সম্পত্তিৰ নিয়ন্ত্ৰণ লয়। মহিলাগৰাকীয়ে অসহায় হৈ চাইহে থাকিব পাৰে। কেতিয়াবা তেওঁক আনকি পৰিয়ালটোৰ কোনোবা এজনৰ সৈতে আকৌ বিয়া হ'বলৈও কোৱা হয়।"
 
এক ৰাজহুৱা অনুষ্ঠানত কাদীজা মুমতাছ
 
তেওঁৰ মতে, কেৰালাত তিনি তালাক আৰু বহুবিবাহ কোনো ডাঙৰ সমস্যা নহয়। মূল বিষয়টো হৈছে উত্তৰাধিকাৰ আইন। এই আইনখন কেৱল সংসদেহে সলনি কৰিব পাৰে। আজি মুছলমান মহিলাই শিক্ষা লাভ কৰি টকা উপাৰ্জন কৰিছে। কিন্তু তথাপিও তেওঁলোকৰ সম্পত্তিৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ নাই।
 
কোনোবাই ইছলাম ত্যাগ কৰিলেও ব্যক্তিগত আইনে তেওঁলোকৰ সম্পত্তিৰ অধিকাৰ নিয়ন্ত্ৰণ কৰে। তেওঁ কয়, “আমাৰ সম্পত্তিৰ অধিকাৰ, কিনা বা বিক্ৰীৰ অধিকাৰ এতিয়াও আইনৰ দ্বাৰা বান্ধ খাই আছে, আমি ইছলাম অনুসৰণ কৰোঁ বা নকৰোঁ।”
 
ডাঃ মুমতাছৰ মতে সমস্যাটো হ’ল যে FORGENত কাম কৰা লোকসকলক মুছলমান বিৰোধী বুলি ব্ৰেণ্ড কৰা হয়। ‘আমি মহিলাসকলক তেওঁলোকৰ অধিকাৰ বিচাৰি কোৰানৰ বিৰুদ্ধে যোৱা নাই বুলি পতিয়ন নিয়াব লাগিব। বহু মহিলাই তেওঁলোকৰ কি অধিকাৰ আছে তাকো নাজানে।’- তেওঁ এইদৰে কয়।
 
তেওঁৰ উপন্যাস 'বৰছা' আৰু সক্ৰিয়তাই সতৰ্কবাণীৰো সূচনা কৰিছে। একাংশ লোকে কয় যে তেওঁৰ অৱস্থা বাংলাদেশী লেখিকা তছলিমা নাছৰিনৰ দৰে হ’ব। কিন্তু মুমতাছে এতিয়ালৈকে এইধৰণৰ কোনো সমস্যাৰ সন্মুখীন হোৱা নাই।
 
কদীজা মুমতাছে কথা কয় থকা এক দৃশ্য
 
ইছলামোফ’বিয়াৰ বিৰুদ্ধে যুঁজ দিয়াতো তেওঁ অত্যন্ত সক্ৰিয়, যিটো বৰ্তমান চৰকাৰৰ সমৰ্থনত বৃদ্ধি পাইছে বুলি মুমতাছে অনুভৱ কৰে। হিন্দু আৰু খ্ৰীষ্টানৰ সাংস্কৃতিক গোটৰ সৈতে কাম কৰি 'দেশিয়া মানবিকা বেদী'ৰ অধীনত চাৰিখন জিলাত চুফী সংগীত অনুষ্ঠানৰ আয়োজন কৰে। তেনে এটা অনুষ্ঠানত তেওঁ কয়- “ইছলামোফ’বিয়াৰ বিষবাষ্প বতাহত বিয়পি পৰিছে। আমি ইয়াৰ কাৰণ বুজিব লাগিব আৰু ইয়াৰ সমাধান বিচাৰিব লাগিব।”
 
সামাজিক কাম-কাজৰ সৈতে ব্যস্ত হৈ থকাৰ সময়তে 'বৰছা' (Barsa) আৰু 'নীটীজুথুগাল' (Neettiezhuthugal)ৰ দৰে উপন্যাসৰ কাল্পনিক চৰিত্ৰবোৰে তেওঁৰ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষা কৰি আছে। "মই এতিয়া দীঘলীয়া উপন্যাস লিখিব নোৱাৰো, কাৰণ মই বাস্তৱ বিষয়ৰ লগত গভীৰভাৱে জড়িত হৈ আছো। গতিকে, মই চুটিগল্প, ৰচনা, আৰু প্ৰবন্ধ লিখোঁ, কিয়নো এইবোৰ সৃষ্টি মোৰ মনত স্বাভাৱিকতে আহে।’- তেওঁ কয়।
 
মুমতাছে লগতে কয় যে তেওঁৰ সামাজিক কাম-কাজত স্বামীয়ে তেওঁক যথেষ্ট সমৰ্থন কৰে। কিন্তু তেওঁ নিজকে এগৰাকী সামাজিক পৰিৱৰ্তনকাৰী (change-maker) বুলি ক'ব বিচৰা নাই। তেওঁ কয়, “এজন সামাজিক ব্যক্তি হিচাপে মানুহে যিখিনি কৰিব লাগে তাকেই কৰি আছো।"
 
তেওঁৰ বঁটা বিজয়ী উপন্যাস বৰছা (The one without the veil)ৰ কাহিনীভাগ আছিল ছৌদি আৰৱৰ, য’ত ডাঃ মুমতাছে সাত বছৰ কাম কৰিছিল। এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ, ইছলাম ধৰ্ম গ্ৰহণ কৰা এগৰাকী হিন্দু মহিলা, তেওঁৰ মুছলমান স্বামী আৰু এজন চকু বিশেষজ্ঞৰ কাহিনীক লৈ উপন্যাসখন ৰচনা কৰা হৈছে। উপন্যাসখনত ইছলামিক কিন্তু বিদেশী ভূমিত প্ৰব্ৰজনকাৰী হিচাপে তেওঁলোকৰ সংগ্ৰাম দেখুওৱা হৈছে।
 
মুমতাছে কয় যে, নবীয়ে প্ৰচাৰ কৰা দেশ ছৌদি আৰৱত মহিলাৰ ওপৰত হোৱা অত্যাচাৰত তেওঁ স্তম্ভিত হৈছিল। তেওঁ এই সিদ্ধান্তত উপনীত হয় যে তাত ধৰ্ম পালনৰ ধৰণ ভাৰতৰ তুলনাত বহুত পৃথক।