মুছলমান মহিলাৰ সম্পত্তিৰ অধিকাৰ সাব্যস্ত নহ'লে আত্মহত্যা কৰাৰ ভাবুকি দিয়া ভি পি চুহাৰা

Story by  atv | Posted by  Munni Begum • 22 h ago
ভি পি চুহাৰা
ভি পি চুহাৰা
 
শ্ৰীলাথা মেনন/ থ্ৰিছুৰ
 
মহিলাসকলৰ অধিকাৰ ৰক্ষাৰ যুঁজত এক শক্তিশালী কণ্ঠস্বৰ হৈছে কেৰালাৰ ভিপি চুহাৰা। সাহসী মহিলাগৰাকীয়ে শেহতীয়াকৈ দিল্লীৰ যন্তৰ মন্তৰত দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল। 
 
তেওঁৰ দাবী স্পষ্ট আছিল: ১৮৩৭ চনৰ শ্বৰিয়ত আবেদন আইনখন সংশোধন কৰি উত্তৰাধিকাৰ আৰু উত্তৰাধিকাৰৰ বিষয়ত মুছলমান মহিলাক আঘাত দিয়া অন্যায়মূলক নিয়মসমূহ আঁতৰাই পেলোৱা।
 
প্ৰতিবাদৰ সময়ত চুহাৰাই আনকি সকীয়াই দিছিল যে, “এই বিষয়ত কোনো সিদ্ধান্ত নল’লে মই নিজকে হত্যা কৰিম।” তেওঁৰ প্ৰতিবাদে কেৰালাত ব্যাপক চৰ্চা লাভ কৰে আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। কেৰেলাৰ বিজেপিৰ সাংসদ সুৰেশ গোপীয়ে চুহাৰাৰ বিষয়টো সংসদত  উত্থাপন কৰাৰ আশ্বাস দিছে।
 
ভি পি চুহাৰা
 
চুহাৰাই যুঁজি থকা গোচৰটো এতিয়া উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ আছে যদিও আইনী প্ৰক্ৰিয়াটো বছৰ বছৰ ধৰি লেহেমীয়া হৈ আছে। এই দীঘলীয়া অপেক্ষাই তেওঁৰ দৰে সমাজকৰ্মীসকলৰ ধৈৰ্য্যৰ পৰীক্ষা কৰিছে।
 
চুহাৰাই কয়, “যিহেতু আমাৰ জীৱন ধৰ্মৰ লগত বান্ধ খাই আছে, সেয়েহে বহু মুছলমান মহিলাই নিজৰ যন্ত্ৰণাদায়ক অভিজ্ঞতাক ভাগ্য হিচাপে গ্ৰহণ কৰে— যিটো আমাৰ সকলোৰে লগত ঘটে।” লক্ষ্যত উপনীত নোহোৱাকৈ দিল্লীৰ পৰা উভতি আহিছিল যদিও তেওঁ নিৰুৎসাহিত হোৱা নাই। 
 
"মই ভালদৰে জানো যে মোৰ দৰে মহিলা কৰ্মীসকলৰ কথা শুনি ৰাজনৈতিক দলসমূহে ধৰ্মগুৰুসকলক অসন্তুষ্ট নকৰে। কিন্তু মই হাৰ নামানো।"-তেওঁ দৃঢ়তাৰে কয়।
 
সমাজকৰ্মী হিচাপে জীৱনৰ প্ৰথম দিনবোৰৰ কথা মনত পেলাই চুহাৰাই কয় যে আশীৰ দশকৰ শেষৰ ফালে তেওঁ আৰু তেওঁৰ সতীৰ্থ প্ৰচাৰকসকলে ঘৰলৈ গৈ গৈ মহিলাসকলৰ সৈতে কথা পাতিছিল আৰু সজাগতা বিয়পাইছিল। 
 
কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে ভি পি চুহাৰা
 
"সেইবোৰ কেৰালাৰ নাৰীবাদী আন্দোলনৰ দিন আছিল। আমি উপলব্ধি কৰিছিলো যে আমি সকলোৱে নাৰীৰ বিৰুদ্ধে থকা আইনৰ বাবেই কষ্ট পাইছো। আমি এই বিষয়সমূহৰ ওপৰত মাত মাতিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা অধিক সংখ্যক মহিলাই নিজৰ সমস্যাসমূহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। মই ক’ব পাৰো যে মহিলাসকলৰ বাবে মুকলি হ’ব পৰা পৰিৱেশ সৃষ্টি কৰাত সহায় কৰাসকলৰ ভিতৰত মইও আছিলো।"-চুহাৰাই গৌৰৱেৰে কয়। 
 
চুহাৰাৰ মতে নতুন প্ৰজন্মৰ মহিলাসকল নিজৰ অধিকাৰৰ প্ৰতি অধিক সচেতন। তেওঁ অনুভৱ কৰে যে ছ’চিয়েল মিডিয়া আৰু কেৰালাৰ কুডুম্বশ্ৰী আত্মসহায়ক গোটসমূহে মহিলাসকলক উপাৰ্জন কৰাত সহায় কৰে আৰু মহিলাসকলৰ সবলীকৰণত ডাঙৰ ভূমিকা পালন কৰিছে।
 
“মই বহুতৰ মাজৰ এজন মাত্ৰ যিয়ে আন কোনোৱে সাহস নকৰাৰ সময়ত মাত মাতি পৰিৱৰ্তনৰ দাবী জনোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলো। সেইবাবেই আমি NISA নামৰ এটা সংগঠন গঠন কৰিলোঁ। কোৰান চুন্না ছ’চাইটিৰ লগতে আমি ব্যক্তিগত আইনত উত্তৰাধিকাৰ আইনক প্ৰত্যাহ্বান জনাবলৈ আদালতলৈ গৈছিলো যিবোৰ মহিলাৰ প্ৰতি অন্যায়।"- তেওঁ এইদৰে ব্যাখ্যা কৰে।
 
ভি পি চুহাৰা
 
কেৰালা উচ্চ ন্যায়ালয়ত তেওঁলোকৰ আবেদন সফল নহ’ল কাৰণ চৰকাৰে সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰিছিল। গতিকে, তেওঁলোকে উচ্চতম ন্যায়ালয়লৈ দাৰস্থ হ'বলগীয়া হ’ল, য’ত গোচৰটো এতিয়াও সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে। চুহাৰাই হতাশাৰে কয়, “মুখ্যমন্ত্ৰীয়ে আনকি আদালতক ক’লে যে তেওঁ মুছলমান নেতাৰ সৈতে কথা পাতিছে, আৰু তেওঁলোকে ব্যক্তিগত আইনত একো ভুল দেখা পোৱা নাই।”
 
তেওঁৰ মতে, ৰাজনৈতিক দলসমূহে কেতিয়াও ধৰ্মীয় সংগঠনৰ মুকলি বিৰোধিতা নকৰে, সেয়া মুছলমানে হওক বা আন কোনো ধৰ্মৰে হওক। তেওঁ ইয়াক ৰাজনীতিৰ দুখজনক বাস্তৱ বুলি কয়। চুহাৰাই দৃঢ়ভাৱে অনুভৱ কৰে যে ইউনিফৰ্ম চিভিল কোড বা ট্ৰিপল তালাক বিল মুছলমান মহিলাৰ বাবে প্ৰকৃত সমাধান নহয়। “আমি এইবোৰ নিবিচাৰো” তেওঁ কয়। তেওঁৰ মতে, ট্ৰিপল তালাক বিলখনে স্বামীক জেললৈ পঠিয়াই এজন অপৰাধীহে কৰি তুলিছে।
 
“যদি তেনেকুৱা হয়, তেন্তে বিবাহ বিচ্ছেদ হোৱা পত্নীয়েও ভৰণ-পোষণৰ অধিকাৰ হেৰুৱাই পেলায়। তাৰ পিছত কেৱল কিছু আৰ্থিক সাহায্য লাভ কৰিবলৈ স্বামীৰ বিৰুদ্ধে গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। এই আইনসমূহে মুছলমান মহিলাৰ প্ৰকৃত প্ৰয়োজনীয়তাক সাঙুৰি লোৱা নাই।"-চুহাৰাই এইদৰে কয়।
 
ভি পি চুহাৰা
 
শেহতীয়াকৈ তেওঁ আৰম্ভ কৰা 'ফ’ৰাম ফৰ জেণ্ডাৰ জাষ্টিছ ফৰ মুছলিম উইমেন' নামৰ সংস্থাটোৱে আভ্যন্তৰীণ মতানৈক্যৰ বাবেই বিচ্ছিন্ন হৈ পৰিল। “মই এতিয়া অকলশৰীয়া। মই অকলশৰীয়া যুদ্ধ এখন যুঁজি আছো”- এইদৰে স্বীকাৰ কৰে যদিও তেওঁ সবিশেষ ক’ব নিবিচাৰে।
 
চুহাৰাৰ বাবে যুঁজখন এটা স্পষ্ট বিষয়ৰ ওপৰত, সেয়া হৈছে--মুছলমান মহিলাৰ উত্তৰাধিকাৰৰ উচিত অংশ। “এতিয়া মানুহ এজনৰ মৃত্যু হ’লে তেওঁৰ বিধৱা পত্নীয়ে স্বামীৰ সম্পত্তিৰ আধাহে পায়। অভিভাৱকে সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ উইল এখনো লিখিব নোৱাৰে৷ আমাৰ সম্পত্তিৰ এক তৃতীয়াংশহে আমাৰ ল’ৰা-ছোৱালীৰ হাতলৈ যায়, বাকীখিনি শ্বৰীয়ত আইন অনুসৰি পুৰুষ আত্মীয়ক বিতৰণ কৰা হয়। এইটো কেনেকৈ ন্যায্য?” তেওঁ প্ৰশ্ন কৰে।
 
এই সকলো সংগ্ৰামৰ মাজতো চুহাৰাই হাৰ মানিবলৈ অস্বীকাৰ কৰে। তেওঁ দৃঢ়তাৰে কয়, "যেতিয়ালৈকে আদালতে উত্তৰাধিকাৰ আইন সলনি নকৰে আৰু সংসদে ভাৰতীয় মুছলমান মহিলাৰ সপক্ষে সংশোধন নকৰে, তেতিয়ালৈকে মোৰ যুঁজ শেষ নহয়।"